ষ্টেট বেংকত ওলাইছে চাকৰিঃ কেতিয়ালৈকে কৰিব পাৰিব আবেদন, চাওক সবিশেষ…

বিশেষ কেডাৰ অফিচাৰৰ শতাধিক পদৰ বাবে নিযুক্তি জাননি জাৰি কৰিছে ষ্টেট বেংকে। ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীয়ে SBI ৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত এছ বি আইত মুঠ ১৬৯টা সহকাৰী প্ৰবন্ধকৰ পদ পূৰণ কৰা হ’ব।

ষ্টেট বেংকত ওলাইছে চাকৰিঃ কেতিয়ালৈকে কৰিব পাৰিব আবেদন, চাওক সবিশেষ…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

24 Nov 2024 20:14 PM

ভাৰতীয় ষ্টেট বেংকত ওলাইছে চাকৰি। বিশেষ কেডাৰ অফিচাৰৰ শতাধিক পদৰ বাবে নিযুক্তি জাননি জাৰি কৰিছে ষ্টেট বেংকে। ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীয়ে SBI ৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত এছ বি আইত মুঠ ১৬৯টা সহকাৰী প্ৰবন্ধকৰ পদ পূৰণ কৰা হ’ব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া ২২ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ১২ ডিচেম্বৰত আবেদন প্ৰক্ৰিয়া অন্ত পৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত সহকাৰী প্ৰবন্ধক (অভিযন্তা-চিভিল) পদৰ বাবে ৪৩টা, সহকাৰী প্ৰবন্ধক (অভিযন্তা-বৈদ্যুতিক) পদৰ বাবে ২৫টা আৰু সহকাৰী প্ৰবন্ধক (ইঞ্জিনিয়াৰ-অগ্নিনিৰ্বাপক)ৰ বাবে ১০১টা পদ মুকলি কৰা হৈছে। সহকাৰী প্ৰবন্ধক (অভিযন্তা–চিভিল) পদত আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা কমেও ৬০% নম্বৰ লৈ চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীৰ লগতে আৰু সংশ্লিষ্ট ক্ষেত্ৰত ২ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী প্ৰবন্ধক (অভিযন্তা-বৈদ্যুতিক) পদত আৱেদন কৰিবলৈ হ’লে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা কমেও ৬০% নম্বৰ লৈ বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে সংশ্লিষ্ট ক্ষেত্ৰত ২ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। সহকাৰী প্ৰবন্ধক (ইঞ্জিনিয়াৰ-অগ্নিনিৰ্বাপক) পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে নাগপুৰৰ ৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক বাহিনীৰ সেৱা মহাবিদ্যালয় (এন এফ এছ চি)ৰ পৰা বি.ই. (অগ্নি) বা বি.ই./বি.টেক (নিৰাপত্তা আৰু অগ্নিনিৰ্বাপক অভিযান্ত্ৰিক) বা বি.ই./বি.টেক (অগ্নিনিৰ্বাপক প্ৰযুক্তি আৰু সুৰক্ষা অভিযান্ত্ৰিক) বা ইউজিচি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/এআইচিটিই অনুমোদিত প্ৰতিষ্ঠানৰ পৰা অগ্নিনিৰ্বাপক বিজ্ঞানত সমতুল্য ৪ বছৰৰ ডিগ্ৰী থাকিব লাগিব।

অন্যথা চিটি অগ্নিনিৰ্বাপক বাহিনী/ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীত ষ্টেচন বিষয়া বা সমতুল্য পদত অধিষ্ঠিত হোৱা। কৰ্পৰেট/বৃহৎ ঔদ্যোগিক কমপ্লেক্সত ইনচাৰ্জ ফায়াৰ অফিচাৰ বা ৰাজ্য চৰকাৰী প্ৰতিষ্ঠান/পিএছইউত অগ্নিনিৰ্বাপক বিষয়া হিচাপে কাম কৰাৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

এই পদসমূহৰ বাবে অনলাইন লিখিত পৰীক্ষা আৰু মৌখিক ইণ্টাৰভিউ অনুষ্ঠিত হ’ব। এই পদসমূহৰ বাবে অনলাইন লিখিত পৰীক্ষা অহা বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত ঢ়োৱাৰ সম্ভাৱনা আছে। পৰীক্ষাৰ এডমিট কাৰ্ড বেংকৰ ৱেবছাইটত আপলোড কৰাৰ লগতে এছএমএছ আৰু ইমেইলৰ জৰিয়তেও পৰীক্ষাৰ্থীসকলক অৱগত কৰা হ’ব। এই পৰীক্ষাত সাধাৰণ যোগ্যতা পৰীক্ষা আৰু পেছাদাৰী জ্ঞানৰ দুখন কাকত থাকিব।

সাধাৰণ যোগ্যতা পৰীক্ষা ৯০ মিনিট আৰু পেছাদাৰী জ্ঞান পৰীক্ষা ৪৫ মিনিটৰ হ’ব। অৱশ্যে পৰীক্ষাত ঋণাত্মক নম্বৰ নাথাকে। এই পদসমূহৰ বাবে আৱেদন কৰিবলৈ জেনেৰেল/ইডব্লিউএছ/অ’বিচি প্ৰাৰ্থীসকলে ৭৫০টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি/জনজাতি/পিডব্লিউবিডি প্ৰাৰ্থীয়ে দিব নালাগে মাচুল।

ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ড/ইণ্টাৰনেট বেংকিং আদি ব্যৱহাৰ কৰি প্ৰাৰ্থীসকলে এই আবেদন মাচুল পৰিশোধ কৰিব পাৰিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে SBI ৰ অফিচিয়েল ৱেবছাইট sbi.co.inত চাব পাৰিব।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?