SBIত ওলাইছে চাকৰিঃ কিমান আছে পদ, কেতিয়ালৈকে কৰিব পাৰিব আবেদন; চাওক সকলো

বেংকৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ষ্টেট বেংকে আনিছে এক সুখবৰ। বিশেষ কেডাৰ বিষয়া পদত নিযুক্তিৰ বাবে ভাৰতীয় ষ্টেট বেংকে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কিমান পদত নিযুক্তি দিয়া হ’ব, কেতিয়ালৈকে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব তথা আন প্ৰয়োজনীয় তথ্যসমূহ চাওঁ আহক।

SBIত ওলাইছে চাকৰিঃ কিমান আছে পদ, কেতিয়ালৈকে কৰিব পাৰিব আবেদন; চাওক সকলো

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

30 Nov 2024 14:57 PM

ষ্টেট বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। বেংকৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ষ্টেট বেংকে আনিছে এই সুখবৰ। বিশেষ কেডাৰ বিষয়া পদত নিযুক্তিৰ বাবে ভাৰতীয় ষ্টেট বেংকে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। ইতিমধ্যে যোৱা ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৭ ডিচেম্বৰৰ ভিতৰত বেংকৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কিমান পদত নিযুক্তি দিয়া হ’ব, কেতিয়ালৈকে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব তথা আন প্ৰয়োজনীয় তথ্যসমূহ চাওঁ আহক।

বেংকে প্ৰকাশ কৰা জাননী অনুসৰি সৰ্বমুঠ ২৫ টা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। বেংকৰ পৰা মুৰব্বী (উৎপাদন, বিনিয়োগ আৰু গৱেষণা)ৰ এটা পদ, মণ্ডল মুৰব্বী্ৰ ৪টা, আঞ্চলিক মুৰব্বীৰ ১০টা, ৰিলেচনশ্বিপ মেনেজাৰ- টিম লিডৰ ৯টা আৰু কেন্দ্ৰীয় গৱেষণা দল (প্ৰডাক্ট লিড)ৰ ১টা পদ মুকলি কৰা হৈছে।

মুৰব্বী (উৎপাদন, বিনিয়োগ আৰু গৱেষণা) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। কেন্দ্ৰীয় গৱেষণা দল (প্ৰডাক্ট লিড)ৰ বাবে আবেদনকাৰীয়ে CA/CFA ৰ পৰা অৰ্থনীতি/বাণিজ্য/বিত্ত/একাউণ্টিং/ব্যৱসায় ব্যৱস্থাপনা/পৰিসংখ্যা/ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব লাগিব, আনহাতে অন্যান্য পদৰ বাবে প্ৰাৰ্থীৰ স্নাতক ডিগ্ৰী থাকিব লাগিব।

এই পদসমূহৰ বাবে আবেদনৰ সময়ত জেনেৰেল/ই ডব্লিউ এছ/অ বি চি প্ৰাৰ্থীসকলে ৭৫০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে SC/ST/PWBD শ্ৰেণীৰ আবেদনকাৰীলে আবেদনৰ বাবে মাচুল পৰিশোধ কৰিব নালাগে। প্ৰাৰ্থীসকলে ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ড/ইণ্টাৰনেট বেংকিং আদিৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰিব পাৰিব।

চাওঁ আহক এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিবঃ

বেংকৰ অফিচিয়েল ৱেবছাইট sbi.co.in লৈ যাওক।

হোম পেজত দিয়া কেৰিয়াৰ টেবত ক্লিক কৰক।

এতিয়া SBI SCO Recruitment 2024 notification ৰ লিংকত ক্লিক কৰক।

অধিসূচনা পঢ়ি আবেদন পত্ৰ পূৰণ কৰক।

নথি-পত্ৰ আপলোড কৰি মাচুল পৰিশোধ কৰাৰ পিছত জমা দিব।

আবেদনকাৰীক সাক্ষাৎকাৰ আৰু CTEৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। এই সাক্ষাৎকাৰ ১০০ নম্বৰৰ হ’ব। সাক্ষাৎকাৰত পোৱা নম্বৰৰ ভিত্তিত মেধাৰ জৰিয়তে চূড়ান্ত বাছনি কৰা হ’ব। এই নিযুক্তিৰ সৈতে জড়িত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে বেংকে জাৰি কৰা চৰকাৰী নিযুক্তি বিজ্ঞাপন চাব পাৰে। এই নিযুক্তি বিজ্ঞাপনৰ বাবে এই লিংকত ক্লিক কৰক

একেলগে মিহলাই খাওক গাখীৰ আৰু ইলাচি, শীতকালত মহৌষধিৰ দৰে কৰিব কাম…
দেখিছে নেকি এনে সপোন? যদি দেখিছে দূৰ হ’ব আৰ্থিক সমস্যা, সমৃদ্ধিশালী হৈ পৰিব জীৱন
ভগৱান শনিক সন্তুষ্ট কৰিবলৈ কিয় তেলৰ চাকি জ্বলাব লাগে?
শীঘ্ৰেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ তম কিস্তি, এইদৰে কৰক মোবাইল নম্বৰ আপডেট