শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SSC GD পদৰ বাবে আবেদন কৰিছিল নে? এইদৰে পৰীক্ষা কৰক চিটি শ্লিপ….

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ SSC GD কনিষ্টবল পদৰ বাবে শীঘ্ৰেই চিটি শ্লিপ মুকলি কৰিব। SSC- এ ইতিমধ্যে নিজৰ অফিচিয়েল ৱেবচাইটত এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। প্ৰাৰ্থীসকলে কিদৰে এই চিটি শ্লিপ পৰীক্ষা কৰিব পাৰিব, চাওক।

SSC GD পদৰ বাবে আবেদন কৰিছিল নে? এইদৰে পৰীক্ষা কৰক চিটি শ্লিপ….
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 26 Jan 2025 19:16 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ প্ৰতি বৰ্ষতে মুকলি কৰে বৃ্হৎ নিযুক্তি প্ৰক্ৰিয়া। বিভিন্ন বিষয়া পদৰ লগতে জেনেৰেল ডিউটি (GD) কনিষ্টবল নিযুক্তিৰ বাবেও বহু পদ মুকলি কৰে SSC- এ। এইবাৰো SSC- এ দেশে যুৱক-যুৱতীসকলৰ বাবে বহু পদত নিযুক্তিৰ সুযোগ আনিছে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ত কনিষ্টবল (জি ডি), এছ এছ এফত কনিষ্টবল (জি ডি), অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত কনিষ্টবলৰ নিযুক্তিৰ বাবে শীঘ্ৰেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব।

এই পদসমূহৰ বাবে শীঘ্ৰেই চিটি শ্লিপ মুকলি কৰিব। SSC- এ ইতিমধ্যে নিজৰ অফিচিয়েল ৱেবচাইটত এখন জাননী জাৰি কৰিছে। এই জাননীখনত উল্লেখ কৰা মতে পৰীক্ষাৰ্থীসকলে নিজ নিজ পৰীক্ষাৰ শ্বিফট আৰম্ভ হোৱাৰ ১০ দিন পূৰ্বে চিটি শ্লিপখন অফিচিয়েল ৱেবছাইট ssc.gov.in ত ডাউনলো কৰিব পাৰিব। প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি চিটি শ্লিপ পৰীক্ষা কৰিব পাৰিব-

প্ৰথমে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in লৈ যাওক।

তাৰ পিছত হোমপেজত থকা ‘SSC GD Exam City Slip 2025 Download Link’ ত ক্লিক কৰক।

ইয়াৰ পিছত প্ৰয়োজনীয় সকলো তথ্য যেনে পঞ্জীয়ন নম্বৰ আৰু পাছৱৰ্ড পূৰ কৰক।

এতিয়া কেপচা ক’ড পূৰ কৰি চাবমিট কৰক।

ইয়াৰ পিছত আপোনাৰ স্ক্ৰীণত চিটি শ্লিপ দেখা পাব।

এই চিটি স্লিপৰ সহায়ত পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ চহৰৰ বিষয়ে তথ্য লাভ কৰিব। মনত ৰাখিব, চিটি শ্লিপত কেৱল পৰীক্ষা কেন্দ্ৰ থকা চহৰৰ তথ্যহে দিয়া হৈছে। অৰ্থাৎ এই চিটি শ্লিপ এডমিট কাৰ্ড নহয়। পৰীক্ষাৰ বাবে এডমিট কাৰ্ড পিছতহে প্ৰদান কৰা হ’ব। উল্লেখ্য যে অহা ৪, ৫, ৬, ৭, ১০, ১১, ১২, ১৩, ১৭, ১৮, ১৯, ২০, ২১ আৰু ২৫ ফেব্ৰুৱাৰীত SSC GD কনিষ্টবলৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

এই পৰীক্ষা ইংৰাজী, হিন্দী আৰু ১৩টা আঞ্চলিক ভাষাত কম্পিউটাৰ বেছড মোডত অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে এই পৰীক্ষাত প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ ঋণাত্মক নম্বৰ হিচাপে কৰ্তন কৰা হ’ব। এই SSC GD পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে দুখন পাছপ’ৰ্ট আকাৰৰ ৰঙীন ফটো, চৰকাৰী পৰিচয় পত্ৰ লৈ যোৱাটো বাধ্যতামূলক। অন্যথা প্ৰাৰ্থীসকলে পৰীক্ষাত বহাত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে BSFত ১৫৬৫৪ টা পদ, CISFত ৭১৪৫টা পদ, CRPFত ১১৫৪১ টা পদ, SSFত ৮১৯টা পদ, ITBPত ৩০১৭ টা পদ, অসম ৰাইফলছত ১২৪৮ টা পদ, SSFত ৩৫টা পদ আৰু NCBত ২২টা পদত নিযুক্তি প্ৰদান কৰা হ’ব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাব পাৰে।