আজিৰ পৰা ৰাজ্যত আৰম্ভ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ, সামৰি ল’ব ১১ জিলাৰ ১৬,০৫৬খন বিদ্যালয়
Gunotsav 2025: আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৰাজ্যৰ ১১ খন জিলাৰ ১৬,০৫৬ বিদ্যালয়ত চলিব। ইয়াকে লৈ প্ৰতিখন বিদ্যালয়ে চলাইছে প্ৰস্তুতি।
আজিৰ পৰা ৰাজ্যত আৰম্ভ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৰাজ্যৰ ১১ জিলাৰ ১৬,০৫৬ বিদ্যালয়ত চলিব। ইয়াকে লৈ বিদ্যালয়সমূহত দেখা দিছে তৎপৰতা। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হ’ল- শ্ৰীভূমি, বৰপেটা, বজালী,কামৰূপ (গ্ৰাম্য) , কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচাৰ আৰু ওদালগুৰি জিলা। প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বাবে ইতিমধ্যে নিয়োগ কৰা হৈছে ৬,৩৬৫ গৰাকী বহিঃনিৰীক্ষক। প্ৰথম পৰ্যায়ৰ গুণোৎসৱে ১৪,১১,৮৭৪ শিক্ষাৰ্থীক সামৰি ল’ব।
উল্লেখ্য যে, তিনিটা পৰ্যায়ত ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ’ব। এই তিনি পৰ্যায়ত ৩৫ জিলাৰ ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক সামৰি ল’ব গুণোৎসৱ। তিনিটা পৰ্যায়ৰ বাবে মুঠ ১৭,৫৮৪ গৰাকী বহিঃ নিৰীক্ষক নিয়োগ কৰিছে বিভাগীয় কৰ্তৃপক্ষই । এই বহিঃ নিৰীক্ষকসকলৰ ভিতৰত আছে কলেজ শিক্ষকো। তথ্য অনুসৰি তিনিটা পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৪৪,০৯৪ খন বিদ্যালয়।
এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে সামাজিক মাধ্যমক লিখে যে- বিদ্যালয়ৰ গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ প্ৰয়াস গুণোৎসৱ ২০২৫ৰ আজি শুভাৰম্ভণিৰ দিন। ২০১৭ বর্ষৰ পৰা ৰূপায়ণ কৰা গুণোৎসৱৰ পঞ্চম ৰাউণ্ডৰ সফলতাৰ পিছত আজিৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পর্যায়ত ষষ্ঠ ৰাউণ্ড গুণোৎসৱ অনুষ্ঠিত হ’ব। এই কার্যসূচীৰ প্ৰথম পৰ্যায়ত ১১খন জিলাৰ ১৬,০৫৬খন বিদ্যালয়ক সামৰি লোৱা হৈছে। গুণোৎসৱ ২০২৫ৰ কার্যসূচী সফলতাৰে পৰিচালনাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি দায়িত্বসমূহ সম্পাদন কৰিবলৈ আহ্বান জনাইছোঁ। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰ গুণোৎসৱো সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হওক, এই কামনাৰে গুণোৎসৱ ২০২৫ৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Gunotsav 2025, themed “Ensuring Quality Education,” will take place from January 6-9 in 11 districts, covering 16,056 schools and 14,11,874 students with the support of 6,365 external evaluators.
Everyone’s cooperation and active participation are earnestly requested to ensure… pic.twitter.com/eL4mo2EylB
— Ranoj Pegu (@ranojpeguassam) January 6, 2025
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱ ৬ ফেব্ৰুৱাৰীলৈ চলিব। প্ৰতিটো পৰ্যায়ত ৪ দিনীয়াকৈ হ’বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন হ’ব আৰু পৰৱৰ্তী দিনকেইটাত হ’ব বহিঃ মূল্যায়ন। ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। এই পৰ্যায়ৰ গুণোৎসৱ হ’বলগীয়া ১৩ খন জিলা হ’ল- বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই , যোৰহাট, কামৰূপ(ম), শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়া। আনহাতে ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱে মুঠ ১১ খন জিলাক সামৰি ল’ব। জিলা কেইখন- বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং ৷
পূৰ্বৰ দৰে এইবাৰো অ’ এম আৰ পদ্ধতিত অনুষ্ঠিত হ’ব গুণোৎসৱ। অৱশ্যে প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে শিক্ষাৰ্থীক প্ৰদান কৰা বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত অতিৰিক্ত নম্বৰ সংযোজিত হ’ব। বাকী নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰেই থাকিব।
উল্লেখ্য যে, ৰাজ্যত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে ২০১৭ চনৰ পৰা গুণোৎসৱ উদযাপন কৰি আহিছে। গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ বা শিক্ষাৰ মানদণ্ড উন্নতি কৰিবলৈ চলোৱা বিশেষ অভিযান। শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰায়েই গুণোৎসৱৰ উদ্দেশ্য।