5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সুখবৰঃ জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ত ওলাইছে চাকৰি, এইদৰে কৰক আবেদন…

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। বাক্সা জিলাস্থিত জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ত ওলাইছে চাকৰি। মুঠ ২০টা খালী পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে পঢ়ক এই লেখা।

সুখবৰঃ জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ত ওলাইছে চাকৰি, এইদৰে কৰক আবেদন…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 13 Dec 2024 22:10 PM

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। বাক্সা জিলাস্থিত জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ত ওলাইছে চাকৰি। মহাবিদ্যালয়খনত সহকাৰী অধ্যাপক আৰু লেবৰেটৰী এচিষ্টেণ্ট, লেবৰেটৰী বেয়েৰাৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ২০টা খালী পদত নিযুক্তি দিয়া হ’ব। প্ৰকাশ কৰা জাননী অনুসৰি গণিতৰ সহকাৰী অধ্যাপক, উদ্ভিদ বিজ্ঞানৰ সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক, ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপক, প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপকৰ তিনিটাকৈ মুঠ ১৫টা সহকাৰী অধ্যাপকৰ পদত নিযুক্তি দিয়া হ’ব।

আনহাতে লেবৰেটৰী এচিষ্টেণ্টৰ ১টা আৰু লেবৰেটৰীবেয়েৰাৰৰ ৪টা পদত নিযুক্তি প্ৰদান কৰা হ’ব। সহকাৰী অধ্যাপক পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বাছনি পদ্ধতি অসম চৰকাৰৰ নিৰ্দেশনা মতে কৰা হ’ব। আনহাতে লেবৰেটৰী এচিষ্টেণ্ট পদৰ বাবে প্ৰাৰ্থীগৰাকীৰ কলা/ বাণিজ্য / বিজ্ঞান যিকোনো শাখাত স্নাতক ডিগ্ৰীৰ লগতে কম্পিউটাৰ অপাৰেচনৰ ডিপ্লমা/চাৰ্টিফিকেট থাকিব লাগিব।

ইফালে অষ্টম শ্ৰেণীৰ শিক্ষাগত অৰ্হতা থকাসকলে লেবৰেটৰী বেয়েৰাৰ পদৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ০১/০১/২০২৪ তাৰিখলৈকে ৩৮ বছৰৰ অধিক হ’ব নালাগে। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ৫ বছৰ, অ’বিচিৰ আৰু এম অ’বিচিৰ বাবে ৩ বছৰ আৰু PWD প্ৰাৰ্থীৰ বাবে ১০ বছৰৰ বয়স ৰেহাই দিয়া হ’ব।

সহকাৰী অধ্যাপক পদৰ বাবে প্ৰাৰ্থীসকলে ডাইৰেক্টৰ অৱ হায়াৰ এডুকেচন, অসমৰ দ্বাৰা নিৰ্ধাৰিত ফৰ্মেটৰ আবেদন প্ৰত্ৰৰ লগতে সম্পূৰ্ণ বায়’ ডাটা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ স্ব-স্বাক্ষৰ কৰি প্ৰেৰণ কৰিব লাগিব। লগতে ১৫০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব।

লেবৰেটৰী এচিষ্টেণ্ট আৰু লেবৰেটৰী বেয়েৰাৰ পদৰ বাবে প্ৰাৰ্থীসকলে অসম গেজেট পাৰ্ট-IX ষ্টেণ্ডাৰ্ড ফৰ্মৰ আধাৰত আবেদন পত্ৰৰ লগতে সম্পূৰ্ণ বায়’-ডাটা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ স্ব-স্বাক্ষৰ কৰি প্ৰেৰণ কৰিব লাগিব। এই পদৰ বাবে ৩০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। এই আবেদন মাচুল জ্ঞানপীঠ ডিগ্ৰী কলেজ, নিকাশীৰ অধ্যক্ষৰ ICICI Bankৰ মুছলপুৰ শাখাত থকা একাউণ্ট নং ৩৮৬২০৫০০০৩৮৪লৈ প্ৰেৰণ কৰিব লাগিব।

এই পদসমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা ২২ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে এই লিংকত ক্লিক কৰক

Latest News