ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে লালকিল্লাৰ ভেটি স্থাপন কৰা হয়। মোগল সম্ৰাট শ্বাহজাহানে দিল্লীত এই ঐতিহাসিক দুৰ্গ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ২০০৭ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ এই দুৰ্গটোৱে ভাৰতীয় ইতিহাসত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
Published: 

29 Apr 2025 09:27 AM

১৬৩৯ চনৰ ২৯ এপ্ৰিলত লালকিল্লাৰ ভেটি স্থাপন কৰা হয়। মোগল সম্ৰাট শ্বাহজাহানে দিল্লীত এই ঐতিহাসিক দুৰ্গ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ২০০৭ চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া এই দুৰ্গটোৱে ভাৰতীয় ইতিহাসত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰা আজিলৈকে প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশক সম্বোধন কৰে।

২৯ এপ্ৰিলৰ দিনটো অন্যান্য ঐতিহাসিক ঘটনাৰ বাবেও ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৯৩ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ বাকিংহাম প্ৰাসাদ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হয়।

চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  • ১৬৬১ চনৰ আজিৰ দিনটোতে চীনৰ মিং বংশই টাইৱান দখল কৰে।
  • ১৮১৩ চনৰ আজিৰ দিনটোতে জে এফ হামেলে আমেৰিকাত ৰবৰৰ পেটেণ্ট লাভ কৰে।
  • ১৮৪৮ চনৰ আজিৰ দিনটোতে বিখ্যাত চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ জন্ম হয়।
  • ১৯০৩ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ ট্ৰেন্সভাল উচ্চ ন্যায়ালয়ত আইনী চৰ্চা আৰম্ভ কৰে আৰু তাতেই ব্ৰিটিছ ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা কৰে।
  • ১৯৩০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ মাজত টেলিফোন সেৱা আৰম্ভ হয়।
  • ১৯৩৯ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।
  • ২০০৫ চনৰ আজিৰ দিনটোতে ছিৰিয়াই লেবাননৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰে।
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক
ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...