শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ভাৰতৰ মোগল সাম্ৰাজ্যৰ ইতিহাসত ২৭ এপ্ৰিলৰ এক বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোতে মোগল শাসকৰ সৈতে জড়িত তিনিটা ডাঙৰ পৰিঘটনা ইতিহাসৰ পাতত লিপিবদ্ধ কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাও আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
ইতিহাসত আজিৰ দিনটো
manas-borah
Manas Borah | Updated On: 27 Apr 2025 10:05 AM

২৭ এপ্ৰিলৰ দিনটো বহু সৰু-বৰ ঘটনাৰ সাক্ষী হৈ আহিছে । ভাৰতৰ মোগল সাম্ৰাজ্যৰ ইতিহাসত ২৭ এপ্ৰিলৰ এক বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোতে মোগল শাসকৰ সৈতে জড়িত তিনিটা ডাঙৰ পৰিঘটনা ইতিহাসৰ পাতত লিপিবদ্ধ কৰা হৈছিল। ১৫২৬ চনৰ ২৭ এপ্ৰিলত বাবৰে দিল্লীৰ সিংহাসন দখল কৰে। ১৬০৬ চনত সম্ৰাট জাহাংগীৰে আজিৰ দিনটোতে বিদ্ৰোহ কৰা পুত্ৰ খুছৰোক গ্ৰেপ্তাৰ কৰে আৰু ১৭৪৮ চনৰ ২৭ এপ্ৰিলত মোগল সম্ৰাট মহম্মদ শ্বাহৰ মৃত্যু হয়।

ইতিহাস পাতত লিপিবদ্ধ আজি দিনটোৰ আন কেইটামান পৰিঘটনা চাওঁ আহক

  1. ১৫২৬ চনৰ আজিৰ দিনটোতে বাবৰ দিল্লীৰ চুলতান হয়।
  2. ১৬০৬ চনৰ আজিৰ দিনটোতে ৰাজকুমাৰ খুছৰোক সম্ৰাট জাহাংগীৰে গ্ৰেপ্তাৰ কৰে। ৬ এপ্ৰিলত খুছৰোৱে বিদ্ৰোহ ঘোষণা কৰিছিল।
  3. ১৬৬২ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ড আৰু ফ্ৰান্সে সামৰিক চুক্তি স্বাক্ষৰ কৰে।
  4. ১৭৪৮ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট মহম্মদ শ্বাহৰ মৃত্যু।
  5. ১৮৪৮ চনৰ আজিৰ দিনটোতে কলিকতা বিশ্ববিদ্যালয়ে প্ৰথমে মহিলাক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বাবে যোগ্যতা প্ৰদান কৰে।
  6. ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা, ব্ৰিটেইন আৰু ছোভিয়েট ইউনিয়নৰ সেনাই নাজী নেতা হিটলাৰৰ বাহিনীৰ বিৰুদ্ধে হাত মিলাইছিল।
  7. ১৯৬০ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰম্ভ হয়।
  8. ১৯৭২ চনৰ আজিৰ দিনটোতে মহাকাশযান ‘এপ’ল’ ১৬’ পৃথিৱীলৈ ঘূৰি আহে।