ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
আজিৰ দিনটো ঐতিহাসিক পৰিঘটনাৰ সাক্ষী। ২০০৩ চনত ইৰাকৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনৰ শাসনৰ অন্ত পৰে আৰু বাগদাদৰ ফিৰদাউছ চৌহদত তেওঁৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ কেইটামান পৰিঘটনা।

ইতিহাসৰ আজিৰ দিনটো
দেশৰ দুৰ্নীতি বিৰোধী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰখ্য়াত সমাজ কৰ্মী আন্না হাজাৰে ২০১১ চনত দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ অনশন কাৰ্যসূচী আয়োজন কৰিছিল। এই আন্দোলনৰ অন্ত পৰে ৯ এপ্ৰিলত। এই দুৰ্নীতি বিৰোধী অভিযানৰ পাছতে অৰবিন্দ কেজৰিৱাল বিশ্বৰ সন্মুখত এজন জনপ্ৰিয় নেতা হৈ পৰে।
একেদৰে আজিৰ দিনটো আন এক ঐতিহাসিক পৰিঘটনাৰ সাক্ষী। ২০০৩ চনত ইৰাকৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনৰ শাসনৰ অন্ত পৰে আৰু বাগদাদৰ ফিৰদাউছ চৌহদত তেওঁৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়।
আজি দিনটোৰ ইতিহাসৰ কেইটামান পৰিঘটনা চাওঁ আহক
- ১৬৬৯ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট ঔৰংজেবে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।
- ১৮৬০ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে মানুহৰ কণ্ঠ ৰেকৰ্ডিং কৰা হৈছিল।
- ১৯৬৫ চনৰ আজিৰ দিনটোতে কুচ্চৰ ৰাণত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই পানামাৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে।
- ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকান এয়াৰলাইন্সে আনুষ্ঠানিকভাৱে ট্ৰেন্স ৱৰ্ল্ড এয়াৰলাইন্সক অধিগ্ৰহণ কৰে আৰু সেই সময়ত বিশ্বৰ সৰ্ববৃহৎ বিমান সংস্থা হিচাপে পৰিগণিত হয়।
- ২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকত ছাদ্দাম হুছেইনৰ একনায়কত্ববাদৰ অন্ত পৰে।
- ২০১১ চনৰ আজিৰ দিনটোতে লোকপাল বিলৰ দাবী মানি লোৱাৰ পিছত আন্না হাজাৰে ৯৫ ঘণ্টীয়া দীঘলীয়া অনশন অন্ত পৰে।
- ২০২১ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ দ্বিতীয় ৰাণী এলিজাবেথৰ স্বামী ৰাজকুমাৰ ফিলিপৰ ৯৯ বছৰ বয়সত মৃত্যু হয়।