IIT মাদ্ৰাজত ক্ৰীড়া কোটাৰ জৰিয়তে B.Tech ত নামভৰ্তি কৰিবলৈ কি কৰিব লাগিব ?

আই আই টি মাদ্ৰাজত ক্ৰীড়া কোটাৰ পৰা B.Tech পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে সুবিধা লাভ কৰিছে দেশৰ ৫ জন খেলুৱৈয়ে। ইয়াৰে দুগৰাকী খেলুৱৈ দিল্লীৰ, এজন মহাৰাষ্ট্ৰৰ, এজন পশ্চিম বংগৰ আৰু এজন অন্ধ্ৰ প্ৰদেশৰ। আই আই টি মাদ্ৰাজৰ B.Tech পাঠ্যক্ৰমত ক্ৰীড়া কোটাৰ অধীনত কেনেকৈ আৰু কোন সকলক শিক্ষাৰ্থীক নামভৰ্তি কৰিবলৈ সুবিধা দিয়া হয় জানক।

IIT মাদ্ৰাজত ক্ৰীড়া কোটাৰ জৰিয়তে B.Tech ত নামভৰ্তি কৰিবলৈ কি কৰিব লাগিব ?

IIT মাদ্ৰাজ

Published: 

21 Jan 2025 14:59 PM

প্ৰথমবাৰৰ বাবে আই আই টি মাদ্ৰাজত ক্ৰীড়া কোটাৰ পৰা B.Tech পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে সুবিধা লাভ কৰিছে দেশৰ ৫ জন খেলুৱৈয়ে। ইয়াৰে দুগৰাকী খেলুৱৈ দিল্লীৰ, এজন মহাৰাষ্ট্ৰৰ, এজন পশ্চিম বংগৰ আৰু এজন অন্ধ্ৰ প্ৰদেশৰ। আই আই টি মাদ্ৰাজৰ B.Tech পাঠ্যক্ৰমত ক্ৰীড়া কোটাৰ অধীনত কেনেকৈ আৰু কোন সকলক শিক্ষাৰ্থীক নামভৰ্তি কৰিবলৈ সুবিধা দিয়া হয় জানক।

আই আই টি মাদ্ৰাজ একমাত্ৰ আই আই টি যিয়ে B.Tech পাঠ্যক্ৰমত ক্ৰীড়া কোটা লাভ কৰিছে। মুকলি কোটাৰ অধীনত দিল্লীৰ স্কোয়াছ খেলুৱৈ নন্দিনী জৈনে বি.টেক চি এছত নামভৰ্তি লাভ কৰে। এছিয়ান জুনিয়ৰ গেমছত দুবাৰকৈ দেশক প্ৰতিনিধিত্ব কৰিছে নন্দিনী জৈনে। দিল্লীৰ টেবুল টেনিছ খেলুৱৈ প্ৰভৱ গুপ্তাই বি.টেক আৰ্টিফিচিয়েল ইঞ্জিনিয়াৰিঙত নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে।

মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ভলীবল খেলুৱৈ আৰোহী ভাৱে বি এছ আৰু পশ্চিম বংগৰ সাঁতোৰ খেলুৱৈ আৰ্যমন মণ্ডলে বি.টেকত নামভৰ্তিৰ সুবিধা লাভ কৰিছে । একেদৰে অন্ধ্ৰ প্ৰদেশৰ লন টেনিছ খেলুৱৈ বংগলা বেদাবচন ৰেড্ডীয়ে ক্ৰীড়া কোটাৰ অধীনত বি.টেক আৰ্টিফিচিয়েল ইনটেলিজেন্সত নামভৰ্তি কৰিছে।

ক্ৰীড়া কোটাৰ জৰিয়তে কেনেকৈ B.Tech ত নামভৰ্তি কৰিব?

ক্ৰীড়া কোটাৰ অধীনত আই আই টি মাদ্ৰাজৰ বি টেক প্ৰগ্ৰেমত নামভৰ্তিৰ বাবে এজন খেলুৱৈয়ে JEE এডভান্স পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। লগতে JEEএ ডভান্সৰ সামগ্ৰিক ৰেংক তালিকা বা শিতান ৰেংক তালিকাত নাম থাকিব লাগিব আৰু ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰিব লাগিব। এন টি এৰ দ্বাৰা পৰিচালিত জে ই ই পৰীক্ষাৰ ভিত্তিত SEA শাখাৰ অধীনত নামভৰ্তি কৰা হয়। দুবছৰ পূৰ্বে প্ৰতিষ্ঠানটোত B.Tech পাঠ্যক্ৰমত ক্ৰীড়া কোটা আৰম্ভ হৈছিল।

নামভৰ্তিৰ মাপকাঠী কি কি?

ক্ৰীড়াত খেলুৱৈৰ প্ৰদৰ্শন আৰু জে ই ই এডভান্স পৰীক্ষাত পোৱা মুঠ নম্বৰৰ ওপৰত ভিত্তি কৰি এটা সুকীয়া ৰেংক প্ৰস্তুত কৰা হয় । যাৰ ভিত্তিত খেলুৱৈক ক্ৰীড়া কোটাৰ অধীনত বি.টেক পাঠ্যক্ৰমত নামভৰ্তি দিয়া হয়। এই কোটাৰ সৈতে জড়িত অধিক তথ্যৰ বাবে প্ৰতিষ্ঠানটোৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...