চাকৰি লাভৰ সুৱৰ্ণ সুযোগঃ দুই শতাধিক পদত হ’ব নিযুক্তি, এইদৰে কৰক আবেদন….
HPCL Recruitment 2025: নিযুক্তিৰ আশাত প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে HPCL- এ আনিছে সুৱৰ্ণ সুযোগ। মুঠ ২৩৪টা কনিষ্ঠ কাৰ্যবাহী বিষয়াৰ পদৰ বাবে HCPL- এ নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৪ ফেব্ৰুৱাৰীলকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।
হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড, চমুকৈ HCPLত ওলাইছে চাকৰি। নিযুক্তিৰ আশাত প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে HPCL- এ আনিছে সুৱৰ্ণ সুযোগ। মুঠ ২৩৪টা কনিষ্ঠ কাৰ্যবাহী বিষয়াৰ পদৰ বাবে HCPL- এ নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। ইতিমধ্যে যোৱা ১৫ জানুৱাৰীৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৪ ফেব্ৰুৱাৰীলকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। HCPLৰ অফিচিয়েল ৱেবছাইট hindustanpetroleum.com ত গৈ আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে।
এই নিযুক্তিৰ জৰিয়তে HPCL- এ যান্ত্ৰিক, বৈদ্যুতিক, ৰাসায়নিক বিভাগকে ধৰি বিভিন্ন বিভাগত কনিষ্ঠ কাৰ্যবাহী বিষয়া পদৰ বাবে প্ৰাৰ্থী নিযুক্তি দিব। কম্পিউটাৰ বেছড টেষ্ট (CBT), গ্ৰুপ ডিচকচন, স্কিল টেষ্ট, পাৰ্চনেল ইন্টাৰভিউ আদি পৰীক্ষাৰ কেইবাটাও পৰ্যায়ৰ পিছত যোগ্যতাৰ ভিত্তিত এই পদসমূহৰ বাবে প্ৰাৰ্থী বাছনি কৰা হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব, সেই বিষয়ে এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।
পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট শাখাত অভিযান্ত্ৰিক ডিগ্ৰী (B.E./B.Tech) লাভ কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থীসকলৰ সংশ্লিষ্ট ক্ষেত্ৰত অভিজ্ঞতা আৰু সম্যক জ্ঞান থাকিব লাগিব। এই পদসমূহত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ ৰেহাইৰ ব্যৱস্থা আছে।
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব পাৰিব-
- HPCL ৰ অফিচিয়েল ৱেবছাইট hindustanpetroleum.com চাওক।
- Careers section লৈ গৈ Recruitment Notification ত ক্লিক কৰক।
- আবেদন প্ৰ-পত্ৰত প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি নথি-পত্ৰ আপলোড কৰক।
- আবেদন মাচুল পৰিশোধ কৰক।
- আবেদন পত্ৰ জমা দিব আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে আবেদন পত্ৰ ডাউনলোড কৰি লওক।
জেনেৰেল আৰু অ’বিচি শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত এই পদসমূহৰ বাবে আবেদন মাচুল ৫৯০ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, দিব্যাং প্ৰাৰ্থীসকলে ৩৫৪ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে HCPLৰ অফিচিয়েল ৱেবছাইট hindustanpetroleum.com চাব পাৰে।