শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা, জানক কোন দিনা আছে কি বিষয়ৰ পৰীক্ষা…

HS 1st year exam:পৰীক্ষালৈ সাজু হ'বৰ হ'ল শিক্ষাৰ্থীসকলক। ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ঘোষণা কৰিছে দিন।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা, জানক কোন দিনা আছে কি বিষয়ৰ পৰীক্ষা…
Hs 1st Year Exam (1)Image Credit source: social media
barasha-sarma
Barasha Sarma | Published: 22 Jan 2025 10:07 AM

পৰীক্ষালৈ সাজু হ’বৰ হ’ল শিক্ষাৰ্থী। কিয়নো মাজত মাত্ৰ কেইটামান দিন। ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন। মাৰ্চ মাহত অনুষ্ঠিত হ’ব পৰীক্ষা।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে প্ৰকাশিত কৰা তথ্য অনুসৰি অহা ৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।  অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে জনাই যে শিক্ষাৰ্থীসকলে অনলাইনযোগে প্র-পত্র পূৰণ কৰিব লাগিব। এই প্ৰ-পত্ৰ পূৰণৰ দিন ২২ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰী। গতিকে এই সময়ৰ ভিতৰত শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব।

প্ৰকাশিত সময়সূচী অনুসৰি ৬ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা। ঠিক তেনেদৰে ৭ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ভোকেশ্যনেল পেপাৰ- ১ ৰ পৰীক্ষা, ৮ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ IT/ITeS** / Retail Trade** / Agriculture (Dairy Farmer** / Floriculturist*) / Health Care/ Private Security* / Tourism and Hospitality */ Beauty and Wellness/ Electronics and Hardware* / Automotive** / Banking and Finance** / Physical Education and Sports** / Apparel, Made-Ups and Home Furnishing।

 

Hs 1st Year Exam

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা

১১ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব মিউজিক গ্ৰুপ এ-ৰ পৰীক্ষা, ১২মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ পদাৰ্থ বিজ্ঞান, একাউন্টেন্সী আৰু ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা আছে। ১৩ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ স্বদেশ অধ্যয়ন আৰু দুপৰীয়া ১.৩০ ৰ পৰা ৪.৩০ বজালৈ মিউজিক গ্ৰুপ-চিৰ পৰীক্ষা। ১৭ মাৰ্চ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাসায়ন বিজ্ঞান, ফাইমেন্স আৰু ইতিহাসৰ পৰীক্ষা।

১৮ মাৰ্চৰ দুয়োটা বেলা পৰীক্ষা আছে। পুৱা ৯ বজাৰ পৰা পৰিৱেশ অধ্যয়ন আৰু দুপৰীয়া ১২.৩০ বজাৰ পৰা ষ্টেটেষ্টিকছ। ১৯ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা আছে বিহু আৰু দুপৰীয়া ১২.৩০ বজাৰ পৰা ইকনমিক জিঅগ্ৰাফী, এডভান্স সংস্কৃত, বায়টেকনলজি। ২০ মাৰ্চৰ পৰা ৯ বজাৰ পৰা আছে ভোকেশ্যনেল পেপাৰ-২ আৰু দুপৰীয়া ১২.৩০ বজাৰ পৰা আছে কমিউনিটি চাইন্স (হোম চাইন্স), বিজনেছ মেথামেটিকছ এণ্ড ষ্টেটেষ্টিকছ।

২১ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা আছে মাল্টি মিডিয়া আৰু ৱেব টেকনলজি, দুপৰীয়া ১২.৩০ ৰ পৰা আছে গণিত। ২২ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা আছে অৰ্থনীতি, দুপৰীয়া ১২.৩০ৰ পৰা আছে ইনছুৰেন্স, টাই ভাষা। ২৪ মাৰ্চ পুৱা ৯ বজাৰ পৰা কম্পিউটাৰ চাইন্স আৰু এপ্লিকেশ্যন, দুপৰীয়া ১২.৩০ বজাৰ পৰা এনথ্ৰপলজি, ছচিয়লজি। ২৫ মাৰ্চ বায়লজি, শিক্ষা আৰু বিজনেছ ষ্টাডিছ, দুপৰীয়া ১২.৩০ ৰ পৰা এডভান্স লেংগুৱেজ, আৰ্বী, পেৰেচিয়ান, সংস্কৃত।

২৬ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা এন্টাৰপ্ৰণাৰচিপ ডেভলপমেন্ট , দুপৰীয়া ১২.৩০ বজাৰ পৰা জিঅ’গ্ৰাফী, জুলোজী। ২৭ মাৰ্চ পুৱা ৯ বজাৰ পৰা তৰ্ক শাস্ত্ৰ, ছাইকলজি, দুপৰীয়া ১২,৩০ৰ পৰা মিউজিক গ্ৰুপ-বি। শেষৰ দিনা, ২৯ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, ঐচ্চিক ইংৰাজী আৰু দুপৰীয়া ১২.৩০ ৰ পৰা আছে ফাইন আৰ্ট, চেলছ মেনেজমেন্ট

Latest News