মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, প্ৰ-পত্ৰ পূৰণ সন্দৰ্ভত নতুন নিৰ্দেশনা পৰিষদৰ
২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰ- পত্ৰ পূৰণ সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননী জাৰি কৰিছে। জাননীত পৰিষদে প-পত্ৰ পূৰণৰ নতুন দিনৰ কথা উল্লেখ কৰে।
২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ খবৰ। কিয়নো শেহতীয়াকৈ এই পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ- পত্ৰ পূৰণৰ বাবে পৰিষদে পুনৰ প’ৰ্টেল মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাননীত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কয় যে, ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত পুনৰ পৰ্টেল খুলি দিয়া হ’ব।
এই সন্দৰ্ভত ২২ নৱেম্বৰ, শুকুৰবাৰে এই জাননী জাৰি কৰে পৰিষদে। জাননী পৰিষদে কৈছে যে প্ৰ- পত্ৰ পূৰণৰ বাবে বাকী থকা সকলো কাম অহা ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। পৰিষদে কয় যে, যদি পূৰ্বতে প্ৰ- পত্ৰ পূৰণ কৰাত কোনো ভুল ৰৈ গৈছে তেন্তে সেই ভুলসমূহ প’ৰ্টেল খুলাৰ পাছত শুদ্ধ কৰিব পাৰিব।
ইয়াৰোপৰি মাচুল আদায় সন্দৰ্ভতো জাননীত বিশেষ কথা উল্লেখ কৰা পৰিষদে। জাননী অনুসৰি পৰিষদে মাচুল আদায়ৰ অন্তিম তাৰিখ ২৭ নৱেম্বৰ নিৰ্ধাৰণ কৰিছে। নিৰ্দেশনাত পৰিষদে এয়া স্পষ্ট কৰি দিছে যে প্ৰ- পত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয়। ইয়াৰোপৰি অফলাইনযোগে কোনো প্ৰ- পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰে।
জাননীত পৰিষদে লিখিছে-” অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠানকে জনোৱা হ’ল যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ৰ প্ৰ- পত্ৰ পূৰণৰ অহা ২৫ নৱেম্বৰত পুনৰ পৰ্টেল মুকলি কৰি দিয়া হ’ব। গতিকে যিসমূহ শিক্ষানুষ্ঠানৰ প্ৰ-পত্ৰ পূৰণৰ কাম আধৰুৱা হৈ আৰু তেওঁলোকে ২৬ নৱেম্বৰৰ ভিতৰত এয়া সম্পূৰ্ণ কৰিব পাৰিব। মাচুল আদায়ৰ শেষ সীমা- ২৭ নৱেম্বৰ, ২০২৪। ইয়াৰ পাছত আৰু প্ৰ- পত্ৰ পূৰণৰ দিন আগুৱাই দিয়া নহয়। লগতে অফলাইনো কোনো প্ৰ- পত্ৰ গ্ৰহণ কৰা নহয়”।
উল্লেখ্য যে, ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰে অনলাইন প’ৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছিল। পৰিষদে কৈছিল যে বিদ্যালয়সমূহে sebaregistration.org পৰ্টেলৰ জৰিয়তে অনলাইন এই আবেদন কৰিব পাৰিব। লগতে ইয়াৰ সময়সীমা দিছিল ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰ। কিন্তু প্ৰ- পত্ৰ পূৰণৰ কাম ৰৈ যোৱাৰ বাবে পুনৰ প’ৰ্টেল খুলি দিয়াপ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে।