বায়ুসেনাত নিযুক্তিৰ সুযোগঃ নিযুক্তিৰ জাননী জাৰি, কেতিয়াৰ পৰা হ’ব আবেদন? চাওক…
ভাৰতীয় বায়ুসেনাই অগ্নিবীৰবায়ু ২০২৫ৰ নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাত আবেদনৰ তাৰিখ, প্ৰাৰ্থীয় যোগ্যতা আৰু বয়স আদি প্ৰয়োজনীয় সকলো তথ্য উল্লেখ কৰা হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰাৰ কথা ভাবিছে, তেওঁলোকৰ সুবিধাৰ বাবে সবিশেষ তথ্য এই লেখাটোত উল্লেখ কৰা হৈছে।
ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। যিসকল যুৱক-যুৱতীয়ে সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰাৰ ইচ্ছা মনত পুহি ৰাখিছে, তেওঁলোকৰ বাবে ভাৰতীয় বায়ুসেনাই এক প্ৰত্যাশিত খবৰ আনিছে। ভাৰতীয় বায়ুসেনাই অগ্নিবীৰবায়ু ২০২৫ৰ নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাত আবেদনৰ তাৰিখ, প্ৰাৰ্থীয় যোগ্যতা আৰু বয়স আদি প্ৰয়োজনীয় সকলো তথ্য উল্লেখ কৰা হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰাৰ কথা ভাবিছে, তেওঁলোকৰ সুবিধাৰ বাবে সবিশেষ তথ্য এই লেখাটোত উল্লেখ কৰা হৈছে।
অগ্নিবীৰবায়ুৰ বাবে এই আবেদন প্ৰক্ৰিয়া অহা বৰ্ষৰ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে ২৭ জানুৱাৰীলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিৰ্ধাৰিত দিনৰ ভিতৰত অফিচিয়েল ৱেবছাইট agnipathvayu.cdac.in ত গৈ আবেদন কৰিব পাৰিব। অগ্নিবীৰবায়ু পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিযুক্তিৰ অধিসূচনা পৰীক্ষা কৰিব পাৰিব।
অধিসূচনাত উল্লেখ থকা মতে এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ জন্ম তাৰিখ ২০০৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০০৮ চনৰ ১ জুলাইৰ ভিতৰত হ’ব লাগে। প্ৰকাশিত অধিসূচনা অনুসৰি যদি কোনো প্ৰাৰ্থীয়ে বাছনি প্ৰক্ৰিয়াৰ সকলো পৰ্যায় উত্তীৰ্ণ হয় তেন্তে নামভৰ্তিৰ তাৰিখ অনুসৰি তেওঁৰ সৰ্বোচ্চ বয়স ২১ বছৰ হ’ব লাগিব। বিজ্ঞান শাখাৰ বাবে পৰীক্ষাৰ্থীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞানত ৫০% নম্বৰ লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
একে সময়তে পৰীক্ষাৰ্থীয়ে ইংৰাজীতো ৫০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ব লাগে। লগতে ৫০% নম্বৰ লৈ ইঞ্জিনিয়াৰিং ডিপ্লমা কৰা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। বিজ্ঞানৰ উপৰিও যিকোনো ষ্ট্ৰিমৰ পৰা ৫০% নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। যোগ্যতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে মুকলি কৰা অধিসূচনা পৰীক্ষা কৰিব পাৰে।
প্ৰাৰ্থীসকলে পদসমূহৰ আবেদনৰ বাবে ৫৫০ টকা পৰীক্ষা মাচুল আৰু জি এছ টি দিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰিব পাৰিব প্ৰাৰ্থীসকলে। ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতি অনুসৰণ কৰি এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব-
আবেদনৰ বাবে প্ৰথমে অফিচিয়েল ৱেবছাইট agnipathvayu.cdac.in লৈ যাওক।
অগ্নিবীৰবায়ু নিযুক্তি ২০২৫ ৰ লিংকত ক্লিক কৰক।
এতিয়া পঞ্জীয়ন কৰি আবেদন পত্ৰ পূৰণ কৰি নথি-পত্ৰ আপলোড কৰক।
ইয়াৰ পিছত আবেদন মাচুল পৰিশোধ কৰি চাবমিট কৰক।
চিবিটি পৰীক্ষা, শাৰীৰিক পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাৰ জৰিয়তে অগ্নিবীৰবায়ু পদৰ বাবে যোগ্য প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা হ’ব। পৰীক্ষাৰ্থীয়ে বাছি লোৱা বিষয় (বিজ্ঞান বা অন্যান্য)ৰ ভিত্তিত অনলাইন মোডত পৰীক্ষা অনুষ্ঠিত হ’ব।