IBPS PO Mains Exam 2024 : মুকলি হ’ল এডমিট কাৰ্ড, কেনেকৈ ডাউনলোড কৰিব পাৰিব ? জানক…
IBPS PO Mains পৰীক্ষা ২০২৪ৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীয়ে আই বি পি এছৰ অফিচিয়েল ৱেবছাইট ibps.in ত গৈ এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চেলেকচন অৰ্থাৎ IBPS PO Mains পৰীক্ষা ২০২৪ৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীয়ে আই বি পি এছৰ অফিচিয়েল ৱেবছাইট ibps.in ত গৈ এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন নম্বৰ বা ৰোল নম্বৰ আৰু পাছৱৰ্ড বা জন্ম তাৰিখ দিব লাগিব। অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব IBPS PO Mains পৰীক্ষা।
মনকৰিবলগীয়া কথা হ’ল, এডমিট কাৰ্ড এটা অত্যাৱশ্যকীয় নথি আৰু পৰীক্ষা হললৈ এডমিট কাৰ্ড লৈ যোৱাটো বাধ্য়তামূলক । ইয়াৰ অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ বা আনকি পৰীক্ষাত বহিবলৈও দিয়া নহ’ব। চৰকাৰী অধিসূচনা অনুসৰি, আই বি পি এছে জনোৱা মতে, পি অ’ মেইনছ পৰীক্ষাৰ এডমিট কাৰ্ড ২০২৪ চনৰ ৩০ নৱেম্বৰলৈকে অনলাইন ৱেবছাইটত উপলব্ধ হ’ব।
আই বি পি এছে ২১ নৱেম্বৰত আই বি পি এছ পি অ’ প্ৰিলিমছ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছিল। এই পৰীক্ষাত কাট অফ নম্বৰৰ ওপৰত নম্বৰ পোৱা পৰীক্ষাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰি মূল পৰীক্ষাত বহিব পাৰিব।
IBPS PO Mains Exam 2024 : এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব?
- প্ৰথমে আই বি পি এছৰ অফিচিয়েল ৱেবছাইট ibps.in লৈ যাওক।
- তাৰ পিছত হোমপেজত ‘IBPS PO Mains Admit Card Link’ বিচাৰি উলিয়াই তাত ক্লিক কৰক।
- ইয়াৰ পিছত নতুন পেজ খোলাৰ লগে লগে প্ৰয়োজনীয় তথ্য (পঞ্জীয়ন নম্বৰ বা ৰোল নম্বৰ আৰু পাছৱৰ্ড বা জন্ম তাৰিখ) দিয়ক ।
- ইয়াৰ লগতে Captcha ক’ডটো দিয়ক। তাৰ পিছত ‘Login’ ত ক্লিক কৰক।
- এতিয়া আপোনাৰ স্ক্ৰীণত IBPS PO Mains Exam Admit Card 2024 লাভ কৰিব আৰু সকলো সবিশেষ পৰীক্ষা কৰি ডাউনলোড কৰক।
IBPS PO Mains Exam 2024 : পৰীক্ষাৰ আৰ্হি কি?
IBPS মেইনছৰ প্ৰশ্নকাকতত পাঁচটা ভিন্ন শিতানৰ পৰা প্ৰশ্ন আহিব । প্ৰশ্নকাকতত ইংৰাজী ভাষা, সাধাৰণ/অৰ্থনৈতিক/বেংকিং সজাগতা, যুক্তি আৰু কম্পিউটাৰ যোগ্যতা, তথ্য বিশ্লেষণ আৰু ব্যাখ্যা, চিঠি লিখা আৰু ৰচনা লিখা আদি শিতানৰ প্ৰশ্ন অন্তৰ্ভুক্ত।
ইয়াত যুক্তিৰ ক্ষমতা আৰু কম্পিউটাৰ যোগ্যতা, ইংৰাজী ভাষা আৰু তথ্য বিশ্লেষণ আৰু ব্যাখ্যাৰ পৰীক্ষা দুটা খণ্ডত হ’ব, ক খণ্ড আৰু খ খণ্ড। ইয়াত মন কৰিবলগীয়া যে দুয়োটা খণ্ডৰ (ক আৰু খ) প্ৰতিটো প্ৰশ্ন বাধ্যতামূলক। অধিক তথ্যৰ বাবে আপুনি IBPS ibps.in ৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।