শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেংকৰ চাকৰিঃ বছৰি পাব ৬,০০,০০০ তকৈ অধিক টকা দৰমহা! ক’ত,কেনেকৈ আবেদন কৰিব জানক…

Bank Job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবক। IDBI বেংকত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত বাছনি হোৱা প্ৰাৰ্থীয়ে বছৰি ৬,০০,০০০ তকৈ অধিক টকা লাভ কৰিব।

বেংকৰ চাকৰিঃ বছৰি পাব ৬,০০,০০০ তকৈ অধিক টকা দৰমহা! ক’ত,কেনেকৈ আবেদন কৰিব জানক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Mar 2025 16:15 PM

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ! IDBI Bank ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বেংকটোৱে জুনিয়ৰ এচিষ্টেণ্ট মেনেজাৰৰ খালী হৈ থকা পদসমূহ পূৰ কৰিব। ইতিমধ্যে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত IDBI Bank ৰ অফিচিয়েল ৱেবচাইট idbibank.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি আইডিবিআই বেংকে মুঠ ৬৫০টা পদ পূৰণ কৰিব। আবেদনৰ অন্তিম তাৰিখ ১২ মাৰ্চ. ২০২৫।

অৰ্হতা

  • প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত কোনো বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক লাভ কৰা হ’ব লাগিব।
  • ইয়াৰোপৰি ২০ ৰ পৰা ২৫ বছৰৰ প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰা হ’ব।

মাচুল

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১০৫০ টকা, আনহাতে অনুসূচিত জাতি/অনুসূচিত জাতি/পিডব্লিউডিৰ প্ৰাৰ্থীয়ে ২৫০ টকা আবেদন মাচুল দিব লাগিব। অনলাইনৰ জৰিয়তে এই মাচুল আদায় কৰিব পাৰিব প্ৰাৰ্থীয়ে।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে বেংকৰ অফিচিয়েল ৱেবচাইট idbibank.in ত যাওক।
  • প্ৰথমে কেৰিয়াৰ লিংকত ক্লিক কৰক আৰু পাছত পদৰ লিংকত ক্লিক কৰক।
  • এটা নতুন পেজ খুলিব।
  • জুনিয়ৰ এছিচটেন্ট মেনেজাৰ পদৰ আবেদনত ক্লিক কৰিব।
  • প্ৰথমে পঞ্জীয়ন কৰি লগ ইন কৰক।
  • আবেদন পত্ৰ পূৰ কৰি মাচুল আদায় কৰক।
  • চাবমিট কৰক।
  • আবেদনৰ কনফৰ্ম কপি এটা নিজৰ লগত ৰাখিব।

IDBI Bank Junior Assistant Manager Recruitment 2025 Official Notification

IDBI Bank Junior Assistant Manager Recruitment 2025 Apply Direct link

কেনেকৈ বাছনি কৰিব

এই পদসমূহৰ বাবে বাছনি অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে হব। অনলাইন পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন সোধা হ’ব আৰু এই পৰীক্ষাত ঋণাত্মক নম্বৰ থাকিব। প্ৰতিটো ভুল উত্তৰৰ বাবে নিৰ্ধাৰিত নম্বৰৰ এক চতুৰ্থাংশ অৰ্থাৎ ০.২৫ নম্বৰ কৰ্তন কৰা হ’ব। ইয়াৰ পিছত অনলাইন পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে সাক্ষাৎকাৰত হাজিৰ হ’ব লাগিব। সাক্ষাৎকাৰৰ পৰা চূড়ান্ত প্ৰাৰ্থী বাছনি কৰিব।

এই পৰীক্ষাত বাছনি হোৱা সকলে বিএফএছআই (বেংগালুৰু)ৰ মণিপাল একাডেমী আৰু নিটে এডুকেচন ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড (গ্ৰেটাৰ নয়ডা)ত আইডিবিআই-পিজিডিবিএফত নামভৰ্তি লাভ কৰিব। তাত তেওঁলোকে ৬ মাহৰ বাবে ক্লাছ কৰিব লাগিব আৰু ২ মাহৰ ইন্টাৰশ্বিপ হ’ব। তাৰ পিছত আইডিবিআই বেংকৰ যিকোনো শাখাতে ৪ মাহৰ অন-জব ট্ৰেইনিং হ’ব। পৰৱৰ্তী সময়ত পিজিডিবিএফ ডিপ্লমাৰ ডিগ্ৰী লাভ কৰিব আৰু তাৰ পিছত জুনিয়ৰ এচিষ্টেণ্ট মেনেজাৰ পদত কাম কৰিব পাৰিব।

দৰমহা

৬ মাহৰ প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰাৰ্থীসকলে ষ্টাইপেণ্ড হিচাপে প্ৰতিমাহে ৫ হাজাৰ টকা, আনহাতে ২ মাহৰ ইন্টাৰশ্বিপৰ সময়ছোৱাত ১৫ হাজাৰ টকা লাভ কৰিব। পৰৱৰ্তী সময়ত জুনিয়ৰ এচিষ্টেণ্ট মেনেজাৰ হিচাপে বেংকত যোগদান কৰিব বছৰি ৬.১৪ লাখৰ পৰা ৬.৫০ লাখ টকা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ CISF job: দশম উত্তীৰ্ণৰ বাবে চাকৰি, ক’ত, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…