শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰকাৰী নিযুক্তিৰ বাবে কৰা হ’ব একক পৰ্টেলৰ ব্যৱস্থা, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!

অতি সোনকালে সকলো চৰকাৰী চাকৰিৰ বাবে এক ঐক্যবদ্ধ আবেদন পৰ্টেল মুকলি কৰিবলৈ ওলাইছে ভাৰত চৰকাৰে। এই পৰ্টেলে বিভিন্ন চৰকাৰী বিভাগৰ নিযুক্তিৰ বাবে একক মঞ্চ প্ৰদান কৰিব। ইয়াৰ ফলত আবেদনকাৰীয়ে সময় আৰু কষ্ট ৰাহি কৰিব পাৰিব।

চৰকাৰী নিযুক্তিৰ বাবে কৰা হ’ব একক পৰ্টেলৰ ব্যৱস্থা, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!
চৰকাৰী নিযুক্তি
trishna-kalita
Trishna Kalita | Updated On: 24 Mar 2025 08:05 AM

চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। কাৰণ অতি সোনকালে সকলো নিযুক্তিৰ বাবে একক পৰ্টেল তৈয়াৰ কৰাৰ পৰিকল্পনাৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে চৰকাৰে। এই সন্দৰ্ভত কৰ্মচাৰী ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত কৰা হয়। য’ত এই বিষয়ত সহমতত উপনীত হৈছে। বৈঠকৰ অন্তত তেওঁ ঘোষণা কৰে যে চৰকাৰে সকলো চৰকাৰী নিযুক্তিৰ বাবে এক ঐক্যবদ্ধ চাকৰিৰ আবেদন পৰ্টেল গঢ়ি তোলাৰ দিশত কাম চলি আছে।

এই পৰ্টেলৰ সহায়ত চাকৰিৰ বাবে বিভিন্ন পৰ্টেলত তথ্য বিচাৰি থকা লোকসকলক অধিক সুবিধা প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। এই পদক্ষেপে চাকৰি প্ৰত্যাশীসকলৰ শক্তি আৰু সময় ৰাহি কৰিব। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, নিযুক্তি প্ৰক্ৰিয়া অধিক মসৃণ আৰু স্বচ্ছ কৰি তুলিব লাগিব। যাৰ বাবে তেওঁ প্ৰযুক্তি আৰু উদ্ভাৱন গ্ৰহণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

এই নিৰ্দেশ সন্দৰ্ভত মন্ত্ৰালয়ে জাৰি কৰিছে আনুষ্ঠানিক বিবৃতি। এই বিবৃতি অনুসৰি ড০ জিতেন্দ্ৰ সিঙে বিভাগটোৰ বিষয়াসকলক অতি শীঘ্ৰে ‘একক চাকৰিৰ আবেদন পৰ্টেল’ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তেওঁ  সংবাদ সংস্থা পিটিআইক কয় যে,  ইতিমধ্যে আৰম্ভ হৈছে এই আঁচনিৰ কাম। অতি সোনকালে ইয়াৰ কাম সম্পূৰ্ণ হ’ব। তেওঁ কয় যে, হিন্দী আৰু ইংৰাজীৰ বাহিৰেও এই পৰ্টেলটো ১৩টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব।

২২টা ভাষাত পৰীক্ষাৰ প্ৰস্তুতি

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ,সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ২২টা ভাষাৰ আটাইকেইটা আঞ্চলিক ভাষাতে পৰীক্ষা অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য। তেওঁ লগতে কয় যে, পূৰ্বে নিযুক্তি প্ৰক্ৰিয়াৰ সময়সীমা প্ৰায় ১৫ মাহ আছিল, এতিয়া ইয়াক ৮ মাহলৈ হ্ৰাস কৰা হৈছে। আগন্তুক সময়ত এই সময় আৰু হ্ৰাস কৰা হ’ব।