শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Job: ভাৰতীয় বায়ু সেনাত ওলাইছে চাকৰি: কেনেকৈ ক’ত কৰিব আবেদন, জানক…

Indian air force: ভাৰতীয় বায়ু সেনাত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন। ইয়াৰ অধীনত কেইবাটাও পদত নিযুক্তি দিব ভাৰতীয় বায়ু সেনাই।

Job: ভাৰতীয় বায়ু সেনাত ওলাইছে চাকৰি: কেনেকৈ ক’ত কৰিব আবেদন, জানক…
ভাৰতীয় বায়ু সেনাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jan 2025 16:50 PM

ভাৰতীয় বায়ু সেনাত ওলাইছে চাকৰি। শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাই অগ্নিবীৰ বায়ুৰ খালী পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে ভাৰতীয় বায়ু সেনাত যোগদান কৰিব বিচৰাসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰে। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে কৰিব পাৰে আবেদন। প্ৰাৰ্থীসকলে ২৭ জানুৱাৰীৰ পূৰ্বে অনলাইন আবেদন কৰিব পাৰিব।

পদসমূহ

  • পদৰ নামঃ অগ্নিবীৰ বায়ু
  • বেচৰ নামঃ অগ্নিবীৰ বায়ু ০১-২০২৬
  • সেৱাৰ সময়সীমা- ৪বছৰ
  • বিভাগ- ভাৰতীয় বায়ু সেনা
  • মন্ত্ৰালয়ৰ নাম: ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়
  • আঁচনি আৰম্ভঃ ১৪ জুন, ২০২২
  • চাকৰিৰ স্থান- সৰ্বভাৰতীয়
  • আবেদন প্ৰক্ৰিয়া- অনলাইন

বয়সঃ ২০০৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০০৮ চনৰ ১ জুলাইলৈ জন্মগ্ৰহণ কৰা প্ৰাৰ্থী হ’ব লাগিব।

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থীসকল কেন্দ্ৰীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষা ব’ৰ্ডৰ পৰা গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়ত দ্বাদশ শ্ৰেণীত ৫০ শতাংশ নম্বৰৰে উত্তীৰ্ণ হ’ব লাগিব। লগতে ইংৰাজীত ৫০ শতাংশ নম্বৰ আৱশ্যক।

অথবা, স্বীকৃতিপ্ৰাপ্ত পলিটেকনিক প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং (মেকানিকেল/ ইলেক্ট্ৰিকেল/ ইলেক্ট্ৰনিকছ/ অটোমোবাইল/ কম্পিউটাৰ বিজ্ঞান/ ইনষ্ট্ৰুমেণ্টেচন টেকন’লজি/ ইনফৰ্মেশ্যন টেকন’লজি)ত ৩ বছৰীয়া ডিপ্লোমাত ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব আৰু ডিপ্লমা পাঠ্যক্ৰমত ইংৰাজীত ৫০% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’ব লাগিব।

স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা দাৰ্থ বিজ্ঞান আৰু গণিতত বৃত্তিমূলক পাঠ্যক্ৰমত (মধ্যমীয়া/ মেট্ৰিকত, যদি ইংৰাজী বৃত্তিমূলক পাঠ্যক্ৰমত বিষয় নহয়) সৰ্বমুঠ ৫০% আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰা হ’ব লাগিব।  ইয়াৰোপৰি অৰ্হতা আৰু যোগ্যতা সন্দৰ্ভত অধিক জানিবৰ বাবে অফিচিয়েল ৱেবচাইট চাব পাৰে। অধিক জানিবৰ বাবে ক্লিক কৰক।

দৰমহাঃ

  • প্ৰথম বৰ্ষঃ ৩০,০০০
  • দ্বিতীয় বৰ্ষঃ ৩৩,০০০
  • তৃতীয় বৰ্ষঃ ৩৬,৫০০
  • চতুৰ্থ বৰ্ষঃ ৪০,০০০
  • সময়সীমা শেষ হোৱাৰ পাছ- ১০.০৪ লাখ টকা লগতে জমা সুত
  • লাইফ ইনচুৰেন্স কাভাৰঃ ৪৮ লাখ টকা।

মাচুল: পঞ্জীয়ন মাচুল ৫৫০ টকা লগতে জি এছ টি থাকিব। অনলাইনৰ জৰিয়তে মাচুল পৰিশোধ কৰিব পাৰিব।

অনলাইন আবেদন পত্ৰঃ ক্লিক কৰক

বিজ্ঞাপনঃ ক্লিক কৰক

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে বায়ুসেনাৰ অফিচিয়েল ৱেবচাইটত যাওক
  • Important Web-Links ত ক্লিক কৰক
  • “Online Application Form ত ক্লিক কৰক আৰু প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰক
  • “Online Application Form ত ক্লিক কৰি লগ ইন কৰক
  • প্ৰয়োজনীয় তথ্য দিয়ক।
  • মাচুল আদায় দিয়ক,চাবমিট কৰক।

 

অন্য খবৰ পঢ়কঃ  অসম কৃষি বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি, কেনেকৈ কৰিব পাৰিব আবেদন, জানক…

Latest News