ভাৰতীয় সেনাৰ অগ্নিবীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাঃ এইদৰে চাওক ফলাফল | Indian Army Agniveer result 2024 announced check details Assam news - Assam Tv9

ভাৰতীয় সেনাৰ অগ্নিবীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাঃ এইদৰে চাওক ফলাফল

Published: 

20 Sep 2024 16:23 PM

ভাৰতীয় সেনাই প্ৰকাশ কৰিলে অগ্নিবীৰ নিযুক্তি পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সেনাৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in ত গৈ নিজৰ ফলাফল পৰীক্ষা কৰাৰ লগতে ফলাফল ডাউনলোড কৰিব পাৰিব।

ভাৰতীয় সেনাৰ অগ্নিবীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাঃ এইদৰে চাওক ফলাফল

অগ্নিবীৰৰ ফলাফল ঘোষণা

Follow Us On

ভাৰতীয় সেনাই প্ৰকাশ কৰিলে অগ্নিবীৰ নিযুক্তি পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সেনাৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in ত গৈ নিজৰ ফলাফল পৰীক্ষা কৰাৰ লগতে ফলাফল ডাউনলোড কৰিব পাৰিব। ভাৰতীয় সেনাই অগ্নিবীৰৰ বিভিন্ন শাখাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে। নিৰ্বাচিত প্ৰাৰ্থীসকলে জেনেৰেল ডিউটি ​​(জি ডি), টেকনিকেল (টেক), ট্ৰেডছমেন (৮ম আৰু দশম শ্ৰেণী), অফিচ এচিষ্টেণ্ট ইত্যাদি বিভিন্ন শাখাত নিযুক্তি লাভ কৰিব।

ভাৰতীয় সেনাৰ অগ্নিবীৰৰ ফলাফল ২০২৪: কেনেদৰে ডাউনলোড কৰিব পাৰিব ফলাফল, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া…

প্ৰথমে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in লৈ যাওক।

তাৰ পিছত ৱেবচাইটত লগইন কৰিবলৈ নিৰ্দিষ্ট কেপচা ক’ড পূৰ কৰক।

ইয়াৰ পিছত হোমপেজৰ পৰা আপোনাৰ ARO/ZRO ৰ Indian Army Agniveer Result 2024ৰ PDF  ডাউনলোড কৰক।

ফলাফলৰ এই PDF ত এতিয়া আপোনাৰ ৰোল নম্বৰ পৰীক্ষা কৰক।

উল্লেখ্য যে চলিত বৰ্ষৰ ২২ এপ্ৰিলৰ পৰা ৩ মে’লৈকে কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছিল ভাৰতীয় সেনাৰ অগ্নিবীৰ পৰীক্ষা। তাৰ পূৰ্বে ১৩ ফেব্ৰুৱাৰীৰ পৰা ২২ মাৰ্চলৈ এই পদসমূহৰ বাবে অনলাইন আবেদন আহ্বান কৰা হৈছিল। এই নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ত ১০০ নম্বৰৰ কম্পিউটাৰ ভিত্তিক অনলাইন লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

এই অনলাইন লিখিত পৰীক্ষাত অৱশ্যে কেৱল বস্তুনিষ্ঠ প্ৰশ্নহে কৰা। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত শাৰীৰিক দক্ষতা পৰীক্ষা অনুষ্ঠিত হৈছিল। একে সময়তে অফিচ এচিষ্টেণ্ট আৰু ষ্ট’ৰ কিপাৰ টেকনিকেলৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকলৰ বাবেও টাইপিং টেষ্ট অনুষ্ঠিত কৰা হয়।

অগ্নিবীৰ নিযুক্তি পৰীক্ষাৰ শাৰীৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ বাবে ১.৬ কিলোমিটাৰ দৌৰ অনুষ্ঠিত হৈছিল। এই ১.৬ কিলোমিটাৰ দৌৰ ৫ মিনিট ৩০ ছেকেণ্ডত সম্পূৰ্ণ কৰিব লগা হৈছিল প্ৰাৰ্থীসকলে। ইয়াৰ উপৰিও প্ৰাৰ্থীসকলে পুল আপ, ৯ ফুটৰ লং জাম্পৰ পৰীক্ষাও দিব লগা হৈছিল। অধিক তথ্যৰ বাবে আপুনি ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in চাব পাৰে।

উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ ১৪ জুনত সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে ইচ্ছুক দেশৰ যুৱক-যুৱতীসকলৰ বাবে অগ্নিপথ নামৰ নিযুক্তি আঁচনিত অনুমোদন জনাইছিল। এই আঁচনিৰ অধীনত নিৰ্বাচিত সেনাৰ জোৱানসকলক অগ্নিবীৰ হিচাপে জনা যায়। অগ্নিপথ আঁচনিৰ অধীনত নিয়োগ লাভ কৰা অগ্নিবীৰসকলে চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰে।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version