ভাৰতৰ প্ৰথমগৰাকী দলিত মহিলা ৰূপে মেকআৰ্থাৰ ফেল’শ্বিপ লাভঃ কোন এই শৈলজা পাইক... | Indian Dalit professor Shailaja Paik recognized Macarthur Fellowship Assam news - Assam Tv9

ভাৰতৰ প্ৰথমগৰাকী দলিত মহিলা ৰূপে মেকআৰ্থাৰ ফেল’শ্বিপ লাভঃ কোন এই শৈলজা পাইক…

ভাৰতীয় মূলৰ আমেৰিকান মহিলা অধ্যাপিকা শৈলজা পাইকে লাভ কৰিছে বিশ্বৰ সন্মানীয় মেকআৰ্থাৰ ফেল’শ্বিপ। সন্মানীয় এই মেকআৰ্থাৰ ফেল’শ্বিপ লাভ কৰা দেশৰ প্ৰথমগৰাকী দলিত মহিলা হিচাপে পৰিগণিত হৈছে শৈলজা পাইক। লগতে তেওঁ চিনচিনাটি চহৰ আৰু চিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা এই সন্মান লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপেও পৰিগণিত হৈছে।

ভাৰতৰ প্ৰথমগৰাকী দলিত মহিলা ৰূপে মেকআৰ্থাৰ ফেল’শ্বিপ লাভঃ কোন এই শৈলজা পাইক...

শৈলজা পাইক

Published: 

05 Oct 2024 16:26 PM

শেহতীয়াকৈ ভাৰতীয় মূলৰ এগৰাকী আমেৰিকান মহিলা অধ্যাপিকাই লাভ কৰিছে বিশ্বৰ সন্মানীয় মেকআৰ্থাৰ ফেল’শ্বিপ। ইয়াৰ পিছতে সংবাদ শিৰোনাম দখল কৰিছে এই অধ্যাপিকাগৰাকীয়ে। ভাৰতীয় মূলৰ এই মহিলাগৰাকীৰ নাম হৈছে শৈলজা পাইক। মেকআৰ্থাৰ ফেল’শ্বিপ লাভ কৰা দেশৰ প্ৰথমগৰাকী দলিত মহিলা হিচাপে পৰিগণিত হৈছে শৈলজা পাইক। এই সন্মানীয় মেকআৰ্থাৰ ফেল’শ্বিপক ‘জিনিয়াছ গ্ৰাণ্ট’ বুলিও কোৱা হয়। এই ‘জিনিয়াছ গ্ৰাণ্ট’ৰ অধীনত মহিলা অধ্যাপিকাগৰাকীয়ে লাভ কৰিছে ৮ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৬ কোটি ৭২ লাখ টকা।

এই অনন্য কৃতিত্বৰ অধিকাৰী হোৱা শৈলজা চিনচিনাটি বিশ্ববিদ্যালয়ৰ অধ্যাপক। লক্ষণীয়ভাৱে দেশৰ প্ৰথমগৰাকী দলিত মহিলাৰ লগতে শৈলজা পাইক চিনচিনাটি চহৰ আৰু চিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় এই মেকআৰ্থাৰ ফেল’শ্বিপ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপেও পৰিগণিত হৈছে। উল্লেখ্য যে পাইকৰ গৱেষণাই মূলতঃ দলিত মহিলাসকলৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মহাৰাষ্ট্ৰৰ বাসিন্দা শৈলজা পাইকৰ জন্ম হৈছিল এক দলিত পৰিয়ালত। পূৰ্বে শৈলজাৰ পৰিয়াল পোহেগাঁৱত বাস কৰিছিল যদিও পিছলৈ তেওঁলোক পুনেত বসবাস কৰিবলৈ লয়। পুনেৰ এক বস্তিত শৈশৱ পাৰ কৰিছিল পাইকে। দলিত হিচাপে সন্মুখীন হৈ অহা সামাজিক বাধা তথা দৰিদ্ৰতাই আৱৰি ৰখা পৰিস্থিতিৰ মাজতো শৈলজাৰ পিতৃ-মাতৃয়ে শিক্ষাক নিজৰ জীৱন সলনি কৰাৰ আধাৰ হিচাপে গণ্য কৰিছিল।

এনে চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈয়ে তেওঁলোকে শৈলজাক শিক্ষা দিয়াৰ সপোন দেখিছিল। এই স্বপ্ন বাস্তৱায়িত কৰাত কৃপণালি কৰা নাছিল তেওঁলোকে। পিতৃ-মাতৃৰ এই দৃঢ় সমৰ্থনৰ সুবাদতে শৈলজা পাইকে ১৯৯৪ চনত পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ১৯৯৬ চনত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। তাৰ পিছতে ২০০৭ চনত তেওঁ ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিও কৰে।

পাইকে ২০০৫ চনত তেওঁ ইমোৰী বিশ্ববিদ্যালয়ৰ পৰা ফেল’শ্বিপ লাভ কৰাৰ পিছতে আমেৰিকালৈ যায় আৰু কলেজত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। ২০০৮ চনৰ পৰা ২০১০ চনলৈকে আমেৰিকাৰ ইউনিয়ন কলেজত ইতিহাসৰ অতিথি সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল আৰু তাৰ পিছত ২০১২ চনৰ পৰা ২০১৩ চনলৈকে ইয়েল বিশ্ববিদ্যালয়তো অতিথি সহকাৰী অধ্যাপক হিচাপে কাম কৰে।

বৰ্তমান তেওঁ চিনচিনাটি বিশ্ববিদ্যালয়ত গৱেষক অধ্যাপিকা হিচাপে কাম কৰি আছে। শৈলজাই ২০১৪ চনত ‘এডুকেচন অৱ দলিত উইমেন ইন মডাৰ্ণ ইণ্ডিয়া: ডাবল ডিচক্ৰিমিনেচন’ নামৰ তেওঁৰ প্ৰথমখন গ্ৰন্থ লিখিছিল। এই গ্ৰন্থখনত তেওঁ মহাৰাষ্ট্ৰত শিক্ষা লাভৰ ক্ষেত্ৰত দলিত মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে লিখিছে।

ইয়াৰ পিছত ২০২২ চনত তেওঁ আন এখন গ্ৰন্থ ৰচনা কৰে, যাৰ নাম ‘The Vulgarity of Caste: Dalits, Sexuality and Humanity in Modern India’। পাইকে তেওঁৰ অধ্যয়নত প্ৰধানকৈ জাতিগত আধিপত্যৰ ঐতিহাসিক প্ৰেক্ষাপট আৰু দলিত মহিলাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে স্থান পাইছে। লিংগ আৰু যৌনতাই দলিত মহিলাসকলৰ মৰ্যাদা কিদৰে বিপন্ন কৰে সেই বিষয়েও তেওঁৰ অধ্যয়নত অন্বেষণ কৰিছে।

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম