JOB: পৰীক্ষা নিদিয়াকৈ লাভ কৰক অইলত চাকৰি! ক’ত, কেনেকৈ কৰিব আবেদন, জানক…
OIL job: অইলত চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো কেইবাটা পদৰ বাবে আবেদন আহ্বান কৰিছে ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেডে। গতিকে ইচ্ছ্যুক আৰু যোগ্যসকলে কৰিব পাৰে আবেদন।
ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেডত কাম কৰিবলৈ ইচ্ছ্যুকসকলৰ বাবে ভাল খবৰ। কিয়নো Indian Oil Corporation Limited য়ে কেইবাটাও পদৰ বাবে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কোম্পানীটোৱে টেকনেছিয়ান, গ্ৰেজুৱেট, ট্ৰেড এপ্ৰেণ্টিছ পদ পূৰ কৰিব। পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ১৪ ফেব্ৰুৱাৰীলৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰতসময়ৰ ভিতৰত কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট বা NAPS/NATS পৰ্টেলত গৈ অনলাইন আবেদন কৰিব পাৰিব।
কোম্পানীটোৱে নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি মুঠ ৩৮২ টা খালী পদ পূৰ কৰিব। ইয়াৰোপৰি নিযুক্তি লাভৰ বাবে আবেদনকাৰীয়ে কোনো লিখিত পৰীক্ষা দিব নালাগে। মেধাৰ ভিত্তিত সম্পন্ন হ’ব নিযুক্তি প্ৰক্ৰিয়া।
কোনে কৰিব পাৰে আবেদন
ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেডত কাম কৰিবলৈ প্ৰাৰ্থী সংশ্লিষ্ট ট্ৰেডত শিক্ষাগত অৰ্হতা (যেনে দশম, দ্বাদশ বা ডিপ্লমা) সম্পূৰ্ণ কৰিব লাগিব। কিছুমান পদৰ বাবে প্ৰাৰ্থীৰ সংশ্লিষ্ট ক্ষেত্ৰখনৰ অভিজ্ঞতাও থাকিব লাগিব। অধিক তথ্য জানিবৰ বাবে প্ৰাৰ্থীয়ে কোম্পানীৰ ৱেবচাইট চাব পাৰে।
বয়স
আবেদন কৰিবলৈ প্ৰাৰ্থীৰ নূন্যতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স ২৪ বছৰ হ’ব লাগিব। অৱশ্যে এছ চি, এছ টি বা আন সংৰক্ষিত শ্ৰেণীক বয়সৰ ৰেহাই দিয়া হ’ব। এছ চি, এছ টিয়ে বয়সৰ ক্ষেত্ৰত সৰ্বোচ্চ সীমা ২৯ বছৰ আৰু OBC-NCL প্ৰাৰ্থীৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ২৭ বছৰ । লগতে দিব্যাংগসকলক বয়সৰ ক্ষেত্ৰত ১০ বছৰ ৰেহাই দিয়া হৈছে।
কেনেকৈ কৰিব আবেদন
আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে NAPS/NATS পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। পৰৱৰ্তী সময়ত এপ্ৰেণ্টিছ নিযুক্তিৰ বাবে আবেদন কৰিব লাগিব।
Indian OIL Recruitment 2025 Official Notification
Indian OIL Recruitment 2025 Apply Direct Link
কেনেকৈ হ’ব নিৰ্বাচন
মেধাৰ ভিত্তিত হ’ব এই নিৰ্বাচন প্ৰক্ৰিয়া। শিক্ষাগত অৰ্হতাৰ ভিত্তিত মেধা নিৰূপন কৰা হ’ব।চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক নথি ভেৰিফিকেচন আৰু মেডিকেল ফিটনেছ টেষ্টৰ বাবে মাতিব আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন কৰিব।
অন্য খবৰ পঢ়কঃ JOB: ৰে’লৱেত ওলাইছে চাকৰি, দশম উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন…