আজি আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসঃ জানেনে ইয়াৰ ইতিহাস? | Inteirnational Literacy Day 2024 history significance them Assam news - Assam Tv9

আজি আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসঃ জানেনে ইয়াৰ ইতিহাস?

Published: 

08 Sep 2024 18:10 PM

প্ৰতি বছৰে সমগ্ৰ বিশ্বত ৮ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষাৰ প্ৰসাৰৰ বাবে ইউনেস্ক’ৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ বিষয়বস্তু হৈছে ‘বহুভাষিক শিক্ষাৰ প্ৰসাৰ: পাৰস্পৰিক বুজাবুজি আৰু শান্তিৰ বাবে সাক্ষৰতা’।

আজি আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসঃ জানেনে ইয়াৰ ইতিহাস?

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

এগৰাকী ব্যক্তিৰ বাবে জীৱনত আটাইতকৈ প্ৰয়োজনীয় সম্পদ হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তেই নিৰ্ণিত হয় ব্যক্তিৰ জীৱনৰ মাপকাঠি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক’ই এই পদক্ষেপ গ্ৰহণ কৰিছিল। এই বিশেষ দিৱসটোৱে মূলতঃ সাক্ষৰতাক মৌলিক মানৱ অধিকাৰ আৰু মৰ্যাদা হিচাপে গুৰুত্ব আৰোপ কৰে। সাক্ষৰতাক এখন বহনক্ষম সমাজ গঢ়াৰ ভেটি হিচাপে গণ্য কৰা হয়, যি ব্যক্তিৰ সৱলীকৰণ আৰু সামাজিক বিকাশৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এইবাৰ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ বিষয়বস্তু হৈছে ‘বহুভাষিক শিক্ষাৰ প্ৰসাৰ: পাৰস্পৰিক বুজাবুজি আৰু শান্তিৰ বাবে সাক্ষৰতা’। আজিৰ সময়ত মানুহে একেলগে বহু ভাষাৰ বিষয়ে জ্ঞান লাভ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। এই ভাষিক জ্ঞান সাম্প্ৰতিক সময়ত এক বিশেষ দক্ষতা, যি ব্যক্তিক সময়ৰ সৈতে আগবাঢ়ি যোৱাত সহায় কৰে।

উল্লেখ্য যে ১৯৬৫ চনত ইৰাণৰ তেহৰাণত অনুষ্ঠিত শিক্ষামন্ত্ৰীসকলৰ বিশ্ব সন্মিলনৰ জৰিয়তে সাক্ষৰতা দিৱস উদযাপন আৰম্ভ হয়। অৱশ্যে ইয়াৰ পিছৰ বছৰতহে অৰ্থাৎ ১৯৬৬ চনত ইউনেস্ক’ই আনুষ্ঠানিকভাৱে ৮ ছেপ্টেম্বৰক আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে।

যিহেতু সেই সময়ত বিশ্বই দৰিদ্ৰতা, নিৰক্ষৰতা, নিবনুৱা সমস্যা আৰু অপৰ্যাপ্ত স্বাস্থ্যসেৱাৰ দৰে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেয়ে ব্যক্তিৰ মাজত সাক্ষৰতা বৃদ্ধি পোৱা আৰু এনে সকলো বিষয় সন্দৰ্ভত চিন্তা কৰিব পৰাটো প্ৰয়োজনীয় আছিল। আন্তৰ্জাতিক সাক্ষৰতা দিৱস স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যায়ত ব্যক্তিগতভাৱে লগতে অনলাইনযোগে উদযাপন কৰা হয়।

ইউনেস্ক’ই এইবাৰ ৯ আৰু ১০ ছেপ্টেম্বৰত কেমেৰুণৰ ইয়াউণ্ডেত বিশ্বব্যাপী সাক্ষৰতা দিৱস উদযাপনৰ আয়োজন কৰি্ছে। ইয়াত বিশ্ব সন্মিলন আৰু ইউনেস্ক’ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা বঁটাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত হ’ব। ইউনেস্ক’ৰ মতে, ‘সাক্ষৰতাই হৈছে শ্ৰেষ্ঠ ঔষধ আৰু প্ৰতিগৰাকী ব্যক্তিয়ে যাতে শিক্ষাৰ অধিকাৰ লাভ কৰে, সেয়া নিশ্চিত কৰাৰ চাবিকাঠি’।

প্ৰতি বছৰে ইউনেস্ক’ৱে পৰিৱৰ্তিত বিশ্বৰ সাক্ষৰতাৰ বিভিন্ন দিশক বিভিন্ন বিষয়বস্তুৰ জৰিয়তে প্ৰকাশ কৰি তোলে। এই বছৰ ইউনেস্ক’ৱে বহনক্ষম শান্তিৰ প্ৰসাৰৰ বাবে বহুভাষিক প্ৰেক্ষাপটত সাক্ষৰতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত গুৰুত্ব আৰোপ কৰিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version