শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

International Mother Language Day: আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, বিশেষ দিনটোৰ ইতিহাস, থীম, তাৎপৰ্য সকলো জানক…

International Mother Language Day 2025: মাতৃভাষা এটাৰ জাতিৰ নিজস্ব পৰিচয়ৰ বাহক।  ফলপ্ৰসূভাৱে যোগাযোগ কৰিবলৈ ইজনে সিজনৰ ভাষাক সন্মান, স্বীকৃতি দিয়া আৰু বুজাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে  প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়।  কিন্তু আপুনি জানেনে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আন্দোলন ভাৰতত আৰম্ভ হোৱা নাছিল।

International Mother Language Day: আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, বিশেষ দিনটোৰ ইতিহাস, থীম, তাৎপৰ্য সকলো জানক…
আন্তৰ্জাতিক মাতৃভাষা দিৱসImage Credit source: google
trishna-kalita
Trishna Kalita | Updated On: 21 Feb 2025 09:24 AM

যোগাযোগ স্থাপনৰ অন্যতম মাধ্যম ভাষা। মাতৃভাষা এটাৰ জাতিৰ নিজস্ব পৰিচয়ৰ বাহক।  ফলপ্ৰসূভাৱে যোগাযোগ কৰিবলৈ ইজনে সিজনৰ ভাষাক সন্মান, স্বীকৃতি দিয়া আৰু বুজাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই বিশ্বত বিভিন্ন ধৰণৰ ভাষা-সংস্কৃতি আছে। প্ৰতিটো ভাষাৰ উপভাষাও ভিন্ন। প্ৰতি কেইকিলোমিটাৰৰ মূৰে মূৰে উপভাষা সলনি হয়, ভাষাৰ ভিন্নতা আৰম্ভ হয়। বিভ্ৰান্তিকৰ যেন লাগিলেও এয়াই পৃথিৱীৰ বৈচিত্ৰ্যৰ সৌন্দৰ্য্য। ভাষা হৈছে ইজনে সিজনৰ সৈতে সহযোগিতা আৰু সংযোগ স্থাপনৰ উপায় । সমগ্ৰ দেশতে প্ৰচলিত বিভিন্ন উপভাষাৰ সৈতে ভাৰত বিশ্বৰ বাবে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে থিয় দিছে। এই সন্দৰ্ভত সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে  প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়।

কিন্তু আপুনি জানেনে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আন্দোলন ভাৰতত আৰম্ভ হোৱা নাছিল। এই আন্দোলন বাংলাদেশৰ পৰা আৰম্ভ হৈছিল। আমি বিশেষ দিনটো উদযাপনৰ বাবে  সময়ত জানিবলগীয়া কেইটামান তথ্য আগবঢ়োৱা হ’ল:

তাৰিখ:

প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। এইবাৰ শুকুৰবাবে অৰ্থাৎ আজি  আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হ’ব।

ইতিহাস:

১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰাৰ সময়তে বাংলাদেশত চাৰিজন ছাত্ৰ শ্বহীদ হয়। সেয়েহে সেয়েহে এই দিনটোক বাংলাদেশতছহিদ দিৱস হিচাপেও পালন কৰা হয়। তাৰ পিছত ১৯৯৯ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (UNESCO)ৰ সাধাৰণ সন্মিলনে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ কথা ঘোষণা কৰে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদেও এই  সিদ্ধান্তক আদৰণি জনায়।

থীম:

এইবাৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ ২৫ বছৰীয়া জয়ন্তী। এই বছৰৰ বিষয়বস্তু হৈছে: “ভাষাসমূহ গুৰুত্বপূৰ্ণ: আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ ৰূপালী জয়ন্তী উদযাপন।” ইয়াত ভাষিক বৈচিত্ৰ্যক প্ৰসাৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে আৰু ২০৩০ চনৰ ভিতৰত অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম বিশ্ব গঢ়ি তোলাৰ দিশত অগ্ৰগতিৰ বাবে উৎসাহিত কৰা হৈছে।

তাৎপৰ্য:

বৰ্তমান বিশ্বৰ ৪০% জনসংখ্যাই নিজৰ মাতৃভাষাত শিক্ষা লাভ ক্ষেত্ৰত  সমস্যাৰ সন্মুখীন হৈছে। যি সংখ্যাই কিছুমান বিশেষ অঞ্চলত ৯০% অতিক্ৰম কৰে। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ২০২৫ তাৎপৰ্যপূৰ্ণ কাৰণ ইয়াত বিশ্বৰ ভাষাসমূহ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। এই দিৱসত ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজিবলৈ আৰু শিকিবলৈ সহায় কৰিবলৈ বিশেষকৈ বিদ্যালয়ত মাতৃভাষাৰ ব্যৱহাৰক উৎসাহিত কৰে। ইয়াৰ উপৰিও ইয়ে পাহৰণিৰ গৰ্ভত যোৱাৰ আশংকা থকা ভাষাসমূহৰ পুনৰুজ্জীৱনক প্ৰসাৰিত কৰে আৰু সম্প্ৰদায়সমূহক তেওঁলোকৰ ভাষিক পৰম্পৰাক জীয়াই ৰখাত সহায় কৰে। তদুপৰি, এই দিৱসত খিলঞ্জীয়া জনসংখ্যাৰ ভাষাৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকৰ ভাষা সন্মান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।