Job: অইলত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, জানক সবিশেষ…

JOB: আপুনিও অইলত চাকৰি বিচাৰি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। শেহতীয়াকৈ অইলে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে।

Job: অইলত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, জানক সবিশেষ...

চাকৰি

Published: 

11 Feb 2025 14:30 PM

আপুনিও অইলত চাকৰি কৰাৰ সপোন দেখে নেকি?  তেন্তে অইলত চাকৰি কৰাৰ বাবে আছে এক সুবৰ্ণ সুযোগ। দ্বাদশ আৰু স্নাতক উত্তীৰ্ণসকলে এই চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেড (IOCL)য়ে জুনিয়ৰ অপাৰেটৰ লগতে অন্য কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ই ২৩ ফেব্ৰুৱাৰীলৈ চলিব। ইচ্ছ্যুক প্ৰাৰ্থীসকলে কোম্পানীৰ অফিচিয়েল ৱেবচাইট iocl.com ত গৈ অনলাইন আবেদন কৰিব পাৰিব।

কোম্পানীটোৱে মুঠ ২৪৬টা পদৰ বাবে আৱেদন আহ্বান জনাইেছে। এই পদসমূহৰ ভিতৰত আছে জুনিয়ৰ অপাৰেটৰৰ ২১৫ টা পদ, জুনিয়ৰ এটেণ্ডেণ্টৰ ২৩টা আৰু জুনিয়ৰ বিজনেছ এচিষ্টেণ্টৰ ৮টা পদ আছে। এই প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ অৰ্হতাৰ প্ৰয়োজন হ’ব।

যোগ্যতা

জুনিয়ৰ অপাৰেটৰ পদৰ বাবে প্ৰাৰ্থীৰ ন্যুনতম শিক্ষাগত অৰ্হতা দশম উত্তীৰ্ণ হ’ব লাগিব। লগতে সম্পৰ্কিত ট্ৰেডত আইটিআইৰ ডিগ্ৰী থাকিব লাগিব। ইয়াৰোপৰি জুনিয়ৰ এটেণ্ডেণ্ট পদৰ বাবে প্ৰাৰ্থী দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব।  জুনিয়ৰ বিজনেছ এছিচটেন্ট পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক হ’ব লাগিব। এই সম্পৰ্কত অধিক জানিবৰ বাবে কোম্পানীৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

বয়স

আবেদনকাৰীৰ বয়ল ১৮ বছৰৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীক বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ’ব। অ’বিচি প্ৰাৰ্থীসকলক বয়সৰ ক্ষেত্ৰত ৩ বছৰৰ, আৰু এছটি, এছচি শ্ৰেণীৰ প্ৰাৰ্থীসকলক ৫ বছৰৰ ৰেহাই প্ৰদান কৰা হ’ব।

মাচুল

সাধাৰণ আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদন মাচুল ৩০০ টকা আদায় দিব লাগিব। অন্য সংৰক্ষিত শ্ৰেণীৰ লোকসকলে কোনো আবেদন মাচুল দিব নালাগে। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে মাচুল আদায় কৰিব পাৰে।

কেনেকৈ কৰিব আবেদন

  • IOCL ৰ অফিচিয়েল ৱেবচাইট iocl.com ত যাওক।
  • হোমপেজত গৈ কেৰিয়াৰ টেবত যাওক।
  • এপ্লাই লিংকত ক্লিক কৰক।
  • ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ভৰ্তি কৰক।
  • প্ৰয়োজনীয় তথ্য প্ৰদান কৰক।
  • মাচুল আদায় দি চাবমিট কৰক।

IOCL Recruitment 2025 Notification

IOCL Recruitment 2025 Apply Link

কেনেকৈ হ’ব নিৰ্বাচন

আবেদনকাৰীৰ বাছনি চিবিটি পৰীক্ষা, দক্ষতা পৰীক্ষা আদিৰ জৰিয়তে কৰা হ’ব। অধিসূচনাৰ সৈতে পৰীক্ষাৰ আৰ্হি মুকলি কৰা হৈছে। পৰীক্ষাৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

 

অন্য খবৰ পঢ়কঃ NTPC-ত ওলাইছে চাকৰিঃ দৰমহা ১.৪০লাখ পৰ্যন্ত, কেনেকৈ, ক’ত আবেদন কৰিব জানক..

 

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...