IPPB ত ওলাইছে চাকৰিঃ আজিয়েই কৰক আবেদন, দৰমহা প্ৰতিমাহে ২ লাখৰ ওপৰত…
IPPB ত ওলাইছে চাকৰি। ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ বয়স, অৰ্হতা আদিও উল্লেখ কৰিছে বেংকটোয়ে।
আপুনি চাকৰি বিচাৰি আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (Indian post payments Bank) ত ওলাইছে চাকৰি। শেহতীয়াকৈ IPPB য়ে বিজ্ঞাপন জাৰি কৰি যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই নিযুক্তি প্ৰক্ৰিয়া স্পেচিয়েলিষ্ট অফিচাৰ(এছ অ) পদৰ বাবে হ’ব। এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ১.৪ লাখৰ পৰা ২.২৫ লাখ টকাকৈ দৰমহা লাভ কৰিব। তথ্য অনুসৰি এই নিযুক্তি অভিযানৰ দ্বাৰা মুঠ ৬৮ টা পদ পূৰণ কৰা হ’ব।
ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে ১০ জানুৱাৰী, ২০২৫ লৈ আবেদন কৰিব পাৰিব। তাৰ পাছত কোনো আবেদন গ্ৰহণ কৰা নহয়। প্ৰাৰ্থীয়ে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ অফিচিয়েল ৱেবছাইট http://www.ippbonline.com ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।
পদৰ বিৱৰণ
- এছিচটেন্ট মেনেজাৰ (আই টি)- ৫৪ টা পদ
- চাইবাৰ চিকিউৰিটি এক্সপাৰ্ট- ৭ টা পদ
- মেনেজাৰ আই টি পেমেন্চ চিষ্টেম- ১ টা পদ
- মেনেজাৰ আই টি ইনফাষ্ট্ৰাকচাৰ, নেটৱৰ্ক এন্ড ক্লাউড- ২ টা পদ
- মেনেজাৰ আই টি এন্টাৰপ্ৰাইজ ডেটা ৱেৰহাউচ- ১টা পদ
- চিনিয়ৰ মেনেজাৰ আইটি পেমেন্ট চিষ্টেম – ১ টা পদ
- চিনিয়ৰ মেনেজাৰ আই টি ইনফাষ্ট্ৰাকচাৰ , নেটৱৰ্ক এণ্ড ক্লাউড- ১ টা পদ
- চিনিয়ৰ মেনেজাৰ, আইডি ভেণ্ডৰ, আউটচোৰ্চিং কনট্ৰেক্ট মেনেজমেন্ট প্ৰোকয়োৰমেন্ট এছএলএ, চিষ্টেম- ১টা পদ
যোগ্যতা
প্ৰতিটো পদৰ বাবে অৰ্হতা বেলেগ বেলেগ নিৰ্ধাৰণ কৰা হৈছে। যেনে-সহকাৰী প্ৰবন্ধক (আই টি) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে কম্পিউটাৰ বিজ্ঞানত বি.ই./বি.টেক ডিগ্ৰী লাভ কৰিব লাগিব। ইচ্ছ্যুক প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবচাইটত ইয়াৰ সৱিশেষ চাব পাৰিব।
India Post Payments Bank Recruitment 2024 Official Notification
বয়স
- এছিচটেন্ট মেনেজাৰঃ ২০ ৰ পৰা ৩০ বছৰ
- মেনেজাৰঃ ২৩ ৰ পৰা ৩৫ বছৰ
- চিনিয়ৰ মেনেজৰঃ ২৬ ৰ পৰা ৩৫ বছৰ
- চাইবাৰ চিকিউৰিটি এক্সপাৰ্টঃ সৰ্বাধিক ৫০ বছৰ
মাচুল
- সাধাৰণ শ্ৰেণী – ৭৫০ টকা
- অনুসূচিত জাতি/জনজাতি/পিডব্লিউডি শ্ৰেণী – ১৫০ টকা
দৰমহা
- স্কেল ৩ বিষয়া – প্ৰতিমাহে ২,২৫,৯৩৭ টকা
- স্কেল ২ অফিচাৰ – প্ৰতিমাহে ১,৭৭,১৪৬ টকা
- স্কেল ১ অফিচাৰ – প্ৰতিমাহে ১,৪০,৩৯৮ টকা
অধিক জানিবৰ বাবে http://www.ippbonline.com ৱেবচাইট চাব পাৰে।
অন্য খবৰ পঢ়কঃ শিক্ষকৰ পৰা অনুবাদকলৈ, ৰে’লৱেত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, জানক