5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেন্দ্ৰীয় চাকৰিত নিযুক্তিৰ সুযোগঃ আজি আবেদনৰ অন্তিম দিন, এতিয়াই কৰক আবেদন…

নিৰাপত্তা বাহিনীত চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ইণ্ডো-তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চ, চমুকৈ ITBPএ আনিছে এক সুযোগ। কেন্দ্ৰীয় নিৰাপত্তা বাহিনীটোৱে বিভিন্ন পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল। যোৱা ১৫ নৱেম্বৰৰ পৰাই এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজি এই পদসমূহৰ বাবে আবেদনৰ সময়সীমা অন্ত পৰিব।

কেন্দ্ৰীয় চাকৰিত নিযুক্তিৰ সুযোগঃ আজি আবেদনৰ অন্তিম দিন, এতিয়াই কৰক আবেদন…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 14 Dec 2024 12:38 PM

নিৰাপত্তা বাহিনীত যোগদানেৰে দেশৰ সেৱা কৰাৰ স্বপ্ন বহু যুৱক-যুৱতীৰে থাকে। চাকৰি প্ৰত্যাশী এই যুৱক-যুৱতীসকলৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী ইণ্ডো-তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চ, চমুকৈ ITBPএ আনিছে এক সুযোগ। কেন্দ্ৰীয় নিৰাপত্তা বাহিনীটোৱে উপ পৰিদৰ্শক, হেড কনিষ্টবল আৰু কনিষ্টবল পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল। যোৱা ১৫ নৱেম্বৰৰ পৰাই এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজি এই পদসমূহৰ বাবে আবেদনৰ সময়সীমা অন্ত পৰিব।

গতিকে যিসকল চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই, তেওঁলোকে এই সুযোগ অথলে যাবলৈ নিদি আজিয়েই আবেদন কৰা উচিত হ’ব। ইণ্ডো-তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চৰ অফিচিয়েল ৱেবছাইট recruitment.itbpolice.nic.inলৈ গৈ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ইণ্ডো-তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চে মুঠ ৫২৬টা পদত নিযুক্তি প্ৰদান কৰিব।

ITBPৰ এই খালী পদসমূহৰ ভিতৰত উপ-পৰিদৰ্শক (টেলিকম)ৰ ৯২টা, ৩৮৩টা হেড কনিষ্টবল (টেলিকম) আৰু ৫১টা কনিষ্টবল (টেলিকম) পদ আছে। উপ-পৰিদৰ্শকৰ ৯২টা পদৰ ভিতৰত ৭৮টা পদ পুৰুষৰ বাবে আৰু ১৪টা পদ মহিলাৰ বাবে সংৰক্ষিত আছে। আনহাতে হেড কনিষ্টবল (টেলিকম)ৰ ৩২৫টা পুৰুষ আৰু ৫৮টা পদ মহিলাৰ বাবে, কনিষ্টবলৰ ৪৪টা পদ পুৰুষ আৰু ৭টা পদ মহিলাৰ বাবে সংৰক্ষিত আছে।

লগতে মুঠ পদৰ দহ শতাংশ এক্স চাৰ্ভিচমেনৰ বাবে সংৰক্ষিত। এই পদসমূহত আৱেদন কৰিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব আৰু বাছনি কেনেদৰে কৰা হ’ব চাওক-

উপ-পৰিদৰ্শক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ B.Sc, B.Tech বা MCA ডিগ্ৰী থাকিব লাগিব। আনহাতে হেড কনিষ্টবল পদৰ বাবে প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব আৰু অভিযান্ত্ৰিক বিভাগত ডিপ্লমা থাকিব লাগিব। দশম উত্তীৰ্ণ প্ৰাৰ্থীয়ে কনিষ্টবল পদৰ বাবে আবেদন কৰিব পাৰিব। হেড কনিষ্টবলৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮-২৫ বছৰৰ ভিতৰত আৰু কনিষ্টবল পদৰ বাবে ১৮-২৩ বছৰৰ ভিতৰত হ’ব লাগে।

যোগ্যতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে জাৰি কৰা চৰকাৰী নিযুক্তি অধিসূচনা পৰীক্ষা কৰিব পাৰে।

ইফালে উপ-পৰিদৰ্শক পদৰ বাবে আবেদন মাচুল ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে হেড কনিষ্টবল আৰু কনিষ্টবল পদৰ বাবে ১০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। অৱশ্যে মহিলা, এক্স চাৰ্ভিচমেন, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীক আবেদন মাচুল আদায় দিয়াৰ পৰা ৰেহাই দিয়া হৈছে।

তলত দিয়া পদ্ধতিৰে ইচ্ছুক প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-

ITBPৰ অফিচিয়েল ৱেবছাইট recruitment.itbpolice.nic.inলৈ যাওক।

হোমপেজত থকা SI and Constable Apply লিংকত ক্লিক কৰক।

এতিয়া আবেদন পত্ৰত থকা নিৰ্দিষ্ট তথ্যসমূহ পূৰণ কৰক।

শৈক্ষিক নথি-পত্ৰ আপলোড কৰি মাচুল পৰিশোধ কৰাৰ পিছত চাবমিট কৰক।

এই পদসমূহৰ বাছনি প্ৰক্ৰিয়া শাৰীৰিক দক্ষতা পৰীক্ষা (PET) আৰু শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু লিখিত পৰীক্ষাৰ জৰিয়তে কৰা হ’ব। PET/PSTত সফল প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব। লিখিত পৰীক্ষাত সফল প্ৰাৰ্থীসকলক যোগ্যতা অনুসাৰে নিযুক্তি প্ৰদান কৰা হ’ব।

Latest News