স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাকৰি! দৰমহা মাহে ৬৭,০০০ টকা, আজিয়েই কৰক আবেদন…

চাকৰি বিচাৰি হাবাথুৰি খাইছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। কিয়নো কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। স্নাতক ডিগ্ৰীধাৰীসকলেও ইয়াৰ বাবে কৰিব পাৰিব আবেদন। বৰ্তমান চলি আছে আবেদন প্ৰক্ৰিয়া।

স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাকৰি! দৰমহা মাহে ৬৭,০০০ টকা, আজিয়েই কৰক আবেদন...

চাকৰি

Published: 

08 Dec 2024 13:25 PM

স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে ভাল খবৰ। কিয়নো স্নাতক ডিগ্ৰী থকাসকলৰ বাবে ওলাইছে চাকৰি। যদি আপুনি উচ্চতম ন্যায়ালয়ত চাকৰি কৰিব বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। উচ্চতম ন্যায়ালয়ে ১০০টাতকৈও অধিক পদত চাকৰিৰ বাবে অধিসূচনা জাৰি কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ৱেবছাইট sci.gov.in ত গৈ আবেদন কৰিব পাৰিব। আৱেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু আবেদনৰ সময়সীমা ২০২৪ চনৰ ২৫ ডিচেম্বৰলৈ থাকিব। গতিকে আপুনি যদি স্নাতক ডিগ্ৰীধাৰী আৰু উচ্চতম ন্যায়ালয়ত চাকৰি কৰিব বিচাৰি আছে তেন্তে আজিয়েই কৰিব পাৰে আবেদন।

তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ত মুঠ ১০৭ টা পদৰ বাবে চাকৰি উলিয়াইছে। ইয়াত সৰ্বাধিক পদ গ্ৰুপ বি ব্যক্তিগত সহায়ক পদৰ বাবে ওলাইছে। উচ্চতম ন্যায়ালয়ে জাৰি কৰা জাননী অনুসৰি ব্যক্তিগত সহায়কৰ বাবে মুঠ ৪৩টা পদৰ নিযুক্তি হ’ব। লগতে জ্যেষ্ঠ ব্যক্তিগত সহায়কৰ ৩৩টা আৰু আদালতৰ মাষ্টাৰ (চৰ্টহেণ্ড)ৰ ৩১টা পদত নিযুক্তি হ’ব। ক’ৰ্ট মাষ্টাৰ (চৰ্টহেণ্ড) পদটো গেজেটেড অফিচাৰ পদ।

যোগ্যতা

শিক্ষাগত অৰ্হতাঃ উচ্চতম ন্যায়ালয়ত বিভিন্ন পদৰ বাবে আৰ্হতাও বান্ধি দিছে। আদালতৰ মাষ্টাৰ (চৰ্টহেণ্ড) পদৰ বাবে প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা আইন ডিগ্ৰী লাভ কৰিব লাগিব। আনহাতে জ্যেষ্ঠ ব্যক্তিগত সহায়ক আৰু ব্যক্তিগত সহায়ক পদৰ বাবে প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক হ’ব লাগিব।

বয়স

উচ্চতম ন্যায়ালয়ে চাকৰিৰ বাবে বয়স বান্ধি দিছে। জাননী অনুসৰি ওপৰোক্ত পদসমূহৰ বাবে ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

কেনেদৰে নিৰ্বাচন হ’ব

এই পদসমূহৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ’ব দক্ষতা পৰীক্ষাৰ পৰা, টাইপিং আৰু চৰ্টহেণ্ড পৰীক্ষাৰ দ্বাৰা। ইয়াৰ পিছত লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত পৰীক্ষাৰ্থীসকলক নিৰ্বাচন কৰা হ’ব। চূড়ান্ত বাছনি প্ৰক্ৰিয়াত নথিপত্ৰ পৰীক্ষণ আৰু ফিটনেছ পৰীক্ষাও কৰা হ’ব।

দৰমহা

প্ৰতিটো পদৰ বাবে দৰমহা বেলেগ বেলেগ।

  • ক’ৰ্ট মাষ্টাৰছ (চৰ্টহেণ্ড) – প্ৰতিমাহে ৬৭,৭০০ টকা
  • জ্যেষ্ঠ ব্যক্তিগত সহায়ক – প্ৰতিমাহে ৪৭,৬০০ টকা
  • ব্যক্তিগত সহায়ক – প্ৰতিমাহে ৪৪,৯০০ টকা

 

অন্য খবৰ পঢ়কঃ NCERT-ত ওলাইছে চাকৰিঃ দৰমহা প্ৰতি মাহে ৫৮,০০০, এনেকৈ কৰক আবেদন…

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?