Job: গুৱাহাটীৰ বেংকত ওলাইছে চাকৰি!কেনেকৈ কৰিব অনলাইন আবেদন? জানক…
Job: আপুনিও বেংকত চাকৰি বিচাৰি আছে নেকি? তেন্তে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।
আপুনিও বেংকৰ চাকৰি বিচাৰি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া (Central Bank of India)ত ওলাইছে চাকৰি। শেহতীয়াকৈ বেংকে ২৬৬ টা Zone Based Officer পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল I ৰ অধীনত হ’ব। গতিকে আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে। এই আবেদনৰ সময়সীমা ৯ ফেব্ৰুৱাৰী, ২০২৫ লৈ আছে।
পদৰ বিষয়ে
- পদৰ নাম- জন বেছজ অফিচাৰ ( Zone Based Officer)
- পদৰ সংখ্যা- ২৬৬ টা
- এছ চিৰ বাবে- ৩৯ টা
- এছ টিৰ বাবে- ১৯ টা
- অবিচিৰ বাবে- ৭১ টা
- ই ডব্লিউ এছৰ বাবে- ২৬টা
- ইউ আৰৰ বাবে- ১১ টা।
ক’ত ক’ত আছে পদ খালী
- গুৱাহাটী- ৪৩ টা
- চেন্নাই- ৫৮ টা
- হায়দৰাবাদ- ৪২টা
- আহমেদাবাদ- ১২৩ টা
- পে স্কেল- ৪৮৪৮০-২০০০/৭-৬২৪৮০-২৩৪০/২-৬৭১৬০-২৬৮০/৭-৮৫৯২০
অৰ্হতা
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হোৱা বা সংহত দ্বৈত ডিগ্ৰী (আইডিডি)কে ধৰি কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিয়া যিকোনো সমতুল্য অৰ্হতা। মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট, কষ্ট একাউণ্টেণ্টৰ দৰে অৰ্হতা থকা প্ৰাৰ্থীসকলেও যোগ্য হ’ব।
বয়সঃ ২১ৰ পৰা ৩২ বছৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। অৱশ্যে এছ চি, এছ টিৰ বাবে ৫ বছৰ, অবিচিৰ বাবে ৩ বছৰ আৰু পি ডব্লিউ ডিৰ বাবে ১০ বছৰৰ ৰেহাই দিয়া হৈছে।
কেনেকৈ কৰিব আবেদন
- প্ৰথমে আপুনি চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইটত যাওক।
- পাছত Important Web-Links ত ক্লিক কৰক।
- Online Application Form ত ক্ৰিয় কৰি পঞ্জীয়ন কৰক।
- Online Application Form ক লগ ইন কৰক।
- প্ৰয়োজনীয় তথ্য় প্ৰদান কৰক।
- মাচুল আদায় দিয়ক।
- আবেদনৰ প্ৰিন্ট আউট এটা লবলৈ নাপাহৰিব।
মাচুল
- এছ চি, এছ টি, পি ডব্লিউ ডি আৰু মহিলাৰ বাবে- ১৭৫ টকা লগতে জি এছ টি
- জেনেৰেল, অবিচি, ই ডব্লিউ এছৰ বাবে- ৮৫০ টকা।
অন্য খবৰ পঢ়কঃ পুনৰ ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব, জানক…