শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Job: পুনৰ ওলাইছে চাকৰি, দশম আৰু দ্বাদশ উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন, জানক সবিশেষ…

Job: চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। DGAFMS ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব অনলাইন আবেদন।

Job: পুনৰ ওলাইছে চাকৰি, দশম আৰু দ্বাদশ উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন, জানক সবিশেষ…
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Feb 2025 10:54 AM

আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে! কিয়নো ডায়ৰেক্টৰেট জেনেৰেল অৱ আৰ্ম ফোৰ্চ মেডিকেল চাৰ্ভিচেছ (DGAFMS)ত ওলাইছে চাকৰি। দশম আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণসকলেও এই পদৰ বাবে কৰিব আবেদন। গ্ৰুপ চি পদৰ বাবে এই নিযুক্তি কৰা হ’ব। এই নিযুক্তিৰ অধীনত একাউণ্টেণ্ট, ষ্টেন’গ্ৰাফাৰ, এল ডি চি কেৰাণী, ষ্ট’ৰ কীপাৰ, ফায়াৰমেন, কুক, এম টি এছ আদি বিভিন্ন পদত নিযুক্তি দিয়া হ’ব। DGAFMS ৱে জাৰি কৰা জাননী অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত মুঠ ১১৩ টা পদ ভৰ্তি কৰা হ’ব। ইয়াৰোপৰি আবেদন প্ৰক্ৰিয়াৰ বাবে নাই কোনো মাচুল।

গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ৬ ফেব্ৰুৱাৰী, ২০২৫ৰ ভিতৰত এই পদৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে ডায়ৰেক্টৰেট জেনেৰেল অৱ আৰ্ম ফোৰ্চ মেডিকেল চাৰ্ভিচেছ ৰ অফিচিয়েল ৱেবচাইত dgafms24.onlineapplicationform.org ত গৈ অনলাইন আবেদন কৰিব পাৰিব।

কোন কৰিব পাৰিব আবেদন

এই আবেদনৰ বাবে প্ৰাৰ্থীৰ নুন্যতম শিক্ষাগত অৰ্হতা দশম উত্তীৰ্ণ। প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশম বা দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি একাউন্টেন্ট পদৰ বাবে B.COM ডিগ্ৰী প্ৰয়োজনীয় আৰু দুই বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

ইয়াৰোপৰি ষ্টেনোগ্ৰাফাৰ পদৰ বাবে ডিক্টেচন, মেনুৱেল টাইপৰাইটাৰ আৰু কম্পিউটাৰত টাইপিং স্পীডৰ চৰ্ত প্ৰযোজ্য। ইয়াৰ বাহিৰেও এলডিচি পদৰ প্ৰাৰ্থীৰ ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে প্ৰতি মিনিটত ২৫ শব্দৰ টাইপিং স্পীড হ’ব লাগে।

বয়সৰ সীমা

যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলৰ বয়স নুন্যতম বয়স ১৮ বছৰ হ’ব লাগে, আনহাতে সৰ্বোচ্চ বয়সৰ সীমা ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ (SC, ST, OBC) পৰীক্ষাৰ্থীক নিয়ম অনুসৰি বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হ’ব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে DGAFMS ৰ অফিচিয়েল ৱেবচাইট dgafms24.onlineapplicationform.org/DGAFMS/ ত যাওক।
  • হোমপেজৰ ‘Apply Online’ ত লিংকত ক্লকি কৰক।
  • পঞ্জীয়নৰ বাবে নিজৰ প্ৰয়োজনীয় তথ্য প্ৰদান কৰি চাবমিট কৰক।
  • লগ ইন কৰক আৰু প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰক।
  • সকলো তথ্য দিয়াৰ পাছত অনলাইন আবেদন চাবমিট কৰক।
  • আবেদনৰ এটা প্ৰিন্ট আউট উলিয়াই লব।

DGAFMS Recruitment 2025 Official Notification

DGAFMS Recruitment 2025 Apply Direct Link

নিৰ্বাচন কেনেকৈ হ’ব

এই পদসমূহৰ বাছনি প্ৰক্ৰিয়া দুটা পৰ্যায়ত হ’ব। প্ৰথম পৰ্যায়ত ১০০ নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব য’ত সাধাৰণ বুদ্ধিমত্তা, যুক্তি, সাধাৰণ ইংৰাজী, সংখ্যাগত যোগ্যতা আৰু সাধাৰণ সজাগতাৰ সৈতে জড়িত প্ৰশ্ন থাকিব। পৰীক্ষাৰ সময় ২ ঘন্টা হ’ব আৰু কেৱল ইংৰাজী-হিন্দী ভাষাত হ’ব।

দ্বিতীয় পৰ্যায়ত পদ অনুসৰি প্ৰাৰ্থীক ট্ৰেড স্পেচিফিক টেষ্ট (যেনে টাইপিং টেষ্ট/শ্বৰ্ট হেণ্ড টেষ্ট/ট্ৰেড টেষ্ট)ৰ বাবে মাতিব। শেষত চূড়ান্ত মেধা তালিকাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিৰ্বাচন কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ Job: গুৱাহাটীৰ বেংকত ওলাইছে চাকৰি!কেনেকৈ কৰিব অনলাইন আবেদন? জানক…