Job: পুনৰ ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব, জানক…
Job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। Hindustan Copper Limited ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন।
চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ! হিন্দুস্তান কপাৰ লিমিটেড (Hindustan Copper Limited, এইচচিএল)ত ওলাইছে চাকৰি। বিভিন্ন কাৰিকৰী আৰু কৰ্মশালা সম্পৰ্কীয় পদৰ বাবে কোম্পানীটোৱে কেইবাটাও পদৰ বাবে আহ্বান কৰিছে। এই আবেদন প্ৰক্ৰিয়াৰ শেষ সময়সীমা ১০ ফেব্ৰুৱাৰী, ২০২৫। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত হিন্দুস্তান কপাৰ লিমিটেডৰ অফিচিয়েল ৱেবছাইট hindustancopper.com ত গৈ অনলাইন আবেদন কৰিব পাৰিব।
এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীৰ পৰা চলি আছে। ইয়াৰোপৰি এই পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা ১৫ মাৰ্চ, ২০২৫ ত অনুষ্ঠিত হব। অৱশ্যে পৰীক্ষাৰ তাৰিখ পাছলৈ সলনি হোৱাৰ সম্ভাৱনা আছে।
কোনে কৰিব পাৰে আবেদন
প্ৰাৰ্থীয়ে সংশ্লিষ্ট পদৰ শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আৰু বয়সৰ চৰ্ত পূৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে, চাৰ্জমেন (ইলেক্ট্ৰিক)ৰ বাবে ডিপ্লমা বা আই টি আই (ইলেক্ট্ৰিক) আৰু এবছৰৰ অভিজ্ঞতাৰ প্ৰয়োজন হোৱাৰ বিপৰীতে আন পদৰ বাবে অভিজ্ঞতাৰ লগতে স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।
বয়স
এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শাখা (EWS)ৰ অন্তৰ্গত প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা প্ৰদান কৰা হ’ব।
মাচুল
সাধাৰণ শ্ৰেণী আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে আবেদন মাচুল ১০০০ টকা। ইয়াৰ বিপৰীতে এছ চি,এছ টি আদিকে ধৰি প্ৰতি সংৰক্ষিত শ্ৰেণীৰ বাবে কোনো আবেদন মাচুল নাই। ইয়াৰোপৰি আবেদন মাচুল প্ৰাৰ্থীয়ে অনলাইন দিব লাগিব।
কেনেকৈ কৰিব আবেদন
- হিন্দুস্তান কপাৰ লিমিটেডৰ অফিচিয়েল ৱেবছাইট hindustancopper.com ত যাওক।
- হোমপেজত ‘Careers’ বা ‘Recruitment’ শিতানত ক্লিক কৰক।
- Mining Technician নিযুক্তি লিংকলৈ যাওক।
- এটা একাউন্ট বনাই লওক।
- আবেদন পত্ৰত সোধা সকলো সবিশেষ পূৰণ কৰক।
- সকলো প্ৰয়োজনীয় নথিপত্ৰ স্কেন আৰু আপলোড কৰক।
- অনলাইন মোডত আবেদন মাচুল দিব।
- এতিয়া আবেদন পত্ৰ জমা দিয়ক।
- আবেদন প্ৰ-পত্ৰৰ প্ৰিন্টআউট লৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে সুৰক্ষিত ৰাখক।
Hindustan Copper Limited Recruitment 2025 Official Notification
Hindustan Copper Limited Recruitment 2025 Apply Direct Link
কেনেকৈ কৰিব নিৰ্বাচন
এই পদসমূহৰ বাছনি প্ৰক্ৰিয়াৰ অধীনত প্ৰথমে প্ৰাৰ্থীসকলৰ আবেদন পৰীক্ষা কৰা হ’ব, তাৰ পিছত নথি-পত্ৰ পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব, য’ত কাৰিকৰী আৰু সাধাৰণ জ্ঞানৰ সৈতে জড়িত প্ৰশ্ন সোধা হ’ব। কিছুমান পদৰ বাবে ট্ৰেড টেষ্ট বা প্ৰেকটিকেল টেষ্টো ল’ব পাৰে। শেষত সকলো পৰ্যায়তে প্ৰদৰ্শনৰ ভিত্তিত প্ৰাৰ্থীৰ চূড়ান্ত নিৰ্বাচন কৰা হ’ব।
অন্য খবৰ পঢ়কঃ Govt Job: পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব, জানক…