লিখিত পৰীক্ষা নিদিয়াকৈ ডাক বিভাগত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Job: ডাক বিভাগত চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। ভাৰতীয় ডাক বিভাগত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।

লিখিত পৰীক্ষা নিদিয়াকৈ ডাক বিভাগত চাকৰি কৰাৰ সুযোগ! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

23 Mar 2025 17:14 PM

ভাৰতীয় ডাক((India Post) ত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। আপুনিও কোনো লিখিত পৰীক্ষা নিদিয়াকৈ ডাক বিভাগত চাকৰি লাভ কৰিব পাৰে। শেহতীয়াকৈ ডাক বিভাগে কাৰিকৰী তত্বাৱধায়কৰ পদ (Technical Supervisor in 2025)ৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে চাকৰি বিচাৰি থকা বা যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই পদৰ বাবে আবেদন কৰিব পাৰে। ভাৰতীয় ডাকত কাম কৰিব বিচৰাসকলে ডাক বিভাগৰ অফিচিয়েল ৱেবছাইট indiapost.gov.in ত গৈ আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, অন্তিম তাৰিখ ১৫ এপ্ৰিল ২০২৫।

অৰ্হতাঃ

  • প্ৰাৰ্থীসকলৰ বয়স ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।
  • শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল বা অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী বা ডিপ্লমা থকাটো বাধ্যতামূলক।
  • ইয়াৰোপৰি প্ৰাৰ্থী কোনো অটোমোবাইল প্ৰতিষ্ঠান বা চৰকাৰী কৰ্মশালাত কমেও দুবছৰৰ ব্যৱহাৰিক অভিজ্ঞতা থাকিব লাগে।

দৰমহা

ভাৰতীয় ডাক বিভাগে এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক ৭ম দৰমহা আয়োগৰ মতে পে লেভেল ৬ৰ অধীনত দৰমহা আৰু ভাট্টা প্ৰদান কৰিব।  ডাক বিভাগত কাম কৰিবলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে ই ভাল সুযোগ কাৰণ ইয়াৰ দৰমহা আকৰ্ষণীয় হ’ব।

কেনেকৈ হ’ব নিৰ্বাচন

এই নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ বাছনি প্ৰতিযোগিতামূলক বাণিজ্য পৰীক্ষা (TRADE TEST) ৰ ভিত্তিত কৰা হ’ব। পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ তাৰিখ আৰু স্থানৰ বিষয়ে পৃথকে পৃথকে অৱগত কৰা হ’ব। অৱশ্যে এই পৰীক্ষাত সফল হ’ব নোৱাৰা পৰীক্ষাৰ্থীলৈ কোনো তথ্য প্ৰেৰণ কৰা নহ’ব।

কেনেকৈ কৰিব আবেদন

প্ৰাৰ্থীৰ যদি ওপৰত উল্লেখ কৰা যোগ্যতাসমূহ আছে তেন্তে আবেদন পত্ৰ পূৰণ কি স্পী়ড পোষ্ট বা ৰেজিষ্টেৰ্ড ডাকৰ জৰিয়তে তলত দিয়া ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে-

মেইল মটৰ চাৰ্ভিচ, কলকাতা, ১৩৯, বেলেঘাটা ৰোড, কলকাতা-৭০০০১৫ৰ জ্যেষ্ঠ প্ৰবন্ধক (Senior Manager, Mail Motor Service, Kolkata, 139, Beleghata Road, Kolkata-700015)

আবেদন পত্ৰ থকা খামটোত স্পষ্টকৈ লিখিব লাগিব “কাৰিকৰী তত্বাৱধায়কৰ পদৰ বাবে আবেদন” Application for the post of Technical Supervisor)।

আবেদনৰ বিষয়ে অধিক জানিবলৈ- ক্লিক কৰক

 

অন্য খবৰ পঢ়কঃ Assam job: পুনৰ অসমত ওলাইছে চাকৰি: ক’ত, কেনেকৈ,কেতিয়া আবেদন কৰিব, জানক…

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...