5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SSCত ওলাইছে চাকৰিঃ দ্বাদশ উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন, চাওক সবিশেষ

ষ্টাফ চিলেকচন কমিছন, চমুকৈ SSC – য়ে মুকলি কৰিছে চাকৰি। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’লেই SSCৰ এই চাকৰিসমূহৰ বাবে কৰিব পাৰিব আবেদন। SSC – য়ে ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰুপ ডি পদৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বাবে আবেদন আহ্বান জনাইছে। ইতিমধ্যে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

SSCত ওলাইছে চাকৰিঃ দ্বাদশ উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন, চাওক সবিশেষ
SSCয়ে মুকলি কৰিছে চাকৰি
monjit-dutta
Monjit Dutta | Published: 28 Jul 2024 14:29 PM

চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। চৰকাৰী চাকৰি এটাৰ বাবে দীৰ্ঘদিন ধৰি অনুশীলন চলাই থকা যুৱক-যুৱতীসকলৰ প্ৰত্যাশা পূৰ্ণ কৰিব পৰাকৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি। ষ্টাফ চিলেকচন কমিছন, চমুকৈ SSC – য়ে মুকলি কৰিছে চাকৰি। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’লেই SSCৰ এই চাকৰিসমূহৰ বাবে কৰিব পাৰিব আবেদন। SSC – য়ে ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰুপ ডি পদৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বাবে আবেদন আহ্বান জনাইছে। ইতিমধ্যে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে কোনো পলম নকৰাকৈ যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৭ আগষ্টলৈকে SSC ৱেবছাইটতে অনলাইন আবেদন কৰিব পাৰিব। ষ্টাফ চিলেকচন কমিছনৰ অধিসূচনা অনুসৰি, ষ্টেনোগ্ৰাফাৰ পদৰ বাবে মুঠ ২০০৬ টা খালী পদ আছে। বিভিন্ন মন্ত্ৰালয় তথা বিভাগত এই পদসমূহ পূৰণ কৰা হ’ব।

ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। আনহাতে চি গ্ৰেডৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। আনহাতে ষ্টেন’গ্ৰাফাৰ গ্ৰেড ডি পদৰ বাবে বয়স ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত নিয়ম অনুসৰি বয়সৰ সীমা বৃদ্ধি কৰা হৈছে।

যোৱা ২৬ জুলাইৰ পৰা এই পদসমূহৰ বাবে আবেদন আৰম্ভ হৈছে আৰু ১৭ আগষ্টলৈকে প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব। আনহাতে প্ৰাৰ্থীসকলৰ মাচুল জমা কৰাৰ অন্তিম তাৰিখ হৈছে ১৮ আগষ্ট। ২৭ আৰু ২৮ আগষ্টত প্ৰাৰ্থীসকলে আবেদন প্ৰ-পত্ৰত সংশোধন কৰিব পাৰিব।

SSC – য়ে লগতে বিজ্ঞপ্তিটোত সদৰী কৰা মতে অহা অক্টোবৰ-নৱেম্বৰ মাহ কম্পিউটাৰ ভিত্তিক পৰীক্ষা অনুষ্ঠিত হ’ব। উল্লেখ্য যে ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু ডি পদৰ বাছনি প্ৰক্ৰিয়া দুটা পৰ্যায় হ’ব। প্ৰথম পৰ্যায়ত কম্পিউটাৰ ভিত্তিক অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাত বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ দিব লাগিব পৰীক্ষাৰ্থীসকলে।

এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যোগ্যৰ্তা অৰ্জন কৰা প্ৰাৰ্থীসকলে দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই দক্ষতা পৰীক্ষাত ষ্টেন’গ্ৰাফী আৰু টাইপিং টেষ্ট থাকিব। যিজন প্ৰাৰ্থীয়ে এই দুয়োটা বাছনি প্ৰক্ৰিয়াত উত্তীৰ্ণ হ’ব, তেওঁলোক চাকৰিৰ বাবে নিৰ্বাচিত হ’ব।

Latest News