শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

UPSCৰ শীৰ্ষস্থানত শক্তি ডুবেঃ এনে উদ্দেশ্যৰে বাচি লৈছিল অসামৰিক সেৱা…

আজি ঘোষিত ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফলত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ শক্তি ডুবেয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। মেধা আৰু কঠোৰ অধ্যৱসায়ৰ ফলত অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা শক্তি ডুবেই নামৰ দৰেই নিজৰ শিক্ষা আৰু লক্ষ্যৰ দিশতো দাঙি ধৰিছে মানসিক শক্তিৰ পৰিচয়।

UPSCৰ শীৰ্ষস্থানত শক্তি ডুবেঃ এনে উদ্দেশ্যৰে বাচি লৈছিল অসামৰিক সেৱা…
UPSCৰ শীৰ্ষস্থানত শক্তি ডুবেImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 22 Apr 2025 16:43 PM

কেন্দ্ৰীয় লোকসেৱা আয়োগে আজি ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফলত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ শক্তি ডুবেয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পিছতে দ্বিতীয় স্থান লাভ কৰে হৰ্ষিতা গোৱেলে। ফলাফল ঘোষণা হোৱাৰ পিছতে দেশজুৰি আলোচিত হৈছে শীৰ্ষস্থান প্ৰাপ্ত শক্তি ডুবেৰ বিষয়ে। মেধা আৰু কঠোৰ অধ্যৱসায়ৰ ফলত অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা শক্তি ডুবেই নামৰ দৰেই নিজৰ শিক্ষা আৰু লক্ষ্যৰ দিশতো দাঙি ধৰিছে মানসিক শক্তিৰ পৰিচয়।

শক্তি ডুবেই বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইউ পি এছ চিয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা মতে, শক্তিয়ে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে। শীৰ্ষস্থান প্ৰাপ্ত ডুবেৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত। স্কুলীয়া শিক্ষা আৰু স্নাতক ডিগ্ৰী তেওঁ প্ৰয়াগৰাজতে সম্পূৰ্ণ কৰিছিল।

এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)লৈ গৈছিল। ২০১৬ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভৰ পিছতে শক্তি ডুবেই অসামৰিক সেৱা পৰীক্ষা (UPSC)ৰ বাবে প্ৰস্তুতি চলাব বুলি সিদ্ধান্ত লয় আৰু সেই অনুসাৰে তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

এই লক্ষ্য আগত লৈ তেওঁ ২০১৮ চনৰ পৰা দেশৰ এই কঠিনতম পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। এক সাক্ষাৎকাৰত তেওঁ অসামৰিক সেৱাক কেৱল কেৰিয়াৰৰ বিকল্প নহয়, দেশ সেৱাৰো এক উপায় বুলি অভিহিত কৰিছিল। অৰ্থাৎ দেশ সেৱাৰ মনোভাৱেৰে অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহী হৈছিল শক্তি ডুবে। একাডেমীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শক্তি ডুবেক সোধা হৈছিল এক বিশেষ প্ৰশ্ন।

তথ্য অনুসৰি সাক্ষাৎকাৰত তেওঁক অযোধ্যাক যেনেকৈ ৰাম আৰু কাশী শিৱৰ বাবে পৰিচিত, ঠিক তেনেদৰে প্ৰয়াগৰাজক কি পৰিচয়েৰে জনা উচিত বুলি প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত তেওঁ অতি গৌৰৱেৰে প্ৰয়াগৰাজ গংগা, যমুনা আৰু সৰস্বতীৰ মিলন ঘটা ত্ৰিবেণী সংগমৰ বাবে পৰিচিত বুলি উল্লেখ কৰিছিল আৰু ধৰ্মীয় তথা সাংস্কৃতিক দৃষ্টিকোণৰ পৰা প্ৰয়াগৰাজ অতি পবিত্ৰ স্থান বুলি মত প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, বিগত বৰ্ষৰ ১৬ জুনত অনুষ্ঠিত হৈছিল অসামৰিক সেৱা (প্ৰাক) পৰীক্ষা, ২০২৪। এই পৰীক্ষাৰ বাবে মুঠ ৯,৯২,৫৯৯ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল আৰু ইয়াৰে ৫,৮৩,২১৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে মুঠ ১৪,৬২৭ গৰাকী পৰীক্ষাৰ্থীয়ে লিখিত (মূল) পৰীক্ষাত উত্তীৰ্ণ হয়। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা মূল পৰীক্ষাৰ ভিতৰত ২৮৪৫ গৰাকী পৰীক্ষাৰ্থীক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল।

ইয়াৰে ১০০৯ গৰাকী প্ৰাৰ্থীক ইউ পি এছ চিৰ পৰা বিভিন্ন সেৱাত নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া হৈছে। ইয়াৰে শীৰ্ষ ৫ গৰাকীৰ ভিতৰত আছে ৩ গৰাকী মহিলা আৰু ২ গৰাকী পুৰুষ। নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰা মুঠ ১০০৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭২৫ জন পুৰুষ আৰু ২৮৪ গৰাকী মহিলা প্ৰাৰ্থী আছে বুলি তথ্য প্ৰকাশ পাইছে।