এনচিচি প্ৰমাণপত্ৰ প্ৰাপ্তসকলে কি কি সুবিধা লাভ কৰে জানেনে? জানিবলৈ পঢ়ক এই লেখা…

ঐক্য আৰু অনুশাসনৰ শ্লোগানেৰে যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেমৰ উদ্বেগ ঘটোৱাৰ লগতে ভৱিষ্যতৰ বাহিনী নিৰ্মাণত এনচিচিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই এনচিচিৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল কেডেট কৰ্পছ। এনচিচিয়ে কেডেটসকলক নিৰ্ধাৰিত মান অনুসাৰে এ, বি আৰু চি প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই প্ৰমাণপত্ৰসমূহে কেডেটসকলক তেওঁলোকৰ ভৱিষ্যতত যথেষ্ট সুবিধা প্ৰদান কৰে।

এনচিচি প্ৰমাণপত্ৰ প্ৰাপ্তসকলে কি কি সুবিধা লাভ কৰে জানেনে? জানিবলৈ পঢ়ক এই লেখা...

এনচিচি কেডেট

Published: 

25 Jan 2025 15:31 PM

কাইলৈ ২৬ জানুৱাৰী, ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ মহৎ দিন। সমগ্ৰ দেশে কাইলৈ উদযাপন কৰিব গণৰাজ্য দিৱস। এই উপলক্ষে আয়োজন কৰা হ’ব ব্যাপক কাৰ্যসূচী। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ আটাইতকৈ দৃষ্টিনন্দন কাৰ্যসূচী হৈছে পেৰেড। আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ কুচ-কাৱাজ এই পেৰেডৰ অন্যতম আকৰ্ষণ। নিৰাপত্তা বাহিনীৰ লগতে কুচ-কাৱাজত এনচিচি কেডাৰসকলেও অংশগ্ৰহণ কৰে। ঐক্য আৰু অনুশাসনৰ শ্লোগানেৰে যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেমৰ উদ্বেগ ঘটোৱাৰ লগতে ভৱিষ্যতৰ বাহিনী নিৰ্মাণত এই এনচিচিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

এই এনচিচিৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল কেডেট কৰ্পছ। বিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এনচিচিত যোগদান কৰি নিজ ব্যক্তিত্বৰ উন্নতি সাধন কৰে। এনচিচিত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দিশত উপযুক্ত প্ৰশিক্ষণ লাভ কৰে। মূলতঃ যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰা এনচিচিৰ মূল উদ্দেশ্য। ১৯৪৮ চনৰ ৬ এপ্ৰিলত এই নেচনেল কেডেট কৰ্পছ (এনচিচি) স্থাপন কৰা হৈছিল।

এনচিচিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে এনচিচিত যোগ দি নিজৰ মাজত অনুশাসন, দেশপ্ৰেম আৰু সাহসবোধ গঢ়ি তোলে। এনচিচিয়ে যুৱক-যুৱতীসকলৰ উপযোগী হোৱাকৈ এক সঠিক সামৰিক পটভূমি নিৰ্মাণ কৰে। এনচিচিয়ে কেডেটসকলক নিৰ্ধাৰিত মান অনুসাৰে এ, বি আৰু চি প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই প্ৰমাণপত্ৰসমূহে কেডেটসকলক তেওঁলোকৰ ভৱিষ্যতত যথেষ্ট সুবিধা প্ৰদান কৰে।

এনচিচিত জুনিয়ৰ আৰু চিনিয়ৰ- এই দুটা বিভাগ আছে। জুনিয়ৰ ডিভিজন(JD) স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে গঠিত, আনহাতে ছিনিয়ৰ ডিভিজন(SD) কলেজীয়া ছাত্ৰ-ছাত্ৰীৰে গঠিত। জুনিয়ৰ ডিভিজনৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ শিবিৰৰ পিছত গ্ৰেড চাৰ্টিফিকেটৰ বাবে পৰীক্ষাত হাজিৰ হ’ব লাগে। আনহাতে ছিনিয়ৰ ডিভিজনত প্ৰশিক্ষণ শিবিৰৰ পিছত ছাত্ৰজনে প্ৰথম বৰ্ষত বি গ্ৰেড চাৰ্টিফিকেট পৰীক্ষাত আৰু দ্বিতীয় বৰ্ষত চি গ্ৰেড চাৰ্টিফিকেট পৰীক্ষাত হাজিৰ হ’ব লাগে।

উল্লেখ্য যে এনচিচিৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ হ’লে সামগ্ৰিকভাৱে ৫০% নম্বৰ লাভ কৰিব লাগিব। এনচিচিৰ প্ৰমাণ পত্ৰ থকা প্ৰাৰ্থীয়ে সেনা, আৰক্ষী আৰু আন বহু চৰকাৰী চাকৰিত ৰেহাই পায়। প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি বাছনিৰ সময়ত নম্বৰত কিছু ৰেহাই লাভ কৰে। এনচিচিৰ প্ৰমাণ পত্ৰৰ সহায়ত বহু মহাবিদ্যালয়ত নামভৰ্তি লোৱাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীয়ে ৰেহাই পায়। গতিকে শিক্ষা জীৱনত এনচিচিৰ সৈতে জড়িত হোৱা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট লাভৱান হ’ব পাৰে।

প্ৰায়ে হয় নেকি ধনৰ সমস্যা? তেন্তে নকৰিব এই ভুল...
মাত্ৰ এমাহ এইদৰে ব্যৱহাৰ কৰক ভিটামিন E কেপচুল আৰু এলোভেৰা জেল, হৈ পৰিব ধুনীয়া
কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?