আজিয়েই অন্তিম সুযোগঃ আজি অন্ত পৰিব SSCত আপত্তি দাখিলৰ সীমা, চাওক সবিশেষ

SSC – এ শেহতীয়াকৈ অনুষ্ঠিত কৰিছিল মাল্টি টাস্কিং (অকাৰিকৰী) ষ্টাফ আৰু হাবিলদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা। এই পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকাও ইতিমধ্যে  মুকলি কৰিছে ষ্টাফ চিলেকশ্যন কমিচনে আৰু এইক্ষেত্ৰত আপত্তি দাখিলৰ বাবে সীমা নিৰ্ধাৰণ কৰিছিল। আজি এই সন্দৰ্ভত আপত্তি দাখিল কৰাৰ অন্তিম তাৰিখ।

আজিয়েই অন্তিম সুযোগঃ আজি অন্ত পৰিব SSCত আপত্তি দাখিলৰ সীমা, চাওক সবিশেষ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

02 Dec 2024 14:32 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC – এ শেহতীয়াকৈ অনুষ্ঠিত কৰিছিল মাল্টি টাস্কিং (অকাৰিকৰী) ষ্টাফ আৰু হাবিলদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা। এই পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকাও ইতিমধ্যে  মুকলি কৰিছে ষ্টাফ চিলেকশ্যন কমিচনে আৰু এইক্ষেত্ৰত আপত্তি দাখিলৰ বাবে সীমা নিৰ্ধাৰণ কৰিছিল। আজি এই সন্দৰ্ভত আপত্তি দাখিল কৰাৰ অন্তিম তাৰিখ। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ আপত্তি পঞ্জীয়ন কৰিব পাৰিব। আপত্তি দাখিল কৰা প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ বাবে ১০০ টকা মাচুল জমা দিব লাগিব।

উল্লেখ্য যে যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত দেশৰ বিভিন্ন কেন্দ্ৰত SSC – ৰ এই মাল্টি টাস্কিং (অকাৰিকৰী) ষ্টাফ আৰু হাবিলদাৰ (চিবিআইচি আৰু চিবিএন)ৰ  Tier 1 পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত যোৱা ২৯ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত উত্তৰ তালিকা মুকলি কৰা হয়। চৰকাৰী জাননী অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে ২ ডিচেম্বৰ, অৰ্থাৎ আজি সন্ধিয়া ৫ বজালৈকে আপত্তি দাখিল কৰিব পাৰিব।

এই নিৰ্ধাৰিত সময়ৰ পিছত পৰীক্ষাৰ্থীৰ কোনো আপত্তি আয়োগে বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছে। SSC – ৰ এই সময়সীমা আৰু কিছুসময়ৰ পিছতে অন্ত পৰিব। যদি আপুনি এতিয়াও আপত্তি দাখিল কৰা নাই, তেতিয়াহ’লে এতিয়াই এইদৰে কৰক আপত্তি দাখিল-

SSC ssc.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।

হোম পেজত SSC MTS-Havildar Answer Key ৰ লিংকত ক্লিক কৰক।

এটা PDF খোল খাব আৰু ইয়াত দিয়া লিংকটোত ক্লিক কৰিব।

এতিয়া ৰেজিষ্ট্ৰেচন নম্বৰ আদিৰ দৰে তথ্য পূৰ কৰি লগইন কৰক।

নিৰ্দিষ্ট প্ৰশ্নটো নিৰ্বাচন কৰক আৰু মাচুল দিয়াৰ পিছত জমা দিয়ক।

অস্থায়ী উত্তৰ তালিকাত লাভ কৰা আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত Tier 1 পৰীক্ষাৰ চূড়ান্ত উত্তৰ তালিকা আৰু ফলাফল ঘোষণা কৰা হ’ব। সফল পৰীক্ষাৰ্থীসকলে Tier 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে এছ এছ চিৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ষ্টাফ চিলেকশ্যন কমিচন মুঠ ৯,৫৮৩টা পদত নিযুক্তি দিব। ইয়াৰ ভিতৰত ৬,১৪৪টা পদ মাল্টি টাস্কিং (অকাৰিকৰী) ষ্টাফৰ আৰু ৩,৪৩৯টা হাবিলদাৰৰ পদ আছে।

খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত
টেলিভিচনৰ পৰা বলীউডলৈ অনন্য যাত্ৰাৰে দৰ্শকৰ মন মোহা বিক্ৰান্তে সামৰিলে অভিনয় কেৰিয়াৰ
প্ৰথমে পাইছিল ৮০০ টকা দৰমহা! এতিয়া ইমান কোটি টকাৰ মালিক বিক্ৰান্ত মেছী...
১ টকীয়া মুদ্ৰা আৰু ৫০০ টকীয়া নোট ছপা কৰিলে কিমান খৰচ হয়? জানক...