কোনটো মোডত অনুষ্ঠিত হ’ব NEET UG 2025 পৰীক্ষা? কি ক’লে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে ?

NEET UG 2025 Exam ত বহু পৰিৱৰ্তন কৰিব পাৰে। পৰীক্ষাটো চিবিটি মোডত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । নেশ্যনেল টেষ্টিঙৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে।

কোনটো মোডত অনুষ্ঠিত হ’ব NEET UG 2025 পৰীক্ষা? কি কলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে ?

NEET পৰীক্ষা অনুষ্ঠিত কৰিব NTA ৰ দ্বাৰা

Updated On: 

17 Dec 2024 15:48 PM

MBBS, BDS আৰু অন্যান্য মেডিকেল স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে NEET UG 2025 Exam ত বহু পৰিৱৰ্তন কৰিব পাৰে। পৰীক্ষাটো চিবিটি মোডত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । নেশ্যনেল টেষ্টিঙৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে। আনহাতে আজি ১৭ ডিচেম্বৰত সংসদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, আগন্তুক সময়ত এন টি এত বহু পৰিৱৰ্তন কৰা হ’ব।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, NEET UG পৰীক্ষা অনলাইন মোড বা পেন পেপাৰ মোডত অনুষ্ঠিত কৰিব পৰা যায়। তেওঁ কয় যে, NEET UG 2025 কেনে ধৰণেৰে অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে। এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব। তেওঁ কয় যে, বছৰত এবাৰকৈ CUET পৰীক্ষা অনুষ্ঠিত হ’ব।

কেতিয়াৰ পৰা আৰম্ভ হব পঞ্জীয়ন?

NEET UG 2025 ৰ পঞ্জীয়ন প্ৰক্ৰিয়া ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এইবাৰ NEET UG ৰ বাবে আবেদন প্ৰক্ৰিয়া ৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ১৬ মাৰ্চলৈকে চলিছিল। ৫ মে’ত পেন পেপাৰ মোডত পৰীক্ষা অনুষ্ঠিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০২৫ চনৰ জানুৱাৰী মাহত এনটিএই অধিসূচনা জাৰি কৰিব পাৰে।

পৰীক্ষাত কিমানজন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হয়?

প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে NEET UG পৰীক্ষাত অৱতীৰ্ণ হয়। ২০২৪ চনৰ পৰীক্ষাত মুঠ ২৩,৩৩,২৯৭ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল, ইয়াৰে ৯,৯৮,২০৫ জন পুৰুষ, ১৩,৩৪,৯৪০ গৰাকী মহিলা আৰু ১৭ গৰাকী তৃতীয় লিংগৰ পৰীক্ষাৰ্থী। সৰ্বাধিক পঞ্জীয়ন NEET UG 2024 ত কৰা হৈছিল। NEET UG counseling ৰ আয়োজন কৰে মেডিকেল কাউন্সিল কমিটিৰ দ্বাৰা। পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীক ৰেংক আৰু নম্বৰৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয়ত আসন আবণ্টন দিয়া হয়।

ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?