বাবৰ বা মহম্মদ ঘোৰীৰ আক্ৰমণ নহয়, সমাজ বিজ্ঞানত এতিয়া ভাৰতৰ শিশুৱে পঢ়িব ‘দেশৰ কথা’
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে এনচিইআৰটিয়ে। নতুন কিতাপসমূহৰ পৰা মোগল আৰু দিল্লীৰ চুলতানী শাসনৰ সৈতে জড়িত অধ্যায়সমূহ আঁতৰাই তাৰ ঠাইত প্ৰাচীন ৰাজবংশ, ভূগোল, মেক ইন ইণ্ডিয়া আৰু ‘বেটি বচাও, বেটি পঢ়াও’ৰ দৰে চৰকাৰী আঁচনিৰ সৈতে জড়িত নতুন অধ্যায় সংযোজন কৰা হৈছে।

প্ৰতিনিধিত্বমূলক ছবি
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে এনচিইআৰটিয়ে। নতুন কিতাপসমূহৰ পৰা মোগল আৰু দিল্লীৰ চুলতানী শাসনৰ সৈতে জড়িত অধ্যায়সমূহ আঁতৰাই তাৰ ঠাইত প্ৰাচীন ৰাজবংশ, ভূগোল, মেক ইন ইণ্ডিয়া আৰু ‘বেটি বচাও, বেটি পঢ়াও’ৰ দৰে চৰকাৰী আঁচনিৰ সৈতে জড়িত নতুন অধ্যায় সংযোজন কৰা হৈছে। নতুন শিক্ষা নীতি (এন ই পি) আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এন চি এফ এছ ই) ২০২৩ অনুসৰি এই পৰিৱৰ্তনসমূহ কৰা হৈছে পাঠ্যপুথিত। ভাৰতৰ পৰম্পৰা, শিক্ষা ব্যৱস্থা আৰু স্থানীয় প্ৰেক্ষাপটক অগ্ৰাধিকাৰ দি এই পৰিৱৰ্তন ঘটোৱা হৈছে।
এনচিইআৰটিৰ বিষয়াসকলৰ মতে বৰ্তমান মুকলি হোৱা কিতাপসমূহ প্ৰথম খণ্ডৰ। আগন্তুক মাহত কিতাপসমূহৰ দ্বিতীয় খণ্ড মুকলি কৰা হ’ব। ইফালে, আঁতৰোৱা অধ্যায়সমূহ পৰৱৰ্তী কিতাপত অন্তৰ্ভুক্ত হ’ব নে নহয় সেয়া নিশ্চিত কৰা নাই বিষয়াসকলে। “Exploring Society: India and Beyond” নামৰ নতুন গ্ৰন্থখনত এতিয়া মৌৰ্য, মগধ, সাতবাহন আদি প্ৰাচীন ভাৰতীয় বংশৰ অধ্যায় আছে।
নতুন পাঠ্যপুথি সমূহত ‘How the Land Becomes Sacred’ শীৰ্ষক অধ্যায়টোত শিশুসকলৰ বাবে ভাৰতৰ ধৰ্মীয় স্থান আৰু তীৰ্থযাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত চাৰ ধাম যাত্ৰা, ১২টা জ্যোতিৰ্লিংগ আৰু শক্তি পীঠৰ লগতে নদী, পৰ্বত আৰু বনাঞ্চলৰ সংগমক পবিত্ৰ স্থান হিচাপে চিত্ৰিত কৰা হৈছে। শেহতীয়াকৈ প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভ মেলাত অংশগ্ৰহণ কৰা ৬৬ কোটি লোকৰ কথাও গ্ৰন্থখনত উল্লেখ কৰা হৈছে। অৱশ্যে তাত উৎপত্তি হোৱা হুলস্থুলীয়া পৰিৱেশ আৰু মৃত্যুৰ কথা পাঠ্যপুথিত উল্লেখ কৰা হোৱা নাই।
নতুন গ্ৰন্থখনত ভাৰতৰ সংবিধান আৰু ত্ৰিৰংগ পতাকাত কৰা পৰিৱৰ্তনৰ ওপৰতো গুৰুত্বপূৰ্ণ অধ্যায় সন্নিৱিষ্ট কৰা হৈছে। এই অধ্যায়ত ২০০৪ চনৰ পূৰ্বে কিদৰে জনসাধাৰণে নিজ ঘৰত পতাকা উত্তোলন কৰিব পৰা নাছিল, ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে এজন নাগৰিকৰ আবেদনৰ ওপৰত কৰা ৰায়দান আৰু পতাকা উত্তোলন কেনেকৈ মত প্ৰকাশৰ স্বাধীনতাৰ অধীনলৈ আহিল সেই বিষয়ে উল্লেখ আছে।
এতিয়া ‘পুৰ্বী’ শীৰ্ষক ইংৰাজী গ্ৰন্থখনত ১৫টা গল্পৰ ভিতৰত ভাৰতীয় মহান লেখকৰ ৯টা গল্প অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, কালাম আৰু ৰাস্কিন বণ্ডৰো ৰচনা আছে। ইফালে এনচিইআৰটিৰ এনে পদক্ষেপৰ পিছতে বিৰোধী নেতাসকলে কিতাপসমূহৰ এই পৰিৱৰ্তনসমূহক ‘গেৰুৱাকৰণ’ বুলি অভিহিত কৰিছে।