NALCO: দশম আৰু দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি! এনেকৈ কৰক আবেদন…

JOB: চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো NALCO ত ওলাইছে চাকৰি। NALCO য়ে জাৰি কৰা জাননী অনুসৰি খালী হোৱা পদৰ বাবে দশম, দ্বাদশ উত্তীৰ্ণসকলেও কৰিব পাৰিব আবেদন।

NALCO: দশম আৰু দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি! এনেকৈ কৰক আবেদন...

চৰকাৰী চাকৰি ওলাইছে

Published: 

19 Jan 2025 14:15 PM

যদি আপুনি দশম, দ্বাদশ বা আই টি আইত উত্তীৰ্ণ তেন্তে এয়া আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ। কিয়নো আপুনিও লাভ কৰিব পাৰে চৰকাৰী চাকৰি। নেচনেল এলুমিনিয়াম কোম্পানী লিমিটেড অৰ্থাৎ NALCO য়ে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NALCO য়ে নন-একজুকেটিভ (non-executive) ৰ খালী পদ ভৰ্তি কৰিব। এই পদসমূহৰ ভিতৰত আছে আপাৰেটৰ, ফিটাৰ, লেক্ট্ৰিকেল, নাৰ্ছ, ফাৰ্মাচিষ্ট আদি। এই পদৰ বাবে আবেদন কৰিবলৈ যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে nalcoindia.com ৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে।

আবেদন প্ৰক্ৰিয়া

আবেদনৰ শেষ সময়সীমা ২১ জানুৱাৰী, ২০২৫। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ইয়াৰ পূৰ্বে অনলাইন আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰাৰ সময়ত নিজৰ পৰীক্ষা কেন্দ্ৰৰ পছন্দ দিব পাৰে।

শিক্ষাগত অৰ্হতা

  • লেবৰেটৰী টেকনিচিয়ান আৰু অন্যান্য পদৰ বাবে: দশম, দ্বাদশ, ডিপ্লমা, আই টি আই বা বি.এছ.চি.
  • টেকনিচিয়ান আৰু অপাৰেটৰ পদৰ বাবে: প্ৰাৰ্থীয়ে সংশ্লিষ্ট ক্ষেত্ৰত ডিপ্লমা বা আই টি আই লাভ কৰিব লাগিব।

এই পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ২৭ বছৰৰ পৰা ৩৫ বছৰৰ হ’ব লাগিব । বয়সৰ গণনা ২১ জানুৱাৰী, ২০২৫ ৰ আধাৰত কৰা হ’ব। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীক বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ’ব।

মাচুল

  • জেনেৰেল, অবিচি, ই ডব্লিউ এছ- ১০০ টকা
  • এছ চি, এছ টি,পি ডব্লিউ ডি, প্ৰাক্তন কৰ্মচাৰীঃ কোনো মাচুল দিব নালাগে
  • মাচুল অনলাইন আদায় দিব পাৰিব।

নিৰ্বাচন প্ৰক্ৰিয়া

এই পদৰ বাবে প্ৰাৰ্থীসকলক কম্পিউটাৰ ভিত্তিক পৰীক্ষা অৰ্থাৎ চিবিটি মোডৰ জৰিয়তে বাছনি কৰা হ’ব। পৰীক্ষাত ১০০টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে ১ নম্বৰকৈ থাকিব। পৰীক্ষাত ৬০ শতাংশ প্ৰশ্ন কাৰিকৰী বিষয়ৰ আৰু ৪০ শতাংশ প্ৰশ্ন সাধাৰণ বিষয়ৰ হ’ব। পৰীক্ষাৰ বাবে নিৰ্ধাৰিত সময় হ’ব ২ ঘণ্টা অৰ্থাৎ ১২০ মিনিট। অধিক জানিবৰ বাবে-  nalcoindia.com ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ত চাকৰি লাভৰ সুযোগ! এনেকৈ কৰক আবেদন…

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া