আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱসঃ কেতিয়াৰ পৰা আৰু কিয় এই দিৱস উদযাপন কৰা হৈছে জানেনে?
দেশত প্ৰতি বছৰে আজিৰ দিনটো অৰ্থাৎ ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰি অহা হৈছে। শিক্ষাৰ এক গুণগত পৰিৱেশৰ বাবে সজাগতা সৃষ্টিত এই দিৱসে গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা। পিছে এই দিৱস কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হৈছে জানেনে?
আজি দেশত পালন কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস। দেশত প্ৰতি বছৰে আজিৰ দিনটো অৰ্থাৎ ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰি অহা হৈছে। শিক্ষাৰ এক গুণগত পৰিৱেশৰ বাবে সজাগতা সৃষ্টিত এই দিৱসে গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম জয়ন্তী উপলক্ষে ১১ নৱেম্বৰ দিনটোত দেশত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হয়। এই দিৱসত ভাৰতত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ লগতে বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত মৌলানা আবুল কালাম আজাদৰ প্ৰচেষ্টাক সশ্ৰদ্ধ স্মৰণ কৰা হয়।
এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ হিচাপে মৌলানা আবুল কালাম আজাদ চিৰ নমস্য হৈ আহিছে দেশবাসীৰ মাজত। শিক্ষাৰ ক্ষেত্ৰত মৌলানা আবুল কালাম আজাদে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটাৰেও সন্মানিত কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত এনে অনন্য অৱদানক সন্মান জনাই শিক্ষা মন্ত্ৰালয়ে মৌলানা আবুল কালাম আজাদৰ জন্মদিনটোক ২০০৮ চনত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে ঘোষণা কৰিছিল।
তেতিয়াৰ পৰাই প্ৰতি বছৰে ১১ নৱেম্বৰ দিনটোত ‘ৰাষ্ট্ৰীয় শিক্ষা দিৱস’ পালন কৰিবলৈ আৰম্ভ কৰা হয়। ‘ৰাষ্ট্ৰীয় শিক্ষা দিৱস’- ৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিয়া, উদ্ভাৱনক উৎসাহিত কৰা আৰু সকলো নাগৰিকৰ বাবে গুণগত শিক্ষা যাতে উপলব্ধ হয় সেয়া নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ গুৰুত্বৰ ওপৰত তেওঁ অত্যন্ত গুৰুত্ব আৰোপ কৰিছিল।
দেশৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপে থকা কালত মৌলানা আবুল কালাম আজাদে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰসাৰৰ লগতে উচ্চ শিক্ষাৰ সুযোগ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ লগতে কন্যা শিক্ষাৰ বাবেও অনুপ্ৰাণিত কৰিছিল। মৌলানা আবুল কালাম আজাদক স্বাধীন ভাৰতৰ এগৰাকী বিশিষ্ট স্থপতি বুলি কোৱা হয়। শিক্ষামন্ত্ৰী হিচাপে থকা সময়ছোৱাত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) স্থাপনৰ পৰামৰ্শ দিছিল।
তেওঁৰ এই পৰামৰ্শৰ ভিত্তিতে পিছত বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ UGC গঠন কৰা হৈছিল। ১৯২০ চনত উত্তৰ প্ৰদেশৰ আলিগড়ত জামিয়া মিলিয়া ইছলামিয়া প্ৰতিষ্ঠা কৰাৰ সময়তো তেওঁ প্ৰতিষ্ঠা সমিতিৰ সদস্য নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত ১৯৩৪ চনত বিশ্ববিদ্যালয় চৌহদ নতুন দিল্লীলৈ স্থানান্তৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ১৯৮৯ চনত সমাজৰ শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মাজত শিক্ষাৰ প্ৰচাৰৰ বাবে তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মৌলানা আজাদ শিক্ষা ফাউণ্ডেচন স্থাপন কৰিছিল। মন্ত্ৰালয়ে লগতে M.Phil. and PhDৰ দৰে উচ্চ শিক্ষা গ্ৰহণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলক বিত্তীয় সাহায্যৰ ৰূপত তেওঁৰ নামত মৌলানা আবুল কালাম আজাদ ৰাষ্ট্ৰীয় ফেল’শ্বিপো আগবঢ়ায়।