UGC NETৰ এডমিট কাৰ্ড ডাউনলোড কৰিলে নে? এতিয়াই এইদৰে কৰক ডাউনলোড

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA- ই মুকলি কৰিছে UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড। অহা ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে সংস্থাটোৱে। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীয়ে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.inৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

UGC NETৰ এডমিট কাৰ্ড ডাউনলোড কৰিলে নে? এতিয়াই এইদৰে কৰক ডাউনলোড

প্ৰতিনিধিত্বমূলক ছবি

Published: 

12 Jan 2025 17:14 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA- ই মুকলি কৰিছে UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড। অহা ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে সংস্থাটোৱে। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীয়ে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.inৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই পৰীক্ষা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ পিছত ৬ জানুৱাৰীৰ পৰা ৭, ৮, ৯ আৰু ১০ জানুৱাৰীলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল।

সেই অনুসাৰে পৰ্যায়ক্ৰমে পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰদান কৰা হৈছিল। এতিয়া অহা ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এইপৰ্যন্ত আগন্তুক দুদিনৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰা নাই, তেওঁলোকে তলত দিয়া পদ্ধতি অনুসৰণ কৰি UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-

প্ৰথমে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in লৈ যাওক।

তাৰ পিছত এডমিট কাৰ্ড পেজলৈ যাওক।

ইয়াৰ পিছত আপোনাৰ আবেদন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি লগইন দিয়ক।

এতিয়া আপোনাৰ UGC NET Admit Card চাওক আৰু ডাউনলোড কৰক।

এডমিট কাৰ্ডত আণ্ডাৰটেকিং পত্ৰও সংলগ্ন থাকিব। পৰীক্ষাৰ্থীসকলে আণ্ডাৰটেকিং পৃষ্ঠাসহ এডমিট কাৰ্ডৰ সকলো পৃষ্ঠা পৰীক্ষাস্থলীলৈ লৈ যাব লাগিব। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA- ই প্ৰাৰ্থীসকলক এডমিট কাৰ্ডত ফটো, স্বাক্ষৰ, বাৰক’ড আৰু QR ক’ড যাতে স্পষ্ট হৈ পৰে, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে। অন্যথা পৰীক্ষাৰ্থীসকলে পুনৰ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব।

এডমিট কাৰ্ড ডাউনলোড কৰাত কোনো সমস্যা হ’লে বা এডমিট কাৰ্ডত কোনো তথ্য ভুলকৈ উল্লেখ থাকিলে পৰীক্ষাৰ্থীসকলে তাৎক্ষণিকভাৱে NTA ৰ সৈতে ০১১- ৪০৭৫৯০০০ নম্বৰত যোগাযোগ কৰিব পাৰে বা ugcnet@nta.ac.inলৈ ই-মেইল কৰিব পাৰে।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা