UGC NET পৰীক্ষাৰ প্ৰমাণ পত্ৰ মুকলিঃ এইদৰে কৰিব পাৰিব ডাউনলোড…

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA- ই মুকলি কৰিছে UGC NET জুন ২০২৪ পৰীক্ষাৰ প্ৰমাণ পত্ৰ। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে UGC NETৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ প্ৰমাণ পত্ৰ পৰীক্ষা কৰি ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে বিগত ২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত এই UGC NET জুন পৰীক্ষা অনুষ্ঠিত হৈছিল।

UGC NET পৰীক্ষাৰ প্ৰমাণ পত্ৰ মুকলিঃ এইদৰে কৰিব পাৰিব ডাউনলোড…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

26 Dec 2024 21:09 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA- ই মুকলি কৰিছে UGC NET জুন ২০২৪ পৰীক্ষাৰ প্ৰমাণ পত্ৰ। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে UGC NETৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ প্ৰমাণ পত্ৰ পৰীক্ষা কৰি ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে বিগত ২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত এই UGC NET জুন পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ পিছতে যোৱা ২৭ অক্টোবৰত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।

এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে আজিৰ পৰাই প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰমাণ পত্ৰ ডাউনলোডৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতি অনুসৰণ কৰিব পাৰে-

প্ৰথমে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in লৈ যাওক।

তাৰ পিছত হোম পেজত উপলব্ধ UGC NET June 2024 Certificate লিংকত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব।

এতিয়া প্ৰাৰ্থীসকলে লগইনৰ বাবে প্ৰয়োজনীয় তথ্য পূৰ কৰক।

এতিয়া submit ত ক্লিক কৰক।

ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত প্ৰমাণপত্ৰ দেখা পাব।

প্ৰমাণপত্ৰ পৰীক্ষা কৰি ডাউনলোড কৰক।

যদি কোনো প্ৰাৰ্থীয়ে প্ৰমাণপত্ৰ ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হৈছে তেন্তে তেওঁ ugcnet@nta.ac.in বা ecertificate@nta.ac.inলৈ ইমেইল কৰিব পাৰে।

লক্ষণীয়ভাৱে নেচনেল টেষ্টিং এজেন্সীয়ে UGC NET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ ‘city intimation slip’-ও প্ৰকাশ কৰিছে। ইতিমধ্যে ৱেবছাইটত উপলব্ধ হৈছে এই পৰীক্ষা চহৰৰ শ্লিপ। অৱশ্যে কেৱল অহা বৰ্ষৰ ৩ জানুৱাৰী্ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবেহে এই চিটি শ্লিপ প্ৰদান কৰা হৈছে। UGC NET December 2024 পৰীক্ষা অহা ৩ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব।

এই পৰীক্ষা ৮৫টা বিষয়ৰ বাবে কম্পিউটাৰ বেছড টেষ্ট মোডত দুটা শ্বিফটত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্ট পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফ্ট বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।  প্ৰশ্নকাকতৰ মাধ্যম কেৱল ইংৰাজী আৰু হিন্দী হ’ব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাব পাৰে।

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!