NCERT-ত ওলাইছে চাকৰিঃ দৰমহা প্ৰতি মাহে ৫৮,০০০, এনেকৈ কৰক আবেদন…

চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি আৰু ইয়াৰ বাবে আপুনি শীঘ্ৰেই কৰিব পাৰে আবেদন। শেহতীয়াকৈ নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ এনচিইআৰটিয়ে নিজৰ গৱেষণা বিভাগত চাকৰিৰ বাবে অধিসূচনা জাৰি কৰিছে।

NCERT-ত ওলাইছে চাকৰিঃ দৰমহা প্ৰতি মাহে ৫৮,০০০, এনেকৈ কৰক আবেদন...

চাকৰি

Published: 

03 Dec 2024 12:07 PM

চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ! কিয়নো নতুন বছৰে আপোনালৈ লৈ আহিব পাৰে আশাৰ ৰেঙণি। চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি আৰু ইয়াৰ বাবে আপুনি শীঘ্ৰেই কৰিব পাৰে আবেদন। শেহতীয়াকৈ নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ এনচিইআৰটিয়ে নিজৰ গৱেষণা বিভাগত চাকৰিৰ বাবে অধিসূচনা জাৰি কৰিছে।  এই নিযুক্তি গৱেষণা সহযোগী (Research Associateship) পদত হ’ব। ইচ্ছুক প্ৰাৰ্থীয়ে NCERT ৰ অফিচিয়েল ৱেবছাইট https://ncert.nic.in/ ৰ জৰিয়তে আবেদন কৰিব পাৰিব। বিজ্ঞাপন জাৰি কৰাৰ ৩০ দিনৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

বয়স

NCERT ৰ  গৱেষণা সহযোগিতা পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব। ৩৫ বছৰৰ ওপৰৰ ব্যক্তিয়ে আবেদনৰ কৰিব নোৱাৰিব।  অৱশ্যে চৰকাৰী নিয়ম অনুসৰি অনুসূচিত জাতি, অনুসূচিত জাতি, অবিচি আৰু বিশেষভাৱে সক্ষম শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ’ব।

দৰমহা

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৫৮ হাজাৰ টকা দৰমহা লাভ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে এনচিইআৰটিৰ মানদণ্ড অনুসৰি ৰে’লত দ্বিতীয় এচিত যাত্ৰা কৰাৰ দৰে সুবিধা আৰু থকাৰ সুবিধাও লাভ কৰিব।

চৰ্ত

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে অফাৰ লেটাৰ প্ৰদানৰ তাৰিখৰ পৰা ৩ সপ্তাহৰ ভিতৰত নিৰ্ধাৰিত ফৰ্মেটত আনুষ্ঠানিক গ্ৰহণযোগ্যতা প্ৰেৰণ কৰাটো বাধ্যতামূলক। ইয়াৰ লগতে প্ৰাৰ্থীজনে নিবনুৱা প্ৰমাণ পত্ৰও সংলগ্ন কৰি পঠিয়াব লাগিব। ইয়াৰ উপৰিও যোগদানৰ সময়ত পৰীক্ষাৰ্থীয়ে নিজৰ মেডিকেল চাৰ্টিফিকেটও জমা দিব লাগিব।

ঠিকাভিত্তিক

অৱশ্যে ৰিচাৰ্চ এছ’চিয়েটশ্বিপৰ এই চাকৰি ঠিকাভিত্তিক হব। চুক্তিৰ সময়সীমা ১ বছৰ বা ২ বছৰ হব পাৰে। কিন্তু সংশ্লিষ্ট বিভাগৰ সঞ্চালকৰ পৰামৰ্শ মতে এই চুক্তি আৰু এবছৰৰ বাবে বৃদ্ধি কৰিব পৰা যায়। নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ২.৫ দিনৰ ছুটী লাভ কৰিব, কিন্তু এবাৰত তেওঁ ৫ টাতকৈ অধিক ছুটী লব নোৱাৰে। ইয়াৰোপৰি কোনো মহিলাই মাহেকীয়াৰ সময়ত ছুটী ললে তাৰ বাবদ কোনো দৰমহা নাপায়

কোনে কৰিব পাৰিব আবেদন

NCERT ৰ  গৱেষণা সহযোগিতাৰ এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ স্কুলীয়া শিক্ষাৰ লগত জড়িত বিষয়ত পি এইচ ডি ডিগ্ৰী থাকিব লাগিব আৰু এই পদত কেৱল ভাৰতীয় নাগৰিকেহে আৱেদন কৰিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ ওলাইছে চৰকাৰী চাকৰিঃ দৰমহা প্ৰতিমাহে ৮৪,০০০, আজিয়েই কৰক আবেদন…

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...