5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

NEET PG পৰীক্ষাৰ এডমিট কাৰ্ড এই দিনটোত কৰা হ’ব মুকলিঃ কেনেদৰে কৰিব ডাউনলোড, চাওক..

অহা ১১ আগষ্টত অনুষ্ঠিত হ'ব NEET PG পৰীক্ষা। সমগ্ৰ দেশৰ মুঠ ১৮৫টা কেন্দ্ৰত দুটা শ্বিফ্টত এই NEET PG পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ বাবে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ চিটি শ্লিপ কেতিয়া প্ৰদান কৰা হ'ব সেই বিষয়ে ইতিমধ্যে NBEMS- এ প্ৰকাশ কৰিছে।

NEET PG পৰীক্ষাৰ এডমিট কাৰ্ড এই দিনটোত কৰা হ’ব মুকলিঃ কেনেদৰে কৰিব ডাউনলোড, চাওক..
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 19 Jul 2024 21:34 PM

দেশৰ কেইবাটাও আগশাৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত দেখা দিয়া বিসংগতি তথা অনিয়মৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে এবাৰ স্থগিত ৰখা NEET PG পৰীক্ষা অহা ১১ আগষ্টত অনুষ্ঠিত হ’ব। নেচনেল ব’ৰ্ড অৱ এগ্জামিনেচন ইন মেডিকেল চাইন্স, চমুকৈ NBEMS- এ বৃ্হস্পতিবাৰে এক বিবৃতি যোগে এই বিষয়ে সদৰী কৰিছিল। NBEMS- এ লগতে এই পৰীক্ষা দুটা শ্বিফ্টত চিবিটি মোডত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল। সমগ্ৰ দেশৰ মুঠ ১৮৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই NEET PG পৰীক্ষা। এই পৰীক্ষাৰ বাবে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ চিটি শ্লিপ কেতিয়া প্ৰদান কৰা হ’ব সেই বিষয়ে ইতিমধ্যে NBEMS- এ প্ৰকাশ কৰিছে।

NEET PG পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আজিৰ পৰাই ২২ জুলাইৰ নিশা ১১.৫৫ বজালৈ অফিচিয়েল ৱেবছাইট natboard.edu.in ত নিজৰ পৰীক্ষা কেন্দ্ৰৰ চহৰ নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত ২৯ জুলাইত ইমেইলৰ জৰিয়তে সংশ্লিষ্ট সকলো পৰীক্ষাৰ্থীক দিয়া পৰীক্ষা কেন্দ্ৰৰ বাবে আবণ্টিত চহৰৰ বিষয়ে তথ্য প্ৰদান কৰা হ’ব।

আনহাতে অহা ৮ আগষ্টত মুকলি কৰা হ’ব পৰীক্ষাৰ এডমিট কাৰ্ড। এডিমিট কাৰ্ডতে পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা কেন্দ্ৰৰ তথ্য প্ৰদান কৰা হ’ব। ইতিমধ্যে NBEMS- এ স্পষ্ট কৰি দিছে যে NEET PG পৰীক্ষাৰ পূৰ্বৰ দিনাংক ২৩ জুনৰ বাবে জাৰি কৰা এডমিট কাৰ্ডত উল্লেখ কৰা পৰীক্ষা চহৰ আৰু পৰীক্ষা কেন্দ্ৰসমূহ এই পৰীক্ষাত বৈধ নহ’ব।

গতিকে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে পুনৰ নিজৰ পৰীক্ষা কেন্দ্ৰৰ চহৰ নিৰ্বাচন কৰিব লাগিব। অহা ৮ আগষ্টত মুকলি হ’বলগীয়া NEET PG পৰীক্ষাৰ এডমিট কাৰ্ড তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি ডাউনলোড কৰিব পাৰিব-

NBEMS- ৰ অফিচিয়েল ৱেবছাইট natboard.edu.in চাওক।

এতিয়া NEET PG 2024 admit card ৰ লিংকত ক্লিক কৰক।

ইয়াৰ  পিছতে ৰেজিষ্ট্ৰেচন নম্বৰ আদি তথ্য দাখিল কৰি লগইন কৰক।

পৰীক্ষাৰ এডমিট কাৰ্ড কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত ওলাব।

ডাউনলোড লিংকত ক্লিক কৰি এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে NEET PG পৰীক্ষাৰ বাবে পূৰ্বে ২৩ জুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও NEETৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়মৰ বাবে পৰীক্ষা স্থগিত ৰখা হৈছিল। স্বাস্থ্য মন্ত্ৰালয়ে লগতে NEET PG পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়া পৰীক্ষা কৰা হ’ব আৰু ইয়াৰ পিছতহে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অতিৰিক্ত নিৰাপত্তা ব্যৱস্থাৰ বাবে এতিয়া NEET-PG পৰীক্ষা দেশৰ ১৮৫টা কেন্দ্ৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি পৰীক্ষাৰ পুৰণি নিয়মতো কিছু পৰিৱৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Latest News