5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি ঘোষণা হ’ব NEET UG কাউঞ্চিলিং ৰাউণ্ড ১ ৰ ফলাফল, ইয়াত চাওক শীৰ্ষ ১০ MBBS কলেজৰ তালিকা

NEET UG 2024 Round 1 Seat Allotment Result: MBBA, BDS আৰু B.Sc Nursing ত নামভৰ্তিৰ বাবে আজি এনএমচিয়ে প্ৰথম ৰাউণ্ডৰ আসনৰ ফলাফল প্ৰকাশ কৰিব। NEET UG 2024 ৰেংকৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয়সমূহত স্থান দিয়া হ’ব।

আজি ঘোষণা হ’ব NEET UG কাউঞ্চিলিং ৰাউণ্ড ১ ৰ ফলাফল,  ইয়াত চাওক শীৰ্ষ ১০ MBBS কলেজৰ তালিকা
আজি ঘোষণা হ’ব NEET UG কাউঞ্চিলিং ৰাউণ্ড ১ ৰ ফলাফল
Follow Us
barasha-misra
Barasha Misra | Updated On: 23 Aug 2024 11:17 AM

আজি ২৩ আগষ্টত প্ৰকাশ পাব NEET UG 2024 Counselling Round 1 ৰ আসনৰ তালিকা। এই ফলাফল মেডিকেল কাউন্সেলিং কমিটীৰ অফিচিয়েল ৱেবছাইট mcc.nic.in ত প্ৰকাশ কৰা হ’ব, যিটো কাউন্সেলিঙৰ বাবে পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কৰিব পাৰিব। NEET UG ৰেংক আৰু কেটেগৰী অনুসৰি মেডিকেল কলেজত ছাত্ৰ-ছাত্ৰীক আসন দিয়া হ’ব।

যিসকল ছাত্ৰ-ছাত্ৰীক প্ৰথম পৰ্যায়ৰ কাউঞ্চিলিঙত চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ আৰু বিডিএছৰ আসন দিয়া হ’ব। ২৪ৰ পৰা ২৯ আগষ্টৰ ভিতৰত নিজৰ কলেজত নামভৰ্তিৰ বাবে নথি-পত্ৰ জমা দিব লাগিব। প্ৰথম পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ কাউন্সেলিঙৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব এমচিচিয়ে।

NEET UG 2024 ৰ প্ৰথম আসনৰ ফলাফল কেনেকৈ পৰীক্ষা কৰিব?

  • MCC mcc.nic.in ৰ অফিচিয়েল ৱেবছাইট চাওক।
  • ইয়াত NEET UG 2024 টেবত ক্লিক কৰক।
  • এতিয়া NEET UG 2024 Counseling Round 1 Result ৰ লিংকত ক্লিক কৰক।
  • এতিয়া সবিশেষ দি লগইন কৰক আৰু আসনৰ ফলাফল পৰীক্ষা কৰক।
  • NEET UG 2024 Seat Result: এইবোৰত শীৰ্ষ ১০ খন MBBS কলেজ

এন আই আৰ এফ ৰেংকিং ২০২৪ অনুসৰি এম বি বি এছ পাঠ্যক্ৰম অধ্যয়নৰ ক্ষেত্ৰত দিল্লী এইমছে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। দিল্লী এইমছত মুঠ এমবিবিএছৰ আসন ১৩২ খন। ৰেংকিঙত দ্বিতীয় স্থানত আছে পি জি আই চণ্ডীগড়, ইয়াত মেডিকেল ইউ জি পাঠ্যক্ৰম এম বি বি এছৰ বাবে মুঠ ৯২ খন আসন আছে। তৃতীয় স্থানত আছে ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ আৰু ইয়াত প্ৰায় ১০০ খন এমবিবিএছ আসন আছে। চতুৰ্থ স্থানত আছে নেশ্যনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছ, বেংগালুৰু।

ৰেংকিঙত জৱাহৰলাল ইনষ্টিটিউট অৱ প’ষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ, পুডুচেৰী, পঞ্চম স্থান, এছ পি জি আই লক্ষ্ণৌ, ষষ্ঠ স্থান, বি এইচ ইউ, সপ্তম স্থান, অমৃতা বিশ্ব বিদ্যাপীথাম, কইম্বাটুৰ, অষ্টম স্থান, কস্তুৰবা মেডিকেল কলেজ, মণিপাল নৱম স্থান আৰু মাদ্ৰাজ দশম স্থানত মেডিকেল আছে।

NEET UG 2024: দেশৰ কিমানখন MBBS কলেজ?

দেশৰ মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা হ’ল ৭০৪খন, য’ত চৰকাৰী আৰু বেচৰকাৰী দুয়োটা শিক্ষানুষ্ঠানকে সামৰি লোৱা হৈছে। এম বি বি এছৰ বাবে মুঠ ১০৭৯৪৮ খন আসন, য’ত NEET UG ৰেংকৰ ভিত্তিত কাউন্সেলিঙৰ জৰিয়তে নামভৰ্তি কৰা হ’ব। যিহেতু ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে অহা ৫ বছৰত আৰু ৭৫ হাজাৰ চিকিৎসা আসন বৃদ্ধি কৰা হ’ব।

Latest News