EDৰ নতুন সঞ্চালক হিচাপে নিযুক্ত কোন এই ৰাহুল নবীন? চাওক তেওঁৰ বিষয়ে.. | New Director of ED Rahul Navin know about him Assam news - Assam Tv9

EDৰ নতুন সঞ্চালক হিচাপে নিযুক্ত কোন এই ৰাহুল নবীন? চাওক তেওঁৰ বিষয়ে..

Published: 

15 Aug 2024 17:00 PM

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ EDৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়ে ৰাহুল নবীনক। বিগত বৰ্ষত কেন্দ্ৰীয় সংস্থাটোৰ সঞ্চালক হিচাপে কাৰ্যকাল সমাপ্ত হোৱা সঞ্জয় কুমাৰ মিশ্ৰৰ স্থানত তেওঁ সঞ্চালক হিচাপে নিযুক্ত লাভ কৰিছে।

EDৰ নতুন সঞ্চালক হিচাপে নিযুক্ত কোন এই ৰাহুল নবীন? চাওক তেওঁৰ বিষয়ে..

ইডিৰ নতুন সঞ্চালক ৰাহুল নবীন

Follow Us On

বিগত কেইটামান বৰ্ষ ধৰি দেশৰ ৰাজনীতিত সততে চৰ্চাত আছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ EDৰ নাম। বুধবাৰে এই কেন্দ্ৰীয় সংস্থাটোৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ৰাহুল নবীনক। বলবৎকাৰী সঞ্চালকালয়ৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে বুধবাৰে নবীনক নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে বিষয়াগৰাকীয়ে কেন্দ্ৰীয় সংস্থাটোৰ ভাৰপ্ৰাপ্ত পৰিচালক হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। এতিয়া সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা ৰাহুল নবীন কোনটো বেচৰ আই আৰ এছ বিষয়া তথা ইয়াৰ পূৰ্বে তেওঁ কোনকেইটা বিভাগত কাম কৰিছে সেই বিষয়ে চাওঁ আহক-

ইডিৰ নতুন সঞ্চালক হিচাপে ৰাহুল নবীন সঞ্জয় কুমাৰ মিশ্ৰৰ স্থানত অধিষ্ঠিত হৈছে। আগন্তুক দুবছৰৰ বাবে বা পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোহোৱালৈকে তেওঁ ইডিৰ সঞ্চালক হিচাপে দায়িত্ব নিৰ্বাহ কৰিব। ৰাহুল নবীন ১৯৯৩ চনৰ বেচৰ আই আৰ এছ বিষয়া। বিগত ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ ইডিত বিশেষ সঞ্চালক (অ’এছডি) হিচাপে যোগদান কৰিছিল।

ইয়াৰ পূৰ্বে ৰাহুল নবীনে আয়কৰ আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। তদুপৰি তেওঁ চীফ ভিজিলেন্স বিষয়াৰ পদতো দায়িত্ব পালন কৰি আহিছে। ইডিৰ বিশেষ সঞ্চালক হিচাপে দায়িত্ব পালনৰ সময়ত ৰাহুল নবীনে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰিছে। আই আৰ এছ বিষয়াগৰাকীয়ে আই আই টি কানপুৰৰ পৰা বি টেক আৰু এম টেকত অধ্যয়ন কৰিছে।

মেলবৰ্ণৰ ছুইনবাৰ্ন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে নবীনে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ইডিৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁক ইডিৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। ইডিৰ ভাৰপ্ৰাপ্ত মুৰব্বী হিচাপে ৰাহুল নবীনৰ কাৰ্যকালতে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পৃথক পৃথক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়।

বিহাৰত জন্মগ্ৰহণ কৰা নবীনে ৩০ বছৰ আয়কৰ বিভাগৰ বিষয়া হিচাপে দায়িত্ব নিৰ্বাহ কৰি আহিছে। ২০০৪-৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় কৰ শাখাত তেওঁৰ কাৰ্যকালত আয়কৰ বিভাগে ভোডাফোন গোচৰকে ধৰি কেইবাটাও বিত্তীয় লেনদেনৰ গোচৰ গ্ৰহণ কৰিছিল। সমান্তৰালকৈ তেওঁ আয়কৰ বিভাগত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কৰ আৰু ট্ৰেন্সফাৰ প্ৰাইচিং জাৰ্নেল লিখিছে।

লগতে প্ৰশিক্ষাৰ্থী আই আৰ এছ বিষয়াৰ বাবে নেশ্যনেল একাডেমী অৱ ডাইৰেক্ট টেক্সছ (এন এ ডি টি)ত অধ্যাপনা কৰিছিল ৰাহুল নবীনে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version