২.৩ লাখ লাভৰ সুবৰ্ণ সুযোগ! এই সুবিধাৰ বাবে ক’ত,কেনেকৈ আবেদন কৰিব লাগিব জানক…
NHAI job: আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। NHAI ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ অৰ্থাৎ NHAI য়ে চাকৰিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত NHAI য়ে প্ৰধান পৰামৰ্শদাতা (ৰেমছ), পৰামৰ্শদাতা (ৰেমছ) আৰু পৰামৰ্শদাতা (ৰামছ-আইটি) পদ পূৰণ কৰিব। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু শেষ তাৰিখ ৫ মাৰ্চ ২০২৫। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত NHAI ৰ অফিচিয়েল ৱেবচাইট nhai.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।
পদৰ বিৱৰণ
- প্ৰধান পৰামৰ্শদাতা (Principal Consultant (RAMS) – ১ টা পদ
- পৰামৰ্শদাতা (Consultant (RAMS) – ২ টা পদ
- পৰামৰ্শদাতা (Consultant (RAMS-IT) – ১ টা পদ
অৰ্হতা
এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা চিভিল/কম্পিউটাৰ বিজ্ঞান/আই টি ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ইয়াৰ উপৰিও স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ঘাইপথ/পদপথ/গাঁথনি/কম্পিউটাৰ বিজ্ঞান/আই টি ইঞ্জিনিয়াৰিং/মেনেজমেণ্ট/ব্যৱসায় প্ৰশাসন বা আনুষংগিক ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলেও আবেদন কৰিব পাৰিব। (অধিক জানিবৰ বাবে NHAI ৰ অফিচিয়েল ৱেবচাইট চাব পাৰে)
বয়সঃ
প্ৰধান পৰামৰ্শদাতাৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৫৫ বছৰ। ইয়াৰোপৰি বাকী পদৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৫০ বছৰ।
NHAI Recruitment 2025 For Consultant Posts Official Notification
NHAI Consultant Recruitment 2025 Apply Direct Link
কেনেকৈ কৰিব আবেদন
- প্ৰথমে আপুনি nhai ৰ অফিচিয়েল ৱেবচাইট nhai.gov.in ত যাওক।
- পাছত ABOUT NHAI ত গৈ আবেদনত ক্লিক কৰক।
- তাৰ পাছত যিটো পদৰ বাবে আবেদন কৰিব বিচাৰে আবেদন কৰক।
- পঞ্জীয়ন কৰক।
- পোৰ্টেলত লগ ইন কৰক।
- আবেদন পত্ৰ পূৰ কৰক আৰু মাচুল আদায় কৰক।
- সকলো তথ্য দি চাবমিট কৰক
দৰমহা
- প্ৰধান পৰামৰ্শদাতা (Principal Consultant (RAMS) – ২,৩০,০০০ টকা প্ৰতিমাহ
- পৰামৰ্শদাতা (Consultant (RAMS) – ১,৫০,০০০ প্ৰতিমাহ
- পৰামৰ্শদাতা (Consultant (RAMS-IT) – ১,৫০,০০০ প্ৰতিমাহ
অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণসকলৰ বাবে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…