NHM, অসমত ওলাইছে চাকৰিঃ আজিয়ে এনেকৈ কৰক আবেদন, জানক সবিশেষ…
Assam job: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম (National health mission,assam) য়ে কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তিৰ দ্বাৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(NHM)য়ে সামূহিক স্বাস্থ্য বিষয়া (চি এইচ অ’)ৰ প্ৰায় ১০০ টা পদ পূৰ কৰিব। এই নিযুক্তি চুক্তিবদ্ধ (Contractual) ভিত্তিত হ’ব। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীজনে IGNOU ৰ অধীনত কমিউনিটি হেল্থত ৬ (ছয়) মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ সৈতে GNM/ B.Sc Nursing উত্তীৰ্ণ হ’ব লাগিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু ১০ জানুৱাৰী, ২০২৫ এই প্ৰক্ৰিয়া চলিব।
পদ
সামূহিক স্বাস্থ্য বিষয়া Commynity health officer (CHO)
পদৰ সংখ্যা– ১০০ টা
- অ’বিচি আৰু এমঅ’বিচি- ২৭ টা পদ
- এছ টি পি- ১০ টা পদ
- এছ টি এইচ- ৫ টা পদ
- এছ চি – ৭ টা পদ
- ইউ আৰ- ৫১ টা পদ
অৰ্হতা
প্ৰাৰ্থীয়ে IGNOU ৰ অধীনত সামূহিক স্বাস্থ্যৰ ৬ (ছয়) মাহৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে GNM/ B.Sc Nursing উত্তীৰ্ণ হ’ব লাগিব।
বয়স– ২০২৫ চনৰ ১ জানুৱাৰীলৈ প্ৰাৰ্থীৰ বয়স ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৰেহাই পাব। এছ চি, এছ টিৰ বাবে ৫ বছৰ, অবিচি-এমঅবিচিৰ বাবে ৩ বছৰ আৰু দিব্যাংগৰ বাবে ১০ বছৰৰ ৰেহাই।
মাচুল- আবেদন কৰিবলৈ কোনো মাচুলৰ প্ৰয়োজন নাই।
আবেদন কেনেকৈ কৰিব
এই পদৰ বাবে প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰিব। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে NHM Assam ৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে।
- প্ৰথমে আপুনি ৱেবচাইট খুলি Important Web-Links ত ক্লিক কৰক।
- পাছত “Online Application Form” ত ক্লিক কৰক
- এটা নতুন পেজ খোল খাব
- যাৱতীয় তথ্যসমূহ দাখিল কৰক
- চাবমিট কৰক
অনলাইন আবেদন ফৰ্ম- ক্লিক কৰক
অফিচিয়েল ৱেবচাইত- ক্লিক কৰক
অধিক জানিবৰ বাবে- ক্লিক কৰক
প্ৰয়োজনীয় তথ্য
- বি এছ চি নাৰ্চিং/পোষ্ট বেচিক বি এছ চি নাৰ্চিঙৰ প্ৰমাণ পত্ৰ
- প্ৰভিশ্যনেল বা ফাইনেল ডিগ্ৰীৰ প্ৰমাণ পত্ৰ
- অসম নাৰ্চিং কাউন্সিলৰ পৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ।
- বয়সৰ প্ৰমাণ প্ৰমাণ পত্ৰ।
- সংৰক্ষিত শ্ৰেণীসকলৰ জাতিগত প্ৰমাণ পত্ৰ
দৰমহা
যোগ্য হিচাপে নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ২৭,৫০০ টকাকৈ দৰমহা লাভ কৰিব।
অন্য খবৰ পঢ়কঃ হিন্দী জানে নেকি? এই চাকৰিৰ বাবে কৰিব পাৰে আবেদন, দৰমহা প্ৰতিমাহে ১,৪২,৪০০টকা