NIACL ত ওলাইছে চাকৰিঃ দৰমহা-৪০,০০০, এনেকৈ কৰক আবেদন…
যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। NIACLত ওলাইছে চৰকাৰী চাকৰি। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। প্ৰাৰ্থী স্নাতক উত্তীৰ্ণ হ'ব লাগিব।
আপুনিও চাকৰি বিচাৰি হাবাথুৰি খাইছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো নতুন বছৰে আপোনাৰ বাবে লৈ আনিব ভাল খবৰ , পুনৰ ওলাইছে কেইবাটা বিভাগত চৰকাৰী চাকৰি। স্নাতকত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰি বিচাৰি থকাসকলেও কৰিব পাৰি পাৰিব আবেদন। নিউ ইণ্ডিয়া এশ্বুৰেন্স কোম্পানী লিমিটেডে (NIACL) সহকাৰী পদত নিযুক্তিৰ বাবে আবেদনৰ আহ্বান কৰিছে। ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। আবেদনৰ শেষ সময় ২০২৫ চনৰ ১ জানুৱাৰী। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট newindia.co.in ত গৈ আবেদন কৰিব পাৰিব।
মুঠ ৫০০ পদৰ নিযুক্তিৰ বাবে কোম্পানীটোৱে আবেদনৰ আহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাৰ্থীসকলে কেৱল অনলাইনযোগে আবেদন কৰিব পাৰিব। অফলাইনত কোনো ধৰণৰ আবেদন গ্ৰহণ কৰা নহয়। এই পদৰ বাবে সবিশেষ তথ্য উল্লেখ কৰা হ’ল।
যোগ্য়তা
সহকাৰী পদ (NIACL Assistant)ৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতক হ’ব লাগিব। স্নাতকৰ শাখা যিকোনো হ’লেই হ’ব। ইয়াৰোপৰি প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে বয়স ৫ বছৰ ৰেহাই দিয়াৰ লগত অ’ বি চিসকলৰ বাবে ৩ বছৰৰ ৰেহাই দিয়া হৈছে। অধিক তথ্য জানিবৰ বাবে প্ৰাৰ্থীয়ে NIACL ৰ ৱেবচাইট চাব পাৰে।
মাচুল
এই পদৰ প্ৰাৰ্থীৰ বাবে মাচুলো নিৰ্ধাৰণ কৰি দিছে বিভাগীয় কৰ্তৃপক্ষই। সাধাৰণ শ্ৰেণী আৰু অবিচিৰ আবেদনকাৰীসকলে ৮৫০ টকা মাচুল আদায় দিব লাগিব। লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, দিব্যাংগসকলে আবেদন মাচুল ১০০ টকা দিব লাগিব।
কেনেকৈ কৰিব আবেদন
- NIACL newindia.co.in ৰ অফিচিয়েল ৱেবছাইট যাওক।
- হোম পেজৰ তলত দিয়া Recruitment টেবত ক্লিক কৰক।
- Assistant Recruitment ৰ লিংকত ক্লিক কৰক।
- আবেদন কৰিবলৈ লিংকটোত ক্লিক কৰক।
- বিচৰা সকলো তথ্যৰ সৈতে পঞ্জীয়ন কৰি ফৰ্ম পূৰণ কৰক।
- আবেদন মাচুল দিয়ক।
- আবেদন পত্ৰ এবাৰ পৰীক্ষা কৰি চাবমিট কৰি দিয়ক।
NIACL Assistant Recruitment 2024 Notification
NIACL Assistant Recruitment 2024 Apply link
কেনেকৈ হ’ব নিৰ্বাচন
সহায়ক পদৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা আৰু মূল পৰীক্ষা অনুষ্ঠিত হ’ব। ২০২৫ চনৰ ২৭ জানুৱাৰীত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে ২ মাৰ্চত মূল পৰীক্ষা অনুষ্ঠিত হ’ব। প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ সকলেহে মূল পৰীক্ষা দিব পাৰিব। পৰীক্ষাৰ ৭ দিন পূৰ্বে প্ৰাৰ্থীয়ে এডমিট কাৰ্ড লাভ কৰিব। উল্লেখ্য যে, নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতি মাহে প্ৰায় ৪০,০০০ পৰ্যন্ত দৰমহা লাভ কৰিব। লগতে থাকিব অন্যান্য সুবিধা।