ভাৰতত স্নাতক উত্তীৰ্ণসকলে কিয় লাভ নকৰে চাকৰি? নিটি আয়োগৰ তথ্যত প্ৰকাশ সকলো…

ইংৰাজী হৈ পৰিছে বহু যুৱক-যুৱতীৰ কেৰিয়াৰৰ বাধা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্যত প্ৰমাণ হৈছে এক কথা। তথ্য অনুসৰি ইংৰাজী ভাষাত দক্ষ নোহোৱাৰ বাবে বহু যুৱক-যুৱতীয়ে চাকৰি লাভ নকৰে।

ভাৰতত স্নাতক উত্তীৰ্ণসকলে কিয় লাভ নকৰে চাকৰি? নিটি আয়োগৰ তথ্যত প্ৰকাশ সকলো...

নিটি আয়োগৰ তথ্য

Updated On: 

13 Feb 2025 10:18 AM

ইংৰাজী ভাষা হৈ পৰিছে নেকি কেৰিয়াৰত বাধা? শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্যই এই কথাকে প্ৰমাণ কৰিছে।  বিভিন্ন দেশত যোগাযোগ স্থাপনত মূল ভাষা হিচাপে ইংৰাজীক গণ্য় কৰা হয়, যাৰ বাবে হয়তো এই ভাষাটোত বিশ্বব্যাপী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে। এনেবোৰ কাৰণতে ভাৰততো বহুলোক ইংৰাজী ভাষাৰ প্ৰতি অধিক আকৰ্ষিত হৈছে। গাঁৱৰ পৰা চহৰলৈ, বিভিন্ন প্ৰান্তৰ শিশুসকলক পিতৃ-মাতৃয়ে ব্যক্তিগত খণ্ডৰ স্কুলত নামভৰ্তি কৰাই দিব বিচাৰে। কিয়নো ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানত ইংৰাজীক অধিক গুৰুত্ব দিয়া হয়।

দেশত এনে বহুলোক আছে যিয়ে ভাৱে যে তেওঁলোকৰ দুৰ্বল ইংৰাজীৰ বাবে চাকৰি লাভ কৰা নাই। ইয়াৰ মাজতে নিটি আয়োগে এক প্ৰতিবেদন দাখিল কৰিছে য’ত উল্লেখ কৰিছে যে স্নাতক উত্তীৰ্ণ একাংশৰ ইংৰাজী দুৰ্বল হোৱাৰ বাবে চাকৰি লাভ নকৰে।

নিটি আয়োগৰ তথ্য অনুসৰি, ৰাজ্যৰ চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক লাভ কৰা যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ সংখ্য়া বৃদ্ধি পোৱাৰ মুখ্য কাৰণ হ’ল ‘অপৰ্যাপ্ত’ ইংৰাজী ভাষাৰ দক্ষতা। এই ক্ষেত্ৰত নিটি আয়োগে এই প্ৰতিষ্ঠানসমূহক ইংৰাজী আৰু বিদেশী ভাষাৰ দক্ষতাৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাষা সংস্থাসমূহৰ সৈতে সহযোগিতা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, নিটি আয়োগে এই প্ৰতিবেদন ১০ ডিচেম্বৰত প্ৰকাশ কৰিছিল, যাৰ শিৰোনাম আছিল ‘ৰাজ্য আৰু ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ জৰিয়তে গুণগত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ’।

আয়োগে এই প্ৰতিবেদন বিশ্ববিদ্যালয়সমূহক বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। আয়োগে কয় যে, দেশত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিশ্ববিদ্যালয়ত অধ্যয়নৰত। গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে তেওঁলোকৰ ইংৰাজীত গুৰুত্ব দিয়া আৱশ্যক।

ইয়াৰোপৰি নিটি আয়োগে প্ৰতিবেদনত ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে। নিটি আয়োগে কৈছে যে, বিভিন্ন ৰাজ্যত থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত বাহিৰৰ পৰা মানুহ কাম কৰিবলৈ আহে। ইয়াৰ প্ৰকৃত কাৰণ হ’ল স্থানীয় যুৱক-যুৱতীসকলৰ মাজত অপৰ্যাপ্ত ইংৰাজীৰ জ্ঞান। নিটি আয়োগে এয়াও উল্লেখ কৰে যে, দক্ষতা থকাৰ পাছতো স্থানীয় যুৱক-যুৱতীসকল কেৱল ইংৰাজী ভাষাৰ বাবে চাকৰি লাভৰ পৰা বঞ্চিত হয়।

নিটি আয়োগে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আৰু নিযুক্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক্ষেপ লোৱা দৰকাৰ। এই সমস্যাৰ সমাধানৰ বাবে নিটি আয়োগে আন্তঃৰাষ্ট্ৰীয় ভাষা সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী আৰু অন্যান্য বিদেশী ভাষা দক্ষতা কাৰ্যসূচী ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছে।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?