NEET-UGৰ সংশোধিত ফলাফল ঘোষণা NTAৰঃ এইদৰে কৰক পৰীক্ষা | NTA declared NEET-UG 2024 revised result here how to check Assam news - Assam Tv9

NEET-UGৰ সংশোধিত ফলাফল ঘোষণা NTAৰঃ এইদৰে কৰক পৰীক্ষা

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আজি NTAই NEET UG পৰীক্ষাৰ সংশোধিত ফলাফল ঘোষণা কৰিছে। যোৱা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি NEET UG পৰীক্ষাৰ পুনৰ অনুষ্ঠিত কৰা নহ'ব বুলি ৰায় দিছিল আৰু লগতে আদালতে NTAক নতুনকৈ ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল।

NEET-UGৰ সংশোধিত ফলাফল ঘোষণা NTAৰঃ এইদৰে কৰক পৰীক্ষা

NEET-UG পৰীক্ষাৰ সংশোধিত ফলাফল ঘোষণা

Published: 

25 Jul 2024 18:11 PM

অৱশেষত ঘোষণা কৰা হ’ল NEET UG পৰীক্ষাৰ সংশোধিত ফলাফল। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই প্ৰকাশ কৰা সংশোধিত ফলাফলত পৰীক্ষাত ৰিগিঙৰ অভিযোগ উত্থাপন হোৱা পৰীক্ষাৰ্থীসকলৰ নাম কৰ্তন কৰা হৈছে। এইদৰে নাম কৰ্তন হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ১৫৫ জন বুলি সদৰী কৰা হৈছে। অৱশ্যে এইপৰ্যন্ত মেৰিট লিষ্ট প্ৰকাশ কৰা হোৱা নাই। কিছুসময়ৰ পিছতে NTAই এই তালিকাও প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আজি NTAই NEET UG পৰীক্ষাৰ সংশোধিত ফলাফল ঘোষণা কৰিছে। যোৱা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি NEET UG পৰীক্ষাৰ পুনৰ অনুষ্ঠিত কৰা নহ’ব বুলি ৰায় দিছিল আৰু লগতে আদালতে NTAক নতুনকৈ ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পিছতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংশোধিত ফলাফল দুদিনৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিছিল। শিক্ষা মন্ত্ৰীগৰাকীৰ এই ঘোষণা অনুসৰিয়েই আজি NTAই সংশোধিত ফলাফল ঘোষণা কৰে। তলত দিয়া পদ্ধতি অনুসৰণ কৰি NEET UG পৰীক্ষাৰ সংশোধিত ফলাফল পৰীক্ষা কৰিব পাৰিব-

NEET UG ৰ অফিচিয়েল ৱেবছাইট exam.nta.ac.in/NEET/ চাওক।

ইয়াত NEET UG Revised Scorecard ৰ লিংকত ক্লিক কৰক।

এতিয়া আবেদন নম্বৰ, জন্ম তাৰিখ আদি পূৰ কৰক।

ইয়াৰ পিছতে স্ক্ৰীণত স্ক’ৰকাৰ্ড ওলাব।

লক্ষণীয়ভাৱে আজি চতুৰ্থবাৰৰ বাবে ঘোষণা কৰা হয় NEET UG পৰীক্ষাৰ ফলাফল। ইয়াৰ পূৰ্বে ৪ জুনত ফলাফল ঘোষণা কৰা হৈছিল। কিন্তু এই ফলাফলক কেন্দ্ৰ কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ২৩ জুনত পুনৰ ১৫৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰি ৩০ জুনত ফলাফল ঘোষণা কৰা হয়।

ইয়াৰ পিছতে পুনৰ ২০ জুলাইত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে NTAই ৰাষ্ট্ৰীয় পৰীক্ষা কেন্দ্ৰসমূহৰ নগৰ আৰু কেন্দ্ৰ ভিত্তিক ফলাফল ঘোষণা কৰিছিল। উল্লেখ্য যে ৪ জুনত প্ৰকাশ পোৱা ফলাফলত মুঠ ৬৭ গৰাকী টপাৰৰ নাম ঘোষণা কৰা হয়। এইসকল ছাত্ৰ-ছাত্ৰীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰিছিল। এতিয়া প্ৰকাশ পোৱা ফলাফলত নতুন মেৰিট লিষ্ট অৱশ্যেই সলনি হ’ব।

নেচনেল টেষ্টিং এজেন্সীয়ে অতি সোনকালে নিজৰ অফিচিয়েল ৱেবছাইটত NEET UG প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইফালে NEET UG ফলাফল ঘোষণাৰ পিছত অহা শেষ সপ্তাহৰ পৰাই নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। NEET UG পৰীক্ষাত পোৱা নম্বৰ অনুসৰি নামভৰ্তিৰ বাবে আসন আবণ্টন দিয়া হ’ব। ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদৰ উদ্যোগত কাউন্সেলিঙৰ আয়োজন কৰা হ’ব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?