NEET UG পৰীক্ষাৰ তাৰিখ ঘোষণাঃ আৰম্ভ হৈছে পঞ্জীয়ন, চাওক সবিশেষ
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই ঘোষণা কৰিছে NEET UG-2025 পৰীক্ষাৰ তাৰিখ। লগতে পৰীক্ষা সংস্থাটোৱে এই পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াও মুকলি কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অনলাইন মোডত neet.nta.nic.in ৱেবছাইটত পৰীক্ষাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই ঘোষণা কৰিছে NEET UG-2025 পৰীক্ষাৰ তাৰিখ। লগতে পৰীক্ষা সংস্থাটোৱে এই পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াও মুকলি কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অনলাইন মোডত neet.nta.nic.in ৱেবছাইটত পৰীক্ষাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। উল্লেখ্য যে এই পৰীক্ষা অহা ৪ মে’ত অনুষ্ঠিত হ’ব। ৭ ফেব্ৰুৱাৰী অৰ্থাৎ কালিৰ পৰা NEET UG-2025 পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ইচ্ছুক প্ৰাৰ্থীসকলে ৭ মাৰ্চলৈ এই পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰিব-
প্ৰথমে NEET ৰ অফিচিয়েল ৱেবছাইট, neet.nta.nic.in লৈ যাওক।
এতিয়া NEET UG 2025 Registration লিংকত ক্লিক কৰক।
নতুন পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় তথ্য পূৰণ কৰাৰ পিছত চাবমিট কৰক।
প্ৰয়োজনীয় নথিপত্ৰসমূহ আপল’ড কৰক।
আবেদন মাচুল পৰিশোধ কৰাৰ পিছত এতিয়া আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
উল্লেখ্য যে এই পৰীক্ষাৰ বাবে জেনেৰেল শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১৭০০ টকা, EWS আৰু OBC প্ৰাৰ্থীয়ে ১৬০০ টকা, অনুসূচিত জাতি/অনুসূচিত জনজাতি/PwBD/তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে ১০০০ টকা, দেশৰ বাহিৰৰ কেন্দ্ৰৰ বাবে ৯৫০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। প্ৰাৰ্থীসকলৰ বয়স নূন্যতম ১৭ বছৰ হ’ব লাগিব। লগতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান/জৈৱ প্ৰযুক্তি আৰু ইংৰাজী বিষয়সহ দ্বাদশ শ্ৰেণী বা ইয়াৰ সম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
এই NEET UG পৰীক্ষা ৮ মে’ত দুপৰীয়া ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব। পৰীক্ষাত ১৮০টা বহু বিকল্পী প্ৰশ্ন থাকিব। ইয়াত পদাৰ্থ বিজ্ঞানৰ ৪৫টা, ৰসায়ন বিজ্ঞানৰ ৪৫টা আৰু জীৱবিজ্ঞান (বটানি আৰু প্ৰাণীবিজ্ঞান)ৰ ৯০টা প্ৰশ্ন থাকিব। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে ৪ নম্বৰ লাভ কৰিব। আনহাতে ভুল উত্তৰৰ বাবে ১ নম্বৰ কৰ্তন কৰা হ’ব। অধিক বিৱৰণৰ বাবে আপুনি অফিচিয়েল ৱেবছাইট neet.nta.nic.in চাব পাৰে।
পৰীক্ষাৰ বাবে পঞ্জীয়নৰ সময়ত প্ৰাৰ্থীসকলে শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ, স্বাক্ষৰ, বাওঁ আৰু সোঁ হাতৰ আঙুলিৰ ছাপ আৰু বুঢ়া আঙুলিৰ ছাপ, নাগৰিকত্ব প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়), জাতিৰ প্ৰমাণপত্ৰ, দশম শ্ৰেণীৰ মাৰ্কশ্বীট আৰু আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। এই নথিপত্ৰসমূহৰ অবিহনে কোনো শিক্ষাৰ্থীয়ে NEET UG 2025 পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব।